Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 36 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ (আবু দাঊদ, আহমদ)
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
হাছান লিগাইৰিহি। (তিৰমিজী, আহমদ)
"যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব, তাৰ কোনো পাপকৰ্মই তাক কোনো ক্ষতি কৰিব নোৱাৰিব। আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব, সেই ব্যক্তিৰ কোনো নেক আমলেই তাৰ কোনো উপকাৰ নকৰিব।"
ছহীহ (আহমদ)
"(পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। (পশু-পক্ষীক) অশুভ বুলি বিশ্বাস কৰা শ্বিৰ্ক। তিনিবাৰ কৈছে।" সাধাৰণতে আমাৰ মাজৰ প্ৰত্যেকৰে অন্তৰত অশুভ লক্ষণৰ ধাৰণা আহে, কিন্তু আল্লাহে তেওঁৰ ওপৰত কৰা ভৰসাৰ দ্বাৰা ইয়াক দূৰ কৰি দিয়ে।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"সৰ্বশক্তিমান আল্লাহৰ জিকৰৰ দ্বাৰা তোমাৰ জিভা সদায় সিক্ত ৰাখিবা।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। আনহাতে গুৰুত্বপূৰ্ণ আৱশ্যক বিষয় দুটা হৈছে, এনেকুৱা ব্যক্তি যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিছে সি জাহান্নামত প্ৰৱেশ কৰিব। আনহাতে কৰ্ম অনুপাতে ছোৱাব লাভ কৰাৰ বিষয়টো হৈছে, যেতিয়া কোনো ব্যক্তিয়ে নেক কাম কৰিবলৈ ইচ্ছা কৰে আনকি সংকল্প কৰে, তেতিয়া আল্লাহে বিষয়টো গমি চাই ইয়াৰ বিনিময়ত এটা ছোৱাব প্ৰদান কৰে, এইদৰে যিয়ে গুনাহ কৰে তাৰ আমলনামাতো এটা গুনাহ লিখা হয়, পক্ষান্তৰে যিয়ে কোনো এটা নেক আমল কৰে, তাৰ বিনিময়ত সেই ব্যক্তিক দহগুণ ছোৱাব প্ৰদান কৰা হয়। এইদৰে আল্লাহৰ পথত যিয়ে চাদাক্বাহ কৰে, সেই নেক আমলক সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়।আনহাতে পাৰ্থিৱ জীৱনত প্ৰশস্তময় জীৱন-যাপন কৰা ব্যক্তিয়ে আখিৰাতত সংকটময় জীৱন-যাপন কৰিব, পক্ষান্তৰে পাৰ্থিৱ জীৱনত সংকটময় জীৱন-যাপন কৰাজনে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব। এইদৰে আন কিছুমান লোক আছে যিসকলে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সংকটময় জীৱন পাৰ কৰিব আৰু কিছুমানে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে প্ৰশস্ত জীৱন লাভ কৰিব।
হাছান (আহমদ)