عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
শ্ৰেণীসমূহ
শ্ৰেণীসমূহ (14)
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বাকী উৎসসমূহ দেখুৱাওক
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (79)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক তিনিটা সময়ত নামাজ পঢ়িবলৈ আৰু মুৰ্দা দাফন কৰিবলৈ নিষেধ কৰিছে। সূৰ্য্য উদয় হোৱাৰ সময়ত, যেতিয়ালৈকে সূৰ্য্য ওপৰলৈ নুঠে। এইদৰে দুপৰীয়া যেতিয়া সূৰ্য্য মূৰৰ ওপৰত থাকে, যেতিয়ালৈকে সূৰ্য্য ঢাল নাখায়। এইদৰে যেতিয়া সূৰ্য্য ডুবিবলৈ ঢাল খায়, যেতিয়ালৈকে পৰিপূৰ্ণৰূপে ডুবি নাযায়।
ছহীহ (মুছলিম)
"তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু মুছা ৰাদ্বিয়াল্লাহু আনহু কঠিন বেমাৰত আক্ৰান্ত হ'ল, আনকি তেওঁ অচেতন হৈ পৰিল। সেই সময়ত তেওঁৰ মূৰ আছিল তেওঁৰ কোনো এজনী স্ত্ৰীৰ কোলাত। তেওঁ তাইক কোনো প্ৰতিক্ৰিয়া দিব পৰা নাছিল। তত ঘূৰাই পোৱাৰ পিছত তেখেতে ক'লেঃ সেইসকল লোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, যিসকলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সম্পৰ্ক ছিন্ন কৰিছে। নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা কৰিছে, যিসকলে চিঞৰি চিঞৰি কান্দা কটা কৰে, যিসকলে মূৰ খুৰায়, লগতে যিসকলে কাপোৰ কানি ফালি পেলায়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক সেইদৰেই তাশ্বাহহুদ শিকাইছে, যিদৰে তেখেতে মোক কোৰআনৰ ছুৰা শিকাইছিল। সেই সময়ত মোৰ হাত তেখেতৰ দুয়ো হাতৰ মাজত আছিল। (তাশ্বাহহুদৰ শব্দবোৰ হৈছেঃ)
«التَّحِيَّاتُ لِلَّهِ، وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللَّهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللَّهِ الصَّالِحِينَ، أَشْهَدُ أَنْ لاَ إِلَهَ إِلَّا اللَّهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ»
("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" বুখাৰী আৰু মুছলিমৰ আন এটা বৰ্ণনাত আছে যে, "নিশ্চয় আল্লাহেই হৈছে শান্তিৰ উৎস। সেয়ে যেতিয়া তোমালোকে তাশ্বাহহুদত বহিবা তেতিয়া এই দুআ পাঠ কৰিবাঃ
التَّحِيَّاتُ لِلَّهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ السَّلَامُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلَامُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِينَ،
("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন,) যেতিয়া এই বাক্য ক'ব তেতিয়া ইয়াৰ ভিতৰত আকাশ আৰু পৃথিৱীৰ সকলো নেক বান্দাকেই অন্তৰ্ভুক্ত কৰা হ'ব। (ইয়াৰ পিছত ক'ব) أَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُولُهُ আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ। ইয়াৰ পিছত তেওঁ নিজৰ ইচ্ছা মতে যি ইচ্ছা সেইটোৱে দুআ কৰিব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
ছহীহ (মুছলিম)
"তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। যেনে- মানুহৰ ওপৰত শাসন চলোৱা শাসক হৈছে এজন দায়িত্বশীল ব্যক্তি, তাক তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ প্ৰতি দায়িত্বশীল, তাক নিজৰ পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে নাৰী হৈছে স্বামীৰ ঘৰৰ আৰু তাৰ সন্তানসকলৰ প্ৰতি দায়িত্বশীল, তাইক সেই সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে দাস হৈছে তাৰ মালিকৰ সম্পদ ৰক্ষাৰ দায়িত্বত নিয়োজিত, তাক সেই দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। জানি থোৱা! তোমালোক প্ৰত্যেকেই দায়িত্বশীল, গতিকে তোমালোকৰ প্ৰত্যেককে নিজ নিজ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"দীনাৰ যিটো তুমি আল্লাহৰ পথত ব্যয় কৰিছা, দীনাৰ যিটো তুমি দাস মুক্ত কৰিবলৈ ব্যয় কৰিছা, আৰু সেই দীনাৰ যিটো তুমি ফকীৰ মিছকিনক দান কৰিছা, লগতে সেই দীনাৰ যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা, এইবোৰৰ মাজত আটাইতকৈ বেছি ছোৱাব হৈছে সেইটোত, যিটো তুমি তোমাৰ পৰিয়ালৰ ওপৰত ব্যয় কৰিছা।"
ছহীহ (মুছলিম)
"তোমালোকৰ মাজৰ কাৰোবাৰ যদি নামাজত সন্দেহ হয়, তেওঁ যদি থিৰাং কৰিব নোৱাৰে যে, কিমান ৰাকাত পঢ়িছে তিনি ৰাকাত নে চাৰি ৰাকাত? তেন্তে তেওঁ সন্দেহক পৰিহাৰ কৰি নিশ্চিত সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি নামাজ অব্যাহত ৰখা উচিত। ইয়াৰ পিছত ছালাম ফিৰোৱাৰ আগত দুটা ছাজদাহ কৰি লোৱা উচিত। যদি তেওঁ পাঁচ ৰাকাত পঢ়িছে তেন্তে এই ছাজদাই তেওঁৰ নামাজক যুগ্ম সংখ্যাত পৰিণত কৰাব। আনহাতে যদি চাৰি ৰাকাত সম্পূৰ্ণৰূপে পঢ়িছে তেন্তে এই ছাজদাহ হ'ব চয়তানক অপমানিত কৰাৰ কাৰণ।"
ছহীহ (মুছলিম)