Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 6 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক যেতিয়া কোনো কামৰ নিৰ্দেশ দিছিল, তেতিয়া তেখেতে তেওঁলোকক সামৰ্থ অনুযায়ী নিৰ্দেশ প্ৰদান কৰিছিল। এবাৰ তেওঁলোকে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ দৰে নহয়। মহান আল্লাহে আপোনাৰ আগৰ পিছৰ সকলো গুনাহ ক্ষমা কৰি দিছে। এই কথা শুনি তেখেতে ক্ৰোধান্বিত হ'ল, আনকি তেখেতৰ মুখমণ্ডলত ক্ৰোধৰ প্ৰভাৱ প্ৰস্ফুটিত হ'ল। ইয়াৰ পিছত তেখেতে ক'লেঃ "তোমালোকতকৈ মইহে আল্লাহক বেছি ভয় কৰোঁ আৰু আল্লাহ সম্পৰ্কে বেছি অৱগত।"
ছহীহ (বুখাৰী)
"এজন ব্যক্তি ৰাস্তাৰে গৈ আছিল, তেওঁ পথৰ মাজত এটা কাঁইটযুক্ত গছৰ ডাল পৰি থকা দেখা পালে আৰু তেওঁ সেইটোক আঁতৰাই দিলে, মহান আল্লাহে তেওঁৰ সেই কামটোৰ বিনিময়ত তেওঁক ক্ষমা কৰি দিলে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আল্লাহৰ পথত এদিন সীমান্তৰ প্ৰহৰী হৈ কটোৱাটো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। জান্নাতত তোমালোকৰ এক চাবুক পৰিমাণ স্থানো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। আল্লাহৰ পথত এটি পুৱা অতিবাহিত কৰা বা এটি গধূলি পাৰ কৰাটো পৃথিৱীতকৈ আৰু ইয়াৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সকলো সৎকৰ্মই হৈছে চাদাক্বাহ।
ছহীহ বুখাৰীয়ে হাদীছটো জাবিৰৰ পৰা বৰ্ণনা কৰিছে, আৰু মুছলিমে বৰ্ণনা কৰিছে হুজাইফাৰ পৰা।
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ- আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" তেওঁ কৈছেঃ তেখেতে মোক এইখিনি কথা কৈছে, মই যদি তেখেতক আৰু সুধিলোঁহেঁতেন তেন্তে তেখেতে আৰু ক'লেহেঁতেন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“যি ব্যক্তিয়ে এইটো কামনা কৰে যে, তাৰ জীৱিকা প্রশস্ত হওক আৰু তাৰ আয়ু বৃদ্ধি হওক, তেওঁ যেন আত্মীয়তাৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখে।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})