Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) এবাৰ এবাৰকৈ ধুইছিল।
ছহীহ (বুখাৰী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা পানীৰ দ্বাৰা ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে অজু সম্পন্ন কৰিছিল।
ছহীহ (মুছলিম)
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা'ৰ পৰা পাঁচ মুদ পৰ্যন্ত পানীৰে গোছল কৰিছিল আৰু তেখেতে অজু কৰিছিল এক মুদ পানীৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজু কৰাৰ সময়ত (অজুৰ অংগবোৰ) দুবাৰ দুবাৰকৈ ধুইছিল।"
ছহীহ (বুখাৰী)
মই বনী মুন্তাফিকৰ প্ৰতিনিধি দলৰ নেতা হৈ অথবা তেওঁ কৈছিল সেই প্ৰতিনিধি দলৰ সদস্য হৈ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈছিলোঁ। যেতিয়া আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওঅছাল্লামৰ ঘৰত আহি উপস্থিত হ'লোঁ, তাত আমি তেখেতক লগ নাপালোঁ, কিন্তু তাত উম্মুল মু'মিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক লগ পালোঁ। তেওঁ আমাৰ বাবে খাঝিৰাহ (এক প্ৰকাৰ খাদ্য) তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে। ফলত আমাৰ বাবে খাদ্য প্ৰস্তুত কৰা হ'ল আৰু আমাৰ সন্মুখত ক্বিনা (খেজুৰ ভৰ্তি এটা পাত্ৰ) পৰিৱেশন কৰা হ'ল। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি উপস্থিত হ'ল আৰু তেখেতে সুধিলে, "তোমালোকক কিবা খাবলৈ দিয়া হৈছিলনে?" অথবা তেখেতে কৈছিলঃ তোমালোকৰ আপ্যায়নৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিলনে? আমি ক'লোঁ, "হয়, হে আল্লাহৰ ৰাছুল।" বৰ্ণনাকাৰীয়ে কৈছেঃ আমি তেখেতৰ সৈতে বহি আছিলোঁ, এনেতে এজন ৰাখোৱালে ভেৰা ছাগলী লৈ গোহালীত আহি উপস্থিত হ'ল। সেইবোৰৰ লগত এটা পোৱালিও আছিল যিটো চিঞৰি আছিল। ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে সুধিলে, "হে অমুক! কি পোৱালি হৈছে?" ৰখীয়াই ক'লে, "মাইকী পোৱালী।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তেন্তে আমাৰ বাবে ইয়াৰ পৰিবৰ্তে বেলেগ এটা ছাগলী জবেহ কৰা।" ইয়াৰ পিছত তেখেতে ক'লে, "এইটো নাভাবিবা যে, এইটো তোমাৰ বাবে জবেহ কৰা হৈছে। বৰং আমাৰ এশটা ভেৰা ছাগলী আছে, আমি ইয়াৰ সংখ্যা অধিক বৃদ্ধি কৰিব বিচৰা নাই। সেয়ে যেতিয়াই কোনো এটা পোৱালী জন্ম হয়, তেতিয়াই আমি সেইটোৰ বিপৰীতে এটা ছাগলী জবেহ কৰোঁ।" বৰ্ণনাকাৰীয়ে কৈছে, মই ক'লোঁ, "হে আল্লাহৰ ৰাছুল! মোৰ এগৰাকী পত্নী আছে, তাই কেতিয়াবা অশ্লীল ভাষা কয়।" তেখেতে ক'লে, "তেন্তে তাইক তালাক দি দিয়া।" মই ক'লোঁ, "তাইৰ সৈতে মোৰ বহু বছৰৰ সংসাৰ আৰু তাইৰ পৰা মোৰ সন্তানো আছে।" তেতিয়া তেখেতে ক'লে, "তেন্তে তাইক উপদেশ দিয়া। যদি তাইৰ মাজত কোনো ভাল গুণ থাকে, তেন্তে তাই সংশোধন হৈ যাব, আৰু শুনা! স্ত্ৰীক কেতিয়াও দাসীৰ দৰে প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত মই সুধিলোঁ, "হে আল্লাহৰ ৰাছুল! মোক অজুৰ বিষয়ে কওক।" তেখেতে ক'লে, "পৰিপূৰ্ণৰূপে অজু কৰিবা, আঙুলি ফাকে ফাকে খিলাল কৰিবা, আৰু যদি তুমি ৰোজা অৱস্থাত নাথাকা তেন্তে নাকৰ ভিতৰত পানী টানিলৈ ভালদৰে নাক পৰিষ্কাৰ কৰিবা।
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
"যিজন মুছলিমে সুন্দৰকৈ অজু কৰি, মনে প্ৰাণে আন্তৰিকতাৰে থিয় হৈ দুই ৰাকাত নামাজ পঢ়ে, তাৰ বাবে জান্নাত ওৱাজিব হৈ যায়।" তেওঁ কৈছে যে, মই ক'লোঁঃ কিমান সুন্দৰ কথা। এই কথা শুনি সন্মুখৰ এজন ব্যক্তিয়ে ক'লেঃ ইয়াৰ আগৰ কথাখিনি আৰু অধিক উত্তম আছিল। মই ভালকৈ চোৱাত দেখিলোঁ তেওঁ আছিল ওমৰ ৰাদ্বিয়াল্লাহু আনহু। তেওঁ ক'লেঃ মই দেখিছোঁ তুমি এইমাত্ৰহে আহিলা। ইয়াৰ পূৰ্বে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে সুন্দৰকৈ ঘঁহি ঘঁহি পৰিপূৰ্ণৰূপে অজু কৰিব, আৰু তাৰ পিছত ক'বঃ أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا عَبْدُ اللهِ وَرَسُولُهُ (অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল।) তাৰ বাবে জান্নাতৰ আঠটা দুৱাৰে খোলা হ'ব, যিটোৰে ইচ্ছা সেইটোৰে প্ৰৱেশ কৰিব পাৰিব।"
ছহীহ (মুছলিম)