Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
ছহীহ (বুখাৰী)
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া টোপনিৰ পৰা উঠে, তেতিয়া তেওঁ যেন তিনিবাৰ নিজৰ নাকত পানী সোমোৱাই দি নাক পৰিষ্কাৰ কৰে। কাৰণ চয়তানে তাৰ নাকৰ ভিতৰত ৰাতি অতিবাহিত কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মক্কাৰ পৰা মদীনালৈ উভতি অহাৰ পথত এটি পানী থকা কুঁৱাৰ ওচৰত আহি উপস্থিত হ'লোঁ। আমাৰ মাজৰ কিছুমানে আচৰৰ সময়ত সোনকালে অজু কৰিবলৈ গ'ল আৰু খৰখেদাকৈ অজু কৰিলে, ঠিক সেই সময়তে আমিও সিহঁতৰ ওচৰত গৈ উপস্থিত হ'লোঁ। তাত গৈ দেখিলোঁ, খৰখেদাকৈ অজু কৰাৰ কাৰণে সিহঁতৰ কিছুমানৰ ভৰিৰ গোৰোহা জিকাই নাছিল। এই দেখি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সৰ্বনাশ! তোমালোকে পৰিপূৰ্ণৰূপে অজু কৰা, ভৰিৰ গোৰোহা (নিজিকা)ৰ কাৰণেও জাহান্নামৰ শাস্তি আছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উছমানৰ সঙ্গী হুমৰানৰ পৰা বৰ্ণিত। তেওঁ ‘উছমান ইবনে আফফান ৰাদ্বিয়াল্লাহু ‘আনহুক দেখিছে যে, তেওঁ পানী আনিবলৈ আদেশ দিলে আৰু সেই পানী তেওঁ দুয়ো হাতৰ তালুত তিনিবাৰ ঢালি দুয়ো হাত ধুই ল’লে। ইয়াৰ পিছত তেওঁ সোঁহাত পাত্রৰ ভিতৰত সোমাই দিলে। ইয়াৰ পিছত কুলি কৰিলে আৰু নাকত পানী দি নাক পৰিস্কাৰ কৰিলে। ইয়াৰ পিছত তেওঁ তিনিবাৰ মুখমণ্ডল ধুলে আৰু দুয়োহাত কিলাকুটিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত মূৰ মছেহ কৰিলে। তাৰ পিছত দুই ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত তেওঁ ক’লেঃ মই আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মোৰ এই উযুৰ দৰে উযু কৰা দেখিছোঁ। আৰু ক’লেঃ “যি ব্যক্তিয়ে মোৰ এই উযুৰ দৰে উযু কৰিব, আৰু তাৰ পিছত দুই ৰাক‘আত চালাত আদায় কৰিব, য’ত তেওঁ পৃথিৱীৰ প্ৰতি কোনো ধৰণৰ মনোযোগ নিদিব, তাৰ পূর্বৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।"
ছহীহ (বুখাৰী)
মই আমৰ ইবনু আবি হাছানৰ ওচৰত আছিলোঁ, তেওঁ আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অজু সম্পৰ্কে প্ৰশ্ন কৰিলে, ফলত তেওঁ এটা পাত্ৰত পানী আনিবলৈ দিলে, আৰু তেওঁলোকৰ সন্মুখত সেই পানীৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে অজু কৰি দেখুৱালে। তেওঁ সেই পাত্ৰৰ পৰা পানী ঢালি লৈ দুয়ো হাতৰ সৰু গাঁঠিলৈকে তিনিবাৰ ধুলে। ইয়াৰ পিছত পাত্ৰৰ ভিতৰত হাত সোমোৱাই দি তিনিবাৰ তিনি চলু পানী লৈ কুলি কৰিলে আৰু নাকত পানী দি নাক চাফ কৰিলে। ইয়াৰ পিছত তিনিবাৰ পাত্ৰত হাত সোমোৱাই দি পানী লৈ মুখমণ্ডল ধুলে। ইয়াৰ পিছত পানী লৈ দুবাৰকৈ হাতৰ কিলাকুটিলৈকে ধুলে। ইয়াৰ পিছত পানী লৈ মূৰ মছেহ কৰিলে, দুয়ো হাতেৰে সন্মুখৰ পৰা পিছফাললৈকে আৰু পিছফালৰ পৰা সন্মুখলৈকে এবাৰ মছেহ কৰিলে। ইয়াৰ পিছত দুয়ো ভৰি সৰু গাঁঠিলৈকে ধুলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})