Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মিম্বৰত বহিল আৰু আমিও ইয়াৰ চাৰিওফালে বহিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই মোৰ পিছত তোমালোকৰ ক্ষেত্ৰত যিটো বিষয়কলৈ আশংকা কৰিছোঁ সেয়া হৈছে এই যে, পৃথিৱী সৌন্দৰ্য্য আৰু সা-সম্পদ তোমালোকৰ বাবে উন্মুক্ত কৰি দিয়া হ'ব।" তেতিয়া এজন চাহাবীয়ে সুধিলেঃ হে আল্লাহৰ ৰাছুল! কল্যাণেও অকল্যাণ কঢ়িয়াই আনিব পাৰেনে? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নটোৰ কোনো সঁহাৰি নিদিলে। তেতিয়া সেই চাহাবীজনক অন্যান্য চাহাবাই ক'লেঃ কি হ'ল তোমাৰ? তুমি কিয় নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকৈ সুধিছা, তুমি দেখা নাইনে তেখেতে একো উত্তৰ দিয়া নাই। তেতিয়া আমি দেখিলোঁ যে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কিবা অৱতীৰ্ণ হৈ আছে। বৰ্ণনাকাৰীয়ে কৈছেঃ তাৰ পিছত তেখেতে ঘাম মচি ক'লেঃ "সেই প্ৰশ্নকাৰীজন ক'ত?" তেখেতে যেনিবা প্ৰশ্নকাৰীৰ প্ৰশংসা কৰি ক'লেঃ চোৱা, কল্যাণে কেতিয়াও অকল্যাণ কঢ়িয়াই নানে। যিদৰে বসন্তকালত গজা সেউজীয়া ঘাঁহে চতুষ্পদ জন্তুৰ প্ৰাণ নাশ কৰে নাইবা মৃত্যুমুখত ঠেলি দিয়ে। কিন্তু যদি সেই তৃণভোজী জন্তুটোৱে পৰিমাপ অনুসৰি খায় আৰু তাৰ পাছত পৰ্যাপ্ত ৰ'দ গ্ৰহণ কৰে, মল ত্যাগ কৰে আৰু প্ৰস্ৰাৱ কৰে। ইয়াৰ পিছত পুনৰ ভক্ষণ কৰে তেন্তে সি এই বিপদৰ পৰা ৰক্ষা পায়। ঠিক সেইদৰে সেইবোৰ সম্পদ হ'ব আকৰ্ষণীয় লোভনীয়। এতেকে উত্তম মুছলিম হৈছে সেইজন, যিয়ে নিজৰ সম্পদৰ পৰা মিছকীন, ইয়াতীম আৰু মুছাফিৰক দান কৰিব, অথবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যিদৰে কৈছে। পক্ষান্তৰে যিয়ে এই সম্পদ অন্যায়ভাৱে অৰ্জন কৰিব, সি হৈছে সেই ব্যক্তিৰ দৰে, যিয়ে কেৱল খায় তাৰ পেট নভৰে। কিয়ামতৰ দিনা সেই সম্পদ তাৰ বিপক্ষে সাক্ষ্য দিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে নাৰী সমাজ! তোমালোকে বেছি বেছি চাদাক্বাহ কৰা। কাৰণ জাহান্নামৰ অধিবাসীসকলৰ মাজত মই তোমালোকৰ সংখ্যা অধিক দেখিছোঁ।" তেতিয়া তেওঁলোকে সুধিলে, হে আল্লাহৰ ৰাছুল! ইয়াৰ কাৰণ কি? তেখেতে ক'লেঃ "কাৰণ তোমালোকে অভিশাপ বেছি দিয়া আৰু স্বামীৰ অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্ৰুটি থকা সত্ত্বেও এজন সদায় সতৰ্ক থকা ব্যক্তিৰ বুদ্ধি হৰণৰ ক্ষেত্ৰত তোমালোকতকৈ পাৰদৰ্শী মই আন কাকো দেখা নাই।" তেওঁলোকে