Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

হে আল্লাহৰ ৰাছুল! যদি আমাৰ ওপৰত এনেকুৱা লোকে শাসন কৰে যিয়ে আমাৰ পৰা সিহঁতৰ অধিকাৰ পৰিপূৰ্ণৰূপে আদায় কৰে, কিন্তু আমি পাবলগীয়া অধিকাৰ আমাক প্ৰদান নকৰে। তেনে ক্ষেত্ৰত আপোনাৰ নিৰ্দেশনা কি, এইটো শুনি তেখেতে মুখ ঘূৰাই ল'লে। তেওঁ আকৌ সুধিলে, তেখেতে আকৌ মুখ ঘূৰাই ল'লে। এইদৰে তেওঁ দ্বিতীয়বাৰ অথবা তৃতীয়বাৰ সুধিলে, তেতিয়া আশ্বআছ বিন ক্বাইছে তেওঁক টানি ধৰিলে। তেতিয়া তেখেতে ক'লেঃ "সিহঁতৰ কথা শুনিবা আৰু মানিবা, সিহঁতে যি কৰিব তাৰ প্ৰতিফল সিহঁতে ভোগ কৰিব আৰু তোমালোকে যি কৰিবা তাৰ প্ৰতিফল তোমালোকে ভোগ কৰিবা।"
ছহীহ (মুছলিম)
"তোমালোকৰ যাৱতীয় কর্ম এজন ব্যক্তিৰ ওপৰত ন্যস্ত থকা অৱস্থাত যদি কোনোবাই আহি তোমালোকৰ একতাৰ লাখুটি ভাঙিব বিচাৰে আৰু তোমালোকৰ জামাতৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তোমালোকে তাক হত্যা কৰা।"
ছহীহ (মুছলিম)
“হে আল্লাহ! মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো ধৰণৰ কৰ্তৃত্ব লাভ কৰাৰ পিছত মানুহৰ প্রতি ৰূঢ় আচৰণ কৰিব, তুমিও তাৰ প্রতি ৰূঢ় আচৰণ কৰিবা। আনহাতে মোৰ উম্মতৰ যি ব্যক্তিয়ে কোনো দায়িত্ব লাভ কৰাৰ পিছত মানুহৰ সৈতে নম্ৰ আচৰণ কৰিব, তুমিও তাৰ প্রতি নম্রতা দেখুৱাবা আৰু সদয় হ'বা।”
ছহীহ (মুছলিম)
"শীঘ্ৰেই ফিতনাই দেখা দিব। সাৱধান! সেই ফিতনাৰ সময়ছোৱাত চলমান লোকতকৈ বহি থকা লোক বেছি নিৰাপদ থাকিব। এইদৰে দ্ৰুতগামী লোকতকৈ চলমান লোক বেছি সুৰক্ষিত থাকিব। জানি থোৱা! যেতিয়া ফিতনা আপতিত হ'ব অথবা সংঘটিত হ'ব, সেই সময়ছোৱাত যাৰ উট আছে তেওঁ নিজৰ উটকলৈ ব্যস্ত থকা ভাল, এইদৰে যাৰ ছাগলী আছে তেওঁ নিজৰ ছাগলীকলৈ ব্যস্ত থকা উচিত, আৰু যাৰ খেতি-বাতি আছে তেওঁ নিজৰ খেতি-বাতিত ব্যস্ত থকা উচিত।" এই কথা শুনি এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যাৰ উট, ছাগলী আৰু খেতি-বাতি একো নাই, তেওঁ কি কৰিব? তেতিয়া তেখেতে ক'লেঃ "সি যেন নিজৰ তৰোৱাল শিলেৰে ভোটা কৰি লয়, আৰু ইয়াৰ পিছত ৰক্ষা পোৱাৰ কোনো উপায় থাকিলে সেইটো যেন অৱলম্বন কৰে। হে আল্লাহ! মই পৌঁচাই দিছোঁনে? হে আল্লাহ! মই পৌঁচাই দিছোঁনে? হে আল্লাহ! মই পৌঁচাই দিছোঁনে?" বৰ্ণনাকাৰীয়ে কৈছেঃ এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি কোনোবাই মোক বাধ্য কৰাই কোনো এটা শাৰীত থিয় কৰায় অথবা কোনো এটা দলত সোমোৱাই লয়, ফলত কোনোবাই যদি মোক শিৰচ্ছেদ কৰি দিয়ে অথবা যদি কাঁড় নিক্ষেপ কৰি হত্যা কৰে, তেন্তে মোৰ অৱস্থা কি হ'ব? তেখেতে ক'লেঃ "তেনেহ'লে সি নিজৰ আৰু তোমাৰ গুনাহৰ বোজা বহন কৰি জাহান্নামী হৈ পৰিব।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে বনু ছুলাইম গোত্ৰৰ যাকাত সংগ্ৰহ কৰিবলৈ এজন লোকক দায়িত্ব অৰ্পন কৰিছিল, যাৰ নাম আছিল ইবনুল লুতবিয়্যা। যেতিয়া সি উভতি আহিল, তেতিয়া তেখেতে তাৰ পৰা হিচাপ বিচাৰিলে। হিচাপ দিয়াৰ সময়ত সি ক'লে: "এইবোৰ হৈছে আপোনালোকৰ সম্পদ, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ।" তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি তুমি সত্যবাদী তেন্তে কোৱাচোন, তুমি যদি তোমাৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলাহেঁতেন, তেন্তে তোমালৈ এই উপহাৰবোৰ আহিলহেঁতেন নে?" ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিলে: প্ৰথমে তেখেতে আল্লাহৰ প্ৰশংসা কৰিলে আৰু তেওঁৰ গুণাৱলী বৰ্ণনা কৰিলে, তাৰ পিছত তেখেতে ক'লেঃ "মই তোমালোকৰ মাজৰ কাৰোবাক এনেকুৱা কোনো কৰ্মত নিয়োগ কৰোঁ, যিটোৰ তত্ত্বাৱধায়ক হিচাপে আল্লাহে মোক মনোনীত কৰিছে, কিন্তু সি আহি কয়: 'এইবোৰ হৈছে আপোনালোকৰ ধন, আৰু এইবোৰ হৈছে মোক দিয়া উপহাৰ, যিবোৰ মোক উপহাৰ দিয়া হৈছে।' কোৱাচোন, সি যদি নিজৰ পিতৃ-মাতৃৰ ঘৰত বহি থাকিলহেঁতেন তেন্তে তাৰ ওচৰলৈ সেইবোৰ উপহাৰ আহিলহেঁতেন নে? আল্লাহৰ শপত! তোমালোকৰ কোনোবাই যদি অন্যায়ভাৱে কোনো বস্তু গ্ৰহণ কৰে, তেন্তে কিয়ামতৰ দিনা সি সেইবোৰ বহন কৰি আল্লাহক সাক্ষাৎ কৰিব। মই নিশ্চিতভাৱে চিনি পাম তোমালোকৰ মাজৰ যিয়ে উট বহন কৰি আল্লাহক সাক্ষাৎ কৰিব, আৰু সেই উট চিঞৰি থাকিব। অথবা গৰু বহন কৰি আনিব, সেই গৰুৱে হাম্বা হাম্বা বুলি ভেবাই থাকিব, নাইবা ছাগলী বহন কৰি আনিব, যিয়ে মে মে কৰি থাকিব।" ইয়াৰ পিছত তেখেতে নিজৰ হাত উত্তোলন কৰিলে আৰু তেখেতৰ কাষলতিৰ শুভ্ৰতা পৰিলক্ষিত হ'ল, তেখেতে ক'লে: "হে আল্লাহ, মই তোমাৰ বাৰ্তা স্পষ্টভাৱে পোঁচাই দিয়া নাইনে?" এইটো (ঘটনাটো) মই নিজ চকুৰে দেখিছোঁ আৰু নিজ কাণেৰে শুনিছোঁ)।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“অদূৰ ভৱিষ্যতত তোমালোকৰ ওপৰত এনেকুৱা শাসকবৃন্দ নিয়োগ কৰা হ’ব, যিসকলৰ (কিছুমান কাম) তোমালোকে ভাল দেখিবলৈ পাবা আৰু (কিছুমান কাম) গর্হিত দেখিবলৈ পাবা। এতেকে যিয়ে (সিহঁতৰ গর্হিত কৰ্মক) ঘৃণা কৰিব, তেওঁ দায়মুক্ত হৈ যাব, আৰু যিয়ে আপত্তি তথা প্ৰতিবাদ জনাব, সেই ব্যক্তিও পৰিত্রাণ পাই যাব। কিন্তু যিয়ে (এইবোৰ কৰ্মত) সন্মত হ’ব আৰু সিহঁতক অনুসৰণ কৰিব (সি ধ্বংস হৈ যাব)।” চাহাবাসকলে ক’লেঃ আমি সিহঁতৰ বিৰুদ্ধে যুদ্ধ নকৰিমনে?’ তেখেতে ক’লেঃ “নহয়; যেতিয়ালৈকে সিহঁতে চালাত কায়েম কৰিব।”
ছহীহ (মুছলিম)
"তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। যেনে- মানুহৰ ওপৰত শাসন চলোৱা শাসক হৈছে এজন দায়িত্বশীল ব্যক্তি, তাক তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ প্ৰতি দায়িত্বশীল, তাক নিজৰ পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে নাৰী হৈছে স্বামীৰ ঘৰৰ আৰু তাৰ সন্তানসকলৰ প্ৰতি দায়িত্বশীল, তাইক সেই সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে দাস হৈছে তাৰ মালিকৰ সম্পদ ৰক্ষাৰ দায়িত্বত নিয়োজিত, তাক সেই দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। জানি থোৱা! তোমালোক প্ৰত্যেকেই দায়িত্বশীল, গতিকে তোমালোকৰ প্ৰত্যেককে নিজ নিজ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
‘আমি ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি অছাল্লামৰ ওচৰত এই বিষয়ে বাইআত কৰিছিলোঁ যে, সুখে-দুখে, পছন্দ অপছন্দ সকলো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত (আনক) প্রাধান্য দিয়াৰ ক্ষেত্ৰতো আমি তেখেতৰ পূৰ্ণ আনুগত্য কৰিম। লগতে ৰাষ্ট্র নেতাৰ ক্ষমতা হৰণ কৰিবলৈ আমি তেওঁৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ নকৰোঁ ; কিন্তু যদি তেওঁৰ মাজত প্রকাশ্য কুফৰী দেখা পাওঁ সেয়া সুকীয়া বিষয়। এইদৰে আমি সদায় সত্য কথা কম, লগতে আমি আল্লাহৰ বিষয়ে কোনো নিন্দাকাৰীৰ নিন্দাক ভয় নকৰোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})