Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 19 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ আদায় কৰাৰ পিছত সুস্পষ্টৰূপে সূৰ্য্য উদয় নোহোৱালৈকে মুচাল্লাৰ ওপৰতে বহি থাকিছিল। জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৱে আৰু কৈছে যে, তেখেতে যি ঠাইত ফজৰৰ নামাজ অথবা প্ৰভাতৰ নামাজ আদায় কৰিছিল সেই ঠাইৰ পৰা তেতিয়ালৈকে উঠা নাছিল যেতিয়ালৈকে সূৰ্য্য সম্পূৰ্ণৰূপে উদয় হোৱা নাছিল। যেতিয়া সূৰ্য্য উদয় হৈছিল তেতিয়া তেখেতে তাৰ পৰা উঠিছিল। সেই সময়ছোৱাত অন্যান্য লোকসকলে অজ্ঞতা যুগত বিভিন্ন ঘটনাৱলী সম্পৰ্কে আলোচনা কৰিছিল। এইবোৰ আলোচনা কৰাৰ সময়ত তেওঁলোকে মাজে মাজে হাঁহিছিল, তেতিয়া তেখেতেও মিচিকিয়া হাঁহিছিল।
ছহীহ (মুছলিম)
"হে আল্লাহ! মই হৈছোঁ এজন মানুহ। এতেকে মই যদি কোনো মুছলিম ব্যক্তিক গালি পাৰোঁ অথবা অভিশাপ কৰোঁ নাইবা বেত্ৰাঘাত কৰোঁ তেন্তে তুমি সেইটো তাৰ বাবে পৱিত্ৰতা আৰু ৰহমত অৰ্জনৰ উপায় বনাই দিবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
হে মুমিনসকলৰ মাতৃ! আপুনি মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ সম্পৰ্কে কওকচোন। এই কথা শুনি তেখেতে ক'লেঃ তুমি কোৰআন পঢ়া নাইনে? মই ক'লোঁ, হয় নিশ্চয় পঢ়োঁ। তেখেতে ক'লেঃ কোৰআনখনেই আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ চৰিত্ৰ।
ছহীহ (মুছলিমে বৰ্ণনা কৰা এটা দীঘল হাদীছৰ কিয়দাংশ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে (কোনো এটা অভিযানলৈ) এটা সেনাদল প্ৰেৰণ কৰিছিল, আৰু সেই সেনা বাহিনীৰ সেনাপতি নিযুক্ত কৰিছিল এজন আনচাৰী লোকক আৰু বাকীসকলক তেওঁৰ (সেনাপতিৰ) আনুগত্য কৰিবলৈ আদেশ দিছিল। (অভিযানত থকা অৱস্থাত কোনো এটা কাৰণত) সেই সেনাপতিজন ক্ৰোধান্বিত হয়। তেতিয়া তেওঁ কয় যে, “নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে তোমালোকক মোৰ আনুগত্য কৰিবলৈ আদেশ দিয়া নাইনে?” তেওঁলোকে ক’লে, “হয়, নিশ্চয় দিছে।” তেতিয়া তেওঁ ক’লে, “তেন্তে তোমালোকে কিছুমান কাঠ খৰি সংগ্ৰহ কৰি আনাগৈ।” সিহঁতে খৰি সংগ্ৰহ কৰি আনিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এইবোৰত জুই লগাই দিয়া।” তেওঁলোকে তাত জুই লগাই দিলে। তেতিয়া তেওঁ ক’লে, “এতিয়া তোমালোকে সকলোৱে এই জুইত জাঁপ মাৰি দিয়া।” তেওঁলোকে এটা পৰ্যায়ত জুইত প্ৰৱেশ কৰিবলৈ সংকল্প কৰি পেলাইছিল। কিন্তু তেওঁলোকৰ মাজৰ কেইজনমানে আন কেইজনমানক বাধা দি ক’বলৈ ধৰিলে যে, “আমি এই জুইৰ পৰাই পলায়ন কৰি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ প্ৰতি ঈমান আনিছোঁ।” এইদৰে বাদানুবাদ চলি থাকোঁতে জুই নুমাই গ’ল আৰু তেওঁৰো ক্ৰোধ ঠাণ্ডা হ’ল। ইয়াৰ পিছত এই সংবাদ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰ পালেগৈ, তেখেতে ক’লে, “যদি সিহঁতে জুইত জাঁপ দিলেহেঁতেন তেন্তে কিয়ামত দিৱসলৈকে এই জুইৰ পৰা ওলাই আহিব নোৱাৰিলেহেঁতেন। (শুনা) আনুগত্য (কৰিব লাগে) কেৱল সৎ কামতহে।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জোতা পিন্ধাৰ ক্ষেত্ৰত, চুলি ফণিওৱাৰ ক্ষেত্ৰত, পৱিত্ৰতা অৰ্জনৰ ক্ষেত্ৰত, আনকি তেখেতে সকলো (ভাল কামৰ) ক্ষেত্ৰতে সোঁফালৰ পৰা আৰম্ভ কৰাটোক পছন্দ কৰিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কিছৰা (পাৰস্য সম্ৰাট) কাইছৰ (ৰোম সম্ৰাট) আৰু নাজ্জাশ্বীকে আদি কৰি বিভিন্ন প্ৰভাৱশালী শাসকসকলৰ ওচৰলৈ আল্লাহৰ ফালে আহ্বান কৰাৰ উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াত উল্লিখিত নাজ্জাশ্বী সেই নাজ্জাশ্বী নহয়, যাৰ জানাযাৰ নামাজ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আদায় কৰিছিল।
ছহীহ (মুছলিম)
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})