Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে।” লগতে প্ৰশ্ন কৰা হ'ল যে, কোনটো কৰ্মৰ কাৰণে অধিক মানুহে জাহান্নামত প্ৰৱেশ কৰিব? তেখেতে ক'লে: “মুখ আৰু লজ্জাস্থানৰ কাৰণে।”
হাছান ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"দুই ধৰণৰ জাহান্নামী ব্যক্তিক মই এতিয়াও দেখা নাই। তাৰে এক প্ৰকাৰ হৈছে, যিসকলৰ হাতত গৰুৰ লেজৰ দৰে চাবুক থাকিব, যিটোৰে সিহঁতে মানুহক প্ৰহাৰ কৰিব। দ্বিতীয় প্ৰকাৰ হৈছে সেইসকল নাৰী, যিসকলে কাপোৰ পৰিধান কৰিও উলংগ থাকিব। (পৰ পুৰুষক) নিজৰ প্ৰতি আকৰ্ষিত কৰিব আৰু নিজেও সিহঁতৰ প্ৰতি আকৃষ্ট হ'ব। সিহঁতৰ মূৰ হ'ব উটৰ হালি পৰা কুঁজৰ দৰে। সেইসকল নাৰীয়ে কেতিয়াও জান্নাতত প্ৰৱেশ নকৰিব। আনকি জান্নাতৰ সুগন্ধিও নাপাব, অথচ জান্নাতৰ সুগন্ধি ইমান ইমান দূৰৰ পৰা পোৱা যায়।"
ছহীহ (মুছলিম)
"আখিৰাতৰ স্তৰসমূহৰ মাজত কবৰ হৈছে প্ৰথম স্তৰ। যিয়ে এই স্তৰত ৰেহাই পাব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ ইয়াতকৈ সহজ হ'ব। আনহাতে যিয়ে ইয়াত সফলতা অৰ্জন নকৰিব, তাৰ বাবে পৰৱৰ্তী স্তৰসমূহ অধিক কঠিন হ'ব।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
"তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো ছহীহ। এই হাদীছটোক আমি কিতাবুল হুজ্জাৰ পৰা ছহীহ চনদৰ সৈতে বৰ্ণনা কৰিছোঁ।
“সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু মানুহে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে। এতেকে যি ব্যক্তিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে হিজৰত কৰিছে, তাৰ হিজৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালেই হৈছে, আৰু যাৰ হিজৰত পৃথিৱী (পাৰ্থিৱ বস্তু) আহৰণ কৰাৰ বাবে অথবা কোনো নাৰীক বিবাহ কৰাৰ বাবে হৈছে, তাৰ হিজৰত সেইমতেই বিবেচিত হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।” আনহাতে বুখাৰীৰ বাক্যত আছেঃ “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱেই পায়, যিটো সি নিয়্যত কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে: যিটো পথক দুয়োফালে দুখন বেৰেৰে আগুৰি আছে, দুয়োখন বেৰত কেইবাখনো খোলা দুৱাৰ আছে যিবোৰ পৰ্দাৰে আবৃত। পথৰ আৰম্ভণিতে এজন আহ্বানকাৰীয়ে (লোকসকলক) আহ্বান কৰি কয়- হে লোকসকল, তোমালোক সকলোৱে পোন পথেৰে আগুৱাই যোৱা, পথৰ পৰা বিচ্যুত নহ’বা তথা বক্ৰপথ অৱলম্বন নকৰিবা। আনহাতে সেই পথৰ ওপৰতো আছে এজন আহ্বানকাৰী, যেতিয়াই কোনো ব্যক্তিয়ে সেই দুৱাৰসমূহৰ যিকোনো এখন খুলিব বিচাৰে তেতিয়াই তেওঁ সেই ব্যক্তিক সকীয়াই দি কয়: সৰ্বনাশ! ‘ধিক তোমাৰ ওপৰত! এইখন নুখুলিবা, কিয়নো খুলিলেই তাত প্ৰৱেশ কৰিবা (আৰু পথভ্ৰষ্ট হৈ যাবা)।' (ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ ব্যাখ্যা কৰি কৈছে) পথটোৰ দ্বাৰা বুজোৱা হৈছে ইছলামক, দেৱাল দুখনৰ দ্বাৰা বুজোৱা হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা, আৰু উন্মুক্ত দুৱাৰৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ নিষেধকৃত বস্তুবোৰক। পথৰ আৰম্ভণিত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ কিতাবক, আনহাতে পথৰ ওপৰত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে প্ৰতিজন মুছলিমৰ হৃদয়ত থকা আল্লাহৰ ফালৰ পৰা নিয়োজিত উপদেষ্টাক।
ছহীহ (তিৰমিজী, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে এই দুআ পাঠ কৰিছিল, (يَا مُقَلِّبَ القُلُوبِ ثَبِّتْ قَلْبِي عَلَى دِينِكَ) "হে অন্তৰ পৰিবৰ্তনকাৰী! তোমাৰ দ্বীনৰ ওপৰত মোৰ অন্তৰ দৃঢ় ৰাখিবা।" এই দেখি মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! আমি আপোনাৰ ওপৰত আৰু আপুনি লৈ অহা চৰীয়তৰ ওপৰত ঈমান আনিছোঁ, তথাপিও আমাকলৈ আপোনাৰ ভয় আছে নেকি? তেখেতে ক'লেঃ "হয়। নিশ্চয় অন্তৰসমূহ আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত থাকে, তেওঁ যিদৰে ইচ্ছা কৰে সেইদৰেই পৰিবৰ্তন কৰে।"
ছহীহ (তিৰমিজী, আহমদ)
"মোৰ সন্মুখত জান্নাত আৰু জাহান্নামক উপস্থাপন কৰা হৈছিল। আজিৰ দৰে ভাল আৰু বেয়া কোনো দিনেই মই দেখা নাছিলোঁ। মই যি গম পাইছোঁ, সেয়া যদি তোমালোকে গম পালাহেঁতেন তেন্তে তোমালোকে খুবেই কম হাঁহিলাহেঁতেন আৰু বেছিভাগ সময়তে কান্দিলাহেঁতেন।" বৰ্ণনাকাৰীয়ে কৈছেঃ চাহাবীসকলৰ ওপৰত সেই দিনটোতকৈ কঠিন দিন আৰু অহা নাছিল। বৰ্ণনাকাৰীয়ে কৈছেঃ (কথাষাৰ শুনি) তেওঁলোকে নিজৰ মূৰ ঢাকি লৈছিল আৰু হুক হুকাই কান্দি আছিল। ইয়াৰ পিছত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে থিয় হৈ ক'লেঃ আমি আল্লাহক ৰব্ব হিচাপে, ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে পাই সন্তুষ্ট হৈছোঁ। বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত এজন ব্যক্তিয়ে থিয় হৈ তেখেতক প্ৰশ্ন কৰিলেঃ মোৰ পিতা কোন? তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তোমাৰ পিতা হৈছে অমুক ব্যক্তি।" ইয়াৰ পিছত এই আয়াত অৱতীৰ্ণ হ'লঃ "হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা।" (ছুৰা আল-মায়িদাহঃ ১০১)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})