Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 17 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"যিয়ে আমানতৰ শপত খায় সি আমাৰ (উম্মতৰ) অন্তৰ্ভুক্ত নহয়।"
ছহীহ (আবু দাঊদ, আহমদ)
এদিনাখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজত থিয় হৈ গাম্ভীৰ্যপূৰ্ণ হৃদয়গ্ৰাহী ভাষণ দিলে, যাৰ ফলত অন্তৰ কঁপি উঠিল আৰু চকুত চকুলো আহি গ'ল। এজনে সুধিলে, হে আল্লাহৰ ৰাছুল! এই ভাষণ দেখোন বিদায়ী ভাষণৰ নিচিনা। গতিকে আমাক কিবা উপদেশ দিয়ক। তেখেতে ক'লেঃ "মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা। তোমালোকে এইবোৰ ছুন্নতক দাঁতেৰে খামুচি ধৰাৰ দৰে খামুচি ধৰিবা, লগতে (দ্বীনৰ ক্ষেত্ৰত) নতুনত্বৰৰ পৰা বিৰত থাকিবা, কাৰণ প্ৰত্যেক বিদআতেই হৈছে পথভ্ৰষ্টতা।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনিছিলোঁ তাকেই লিখি ৰাখিছিলোঁ, যাতে মুখস্থ কৰিব পাৰোঁ। কুৰাইশ্বে মোক নিষেধ কৰিলে আৰু ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা যি শুনা তাকেই কিয় লিখি ৰাখা? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে এজন মানুহ, তেখেতে খং আৰু শান্ত উভয় অৱস্থাতে কথা কয়। এইটো শুনি মই লিখা বন্ধ কৰিলোঁ। এদিন মই বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত উপস্থাপন কৰিলোঁ, তেতিয়া তেখেতে নিজৰ আঙুলিৰে নিজৰ মুখৰ প্ৰতি ইংগিত কৰি ক'লেঃ "লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াৰ পৰা যি ওলায় সত্য কথাহে ওলায়।"
ছহীহ (আবু দাঊদ)
মই বনু আমিৰ গোত্ৰৰ সঁজাতি দলৰ সৈতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি উপস্থিত হ'লোঁ, আমি ক'লোঁ যে, আপুনি হৈছে আমাৰ ছায়্যেদ। তেখেতে ক'লেঃ "ছায়্যেদ হৈছে আল্লাহ তাআলা।" তেতিয়া আমি ক'লোঁ, আপুনি হৈছে আমাৰ মাজত উচ্চ মৰ্যাদা সম্পন্ন, তথা মহান দাতা আৰু উদাৰ ব্যক্তিত্বৰ অধিকাৰী। তেতিয়া তেখেতে ক'লেঃ "এইটো ক'ব পাৰা বা এনেকুৱা কথা ক'ব পাৰা। কিন্তু মনত ৰাখিবা চয়তানে যাতে তোমালোকক নিজৰ প্ৰতিনিধি বনাই নলয়।" (অৰ্থাৎ মোৰ বিষয়ে এনেকুৱা কোনো কথা নক'বা যিটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই)
ছহীহ (আবু দাঊদ, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মছজিদত প্ৰৱেশ কৰিছিল তেতিয়া কৈছিলঃ «أعوذ بالله العظيم، وبوجهه الكريم، وسلطانه القديم، من الشيطان الرَّجِيم» "(মই বিতাৰিত চয়তানৰ পৰা মহান আল্লাহৰ, তেওঁৰ সন্মানিত মুখমণ্ডলৰ আৰু তেওঁৰ চিৰস্থায়ী ৰাজত্বৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।)" সোধা হ'ল, কেৱল এইখিনিয়ে? মই ক'লোঁঃ হয়। তেখেতে কৈছেঃ (মছজিদত প্ৰৱেশকাৰী) ব্যক্তিয়ে যেতিয়া এই দুআটো পাঠ কৰে, তেতিয়া চয়তানে কয়ঃ আজি গোটেই দিনটোৰ বাবে ই মোৰ পৰা সুৰক্ষিত হৈ গ'ল।
হাছান (আবু দাঊদ)
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কাৰোবাৰ মনত এনেকুৱা কথা উদ্ভৱ হয়, যিবোৰ কথা তেওঁ মুখেৰে প্ৰকাশ কৰাতকৈ নিজকে জুইত পুৰাই এঙাৰ হৈ যোৱাক উত্তম বুলি ভাবে। এই কথা শুনি তেখেতে ক'লেঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, সকলো ধৰণৰ প্ৰশংসা সেই মহান সত্ত্বাৰ বাবে, যিয়ে চয়তানৰ এনেকুৱা চক্ৰান্ত তথা কুমন্ত্ৰণাক কল্পনাতেই সীমাবদ্ধ কৰি ৰাখিছে।
ছহীহ (আবু দাঊদ, নাছায়ী ফিল কুবৰা)
“সাৱধান! অনতিপলমে এনেকুৱা সময় আহিব যে, এজন ব্যাক্তিয়ে নিজৰ আসনত আউজি বহি থকা অৱস্থাত তাৰ ওচৰলৈ যেতিয়া কোনো হাদীছ গৈ পাব, তেতিয়া সি ক'ব: আমাৰ আৰু তোমালোকৰ মাজত আল্লাহৰ কিতাব আছে। গতিকে আমি তাত যি হালাল বুলি পাম সেইখিনিকে হালাল বুলি গণ্য কৰিম আৰু তাত যি হাৰাম বুলি পাম সেইখিনিকে হাৰাম বুলি গণ্য কৰিম। (সেই ব্যক্তিয়ে জানি থোৱা উচিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:) নিশ্চয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যি হাৰাম কৰিছে সেইখিনিও আল্লাহে হাৰাম কৰাৰ দৰেই।”
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)