সুধিলেঃ হে আল্লাহৰ ৰাছুল! বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত আমাৰ কি ত্ৰুটি আছে? তেখেতে ক'লেঃ "এজনী নাৰীৰ সাক্ষ্য এজন পুৰুষৰ সাক্ষ্যৰ তুলনাত অৰ্দ্ধেক নহয়নে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। তেখেতে ক'লেঃ "এইটো হৈছে বুদ্ধিৰ ত্ৰুটি। এইদৰে যেতিয়া কোনো নাৰী হায়েজ অৱস্থাত উপনীত হয়, তেতিয়া নামাজ ৰোজাৰ পৰা বিৰত নাথাকেনে?" তেওঁলোকে ক'লেঃ হয়, নিশ্চয়। "এইটো হৈছে তাইৰ দ্বীনৰ ত্ৰুটি।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে জান্নাতীসকলক ক'ব, হে জান্নাতীসকল! তেতিয়া তেওঁলোকে ক'বঃ উপস্থিত আছোঁ হে আমাৰ প্ৰতিপালক আৰু সদায় তোমাৰ অনুগ্ৰহৰ প্ৰাৰ্থী। তেতিয়া আল্লাহে ক'বঃ তোমালোকে সন্তুষ্ট হৈছানে? তেওঁলোকে ক'বঃ আমি কিয় সন্তুষ্ট নহ'ম, তুমি আমাক এনেকুৱা এনেকুৱা নিয়ামত প্ৰদান কৰিছা, যি নিয়ামত তুমি সৃষ্টিজগতৰ আন কাকো প্ৰদান কৰা নাই? তেতিয়া তেওঁ ক'বঃ মই তোমালোকক ইয়াতকৈও উত্তম কিবা দিব বিচাৰোঁ। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! ইয়াতকৈ উত্তম আৰুনো কি হ'ব পাৰে? তেতিয়া তেওঁ ক'বঃ মই মোৰ সন্তুষ্টি তোমালোকৰ ওপৰত অৰ্পণ কৰিলোঁ, ইয়াৰ পিছত মই আৰু কেতিয়াও তোমালোকৰ ওপৰত অসন্তুষ্ট নহওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ক্বিয়ামতৰ দিনা মৃত্যুক ধূসৰ বা ধোঁৱা বৰণীয়া এটা ভেড়াৰ আকৃতিত অনা হ'ব। তেতিয়া এজন সম্বোধনকাৰীয়ে মাতি ক'বঃ হে জান্নাতৰ অধিবাসীসকল! এই আহ্বান শুনি তেওঁলোকে মূৰ তুলি মনোযোগ সহকাৰে চাব। তেতিয়া আহ্বানকাৰীয়ে ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? তেওঁলোকে ক'বঃ হয়, এওঁৱেইতো মৃত্যু। তেওঁলোক সকলোৱে ইয়াক দেখা পাইছিল। ইয়াৰ পিছত সেই আহ্বানকাৰীয়ে মাতি ক'বঃ হে জাহান্নামৰ অধিবাসীসকল! তেতিয়া জাহান্নামৰ অধিবাসীসকলে মূৰ দাঙি সেইফালে মনোনিৱেশ কৰিব। তেতিয়া তেওঁ ক'বঃ তোমালোকে ইয়াক চিনি পোৱানে? সিহঁতে ক'বঃ হয়, এওঁ হৈছে মৃত্যু। সিহঁত সকলোৱে ইয়াক দেখি আহিছে। ইয়াৰ পিছত (সকলোৰে সন্মুখত) তাক জবেহ কৰা হ'ব। ইয়াৰ পিছত তেওঁ ক'বঃ হে জান্নাতৰ অধিবাসীসকল! (আজিৰ পৰা) তোমালোক চিৰস্থায়ী, তোমালোকৰ কোনো মৃত্যু নাই, আৰু হে জাহান্নামৰ অধিবাসীসকল! তোমালোকেও চিৰকাল ইয়াতেই থাকিব লাগিব, ইয়াত কোনো মৃত্যু নাই। (এইখিনি কথা কোৱাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) পাঠ কