Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 25 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ। মানুহে তাক হিমাৰ উপনামেৰে মাতিছিল। সেই ব্যক্তিজনে মাজে মাজে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হঁহুৱাইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক শ্বাৰাব (সুৰা) সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত উপস্থিত কৰা হ'ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বেত্ৰাঘাত কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে। ফলত তাক বেত্ৰাঘাত কৰা হ'ল। তেতিয়া উপস্থিত লোকসকলৰ এজনে ক'লেঃ আল্লাহে ইয়াৰ ওপৰত অভিসম্পাত কৰক, নিচাগ্ৰস্ত অৱস্থাত তাক কিমান বাৰ যে অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।"
ছহীহ (বুখাৰী)
"নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।"
ছহীহ (মুছলিম)
চোগলখোৰ (ইজনৰ কথা সিজনক লগোৱা) ব্যক্তি জান্নাতত প্ৰৱেশ নকৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“তোমালোকে বেয়া ধাৰণা কৰাৰ পৰা বিৰত থকা, কাৰণ বেয়া ধাৰণা হৈছে আটাইতকৈ ডাঙৰ মিছা কথা। কাৰো দোষ অনুসন্ধান নকৰিবা আৰু কাৰো ত্ৰুটি অনুসন্ধান কৰিবলৈ গুপ্তচৰগিৰি নকৰিবা, পৰস্পৰে হিংসা নকৰিবা, সম্পৰ্কচ্ছেদ নকৰিবা, ইজনে সিজনৰ প্ৰতি বিদ্বেষ পোষণ নকৰিবা, বৰং তোমালোক আটায়ে আল্লাহৰ বান্দা হিচাপে ভাতৃবন্ধত আৱদ্ধ হৈ যোৱা।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমি এখন যুদ্ধত আছিলোঁ। সেই সময়ছোৱাতে এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত আঘাত কৰিলে। তেতিয়া আনচাৰী ব্যক্তিজনে "ইয়া লাল আনচাৰ" বুলি কৈ সহায় বিচাৰি আনচাৰী লোকসকলক আহ্বান কৰিলে। ইপিনে মুহাজিৰ ব্যক্তিজনেও "ইয়া লাল মুহাজিৰীন" বুলি চিঞৰিলে। মহান আল্লাহে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাণত এই চিঞৰ পৌঁচাই দিলে। তেখেতে ক'লেঃ এইটো আকৌ কিহৰ চিঞৰ বাখৰ? উপস্থিত লোকসকলে ক'লেঃ এজন মুহাজিৰ ব্যক্তিয়ে এজন আনচাৰী ব্যক্তিৰ নিতম্বত আঘাত কৰিছে, (যাৰ ফলত কাজিয়াৰ সৃষ্টি হৈছে)। সেইকাৰণে আনচাৰী ব্যক্তিয়ে আনচাৰীসকলক আৰু মুহাজিৰ ব্যক্তিয়ে মুহাজিৰসকলক এইদৰে মাতিছে। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "এনেকুৱা আচৰণ তোমালোকে পৰিত্যাগ কৰা, এইটো বৰ দুৰ্গন্ধযুক্ত কথা।" জাবিৰে কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মদীনালৈ হিজৰত কৰি আহিছিল তেতিয়া আনচাৰসকল আছিল সংখ্যাগৰিষ্ঠ। ইয়াৰ পিছত লাহে লাহে মুহাজিৰসকল সংখ্যাগৰিষ্ঠত পৰিণত হয়। (এই কাজিয়াৰ কথা) আব্দুল্লাহ বিন উবাইয়ে শুনি ক'লেঃ সঁচাই সিহঁতে এনেকুৱা কৰিছে নেকি, আল্লাহৰ শপত! আমি মদীনালৈ উভতি যোৱাৰ পিছত নিশ্চয় তাৰ পৰা মৰ্যাদাৱান লোকসকলে নিকৃষ্ট লোকসকলক উলিয়াই দিব। তেতিয়া ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আপুনি মোক অনুমতি দিয়ক, মই এই মুনাফিকৰ শিৰচ্ছেদ কৰি দিওঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাক এৰি দিয়া। যাতে মানুহে এইটো ক'ব নোৱাৰে যে, মুহাম্মদে নিজৰ সংগীসকলকে হত্যা কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})