Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 24 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।"
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
“দু’আই হৈছে ইবাদত।” ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলে: {وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ} [غافر: 60]». “আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।” [ছুৰা গাফিৰ, আয়াত: ৬০]
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।"
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত এতিকাফ কৰাৰ সময়ত চাহাবাসকলৰ উচ্চস্বৰে তিলাৱত কৰা শুনি পৰ্দা গুচাই ক'লেঃ "শুনা! তোমালোকে প্ৰত্যেকেই নিজ প্ৰতিপালকৰ ওচৰত মুনাজাত কৰি আছা, গতিকে তোমালোকে ইজনে সিজনক অসুবিধা (কষ্ট) নিদিবা। পৰস্পৰে পস্পৰৰ ওপৰত উচ্চস্বৰে তিলাৱত নকৰিবা", অথবা তেখেতে কৈছিলঃ "নামাজত উচ্চস্বৰে পাঠ নকৰিবা।"
ছহীহ (আবু দাঊদ)
মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লোঁ যে, আপোনাৰ বাবে চাফিয়্যাৰ এই এই বৈশিষ্ট্যই যথেষ্ট। বৰ্ণনাকাৰীসকলৰ মাজৰ এজনে কৈছেঃ ইয়াৰ দ্বাৰা তেওঁ বুজাইছে যে, চাফিয়্যা আছিল চাপৰ। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ মই কেৱল এজন লোকে কৰা পৰিহাসমূলক ভংগীহে উপস্থাপন কৰিছোঁ। তেখেতে ক'লেঃ "মোক কোনোবাই ইমান ইমান ধন-সম্পদ দিলেও মই কাৰো বিষয়ে এনেকুৱা উপহাসমূলক ভংগী দাঙি নধৰোঁ।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"আল্লাহৰ বান্দীহঁতক (স্ত্ৰীহঁতক) প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ ক’লে, স্ত্ৰীসকলে স্বামীৰ অবাধ্য হৈ পৰিছে। তেতিয়া তেখেতে স্ত্ৰীক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে। তাৰ পিছত বহুতো মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালৰ ওচৰলৈ নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিবলৈ ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, "মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।"
ছহীহ আবু দাউদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
"যিয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে, সি আল্লাহৰো কৃতজ্ঞতা প্ৰকাশ নকৰে।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)