Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 38 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিয়ে কোনো এনেকুৱা বেমাৰী ব্যক্তিক সাক্ষাৎ কৰিবলৈ যায়, যাৰ মৃত্যুৰ সময় উপস্থিত হোৱা নাই, তেনেকুৱা বেমাৰীৰ ওচৰত এই দুআটো সাতবাৰ পাঠ কৰিব লাগেঃ আছআলুল্লাহাল আজীম, ৰাব্বাল আৰশ্বিল আজীম, আঁইয়্যাশ্বফীক। ফলত আল্লাহে তাক সেই বেমাৰৰ পৰা শ্বিফা দান কৰিব।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআটো পঢ়িছিলঃ "ৰাব্বিগফিৰ লী, ৰাব্বিগফিৰ লী।"
ছহীহ (আবু দাঊদ, ইবনে মাজাহ, নাছায়ী, আহমদ)
এজন ব্যক্তিয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰিলে যে, হে আল্লাহৰ ৰাছুল! আমি সাগৰীয় ভ্ৰমণত থাকোঁ, তেতিয়া আমাৰ সৈতে খুবেই কম পৰিমাণ পানী থাকে। যদি আমি সেই পানীৰে অজু কৰোঁ তেন্তে পিয়াহত থাকিবলগীয়া হয়, এনে ক্ষেত্ৰত আমি সাগৰৰ পানীৰে অজু কৰিব পাৰিমনে? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সাগৰৰ পানী পৱিত্ৰ আৰু ইয়াৰ মৃত প্ৰাণী হালাল।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
"যিয়ে জোহৰৰ পূৰ্বে চাৰি ৰাকাত আৰু ইয়াৰ পিছত চাৰি ৰাকাত নামাজ নিয়মিতভাৱে আদায় কৰিব, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।"
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"আল্লাহৰ বান্দীহঁতক (স্ত্ৰীহঁতক) প্ৰহাৰ নকৰিবা।" ইয়াৰ পিছত ওমৰ (ৰাদ্বিয়াল্লাহু আনহু)এ ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ ক’লে, স্ত্ৰীসকলে স্বামীৰ অবাধ্য হৈ পৰিছে। তেতিয়া তেখেতে স্ত্ৰীক মৃদু প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান কৰিলে। তাৰ পিছত বহুতো মহিলাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালৰ ওচৰলৈ নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিবলৈ ধৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, "মুহাম্মাদৰ পৰিয়ালৰ ওচৰলৈ বহুতো মহিলাই নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগ লৈ আহিছে। এতেকে তোমালোকৰ মাজৰ যিসকলে নিজৰ স্ত্ৰীক প্ৰহাৰ কৰে, সিহঁত তোমালোকৰ মাজত উত্তম নহয়।"
ছহীহ আবু দাউদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।