Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 16 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আদম সন্তানৰ যদি সোণে ভৰা দুখন উপত্যকাও থাকে, তথাপিও সি তৃতীয় আন এটা উপত্যকা কামনা কৰিব। আদম সন্তানৰ পেট কেৱল মাটিয়েহে পূৰণ কৰিব পাৰিব। কিন্তু যিয়ে আল্লাহৰ ওচৰত তাওবা কৰে, আল্লাহে তাৰ তাওবা কবূল কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা আঁতৰত থাকিবা"। তেওঁলোকে ক'লেঃ "হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি"? তেখেতে ক'লেঃ "আল্লাহৰ লগত শ্বিৰ্ক কৰা, যাদু কৰা, নিৰ্দোষী লোকক হত্যা কৰা যিটোক আল্লাহে হাৰাম কৰিছে, সুত খোৱা, অনাথৰ সম্পদ আত্মসাৎ কৰা, যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা, সতী-সাধ্বী বিশ্বাসী সহজ-সৰল নাৰীৰ প্ৰতি অপবাদ দিয়া"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ। মানুহে তাক হিমাৰ উপনামেৰে মাতিছিল। সেই ব্যক্তিজনে মাজে মাজে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হঁহুৱাইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক শ্বাৰাব (সুৰা) সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত উপস্থিত কৰা হ'ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বেত্ৰাঘাত কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে। ফলত তাক বেত্ৰাঘাত কৰা হ'ল। তেতিয়া উপস্থিত লোকসকলৰ এজনে ক'লেঃ আল্লাহে ইয়াৰ ওপৰত অভিসম্পাত কৰক, নিচাগ্ৰস্ত অৱস্থাত তাক কিমান বাৰ যে অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।"
ছহীহ (বুখাৰী)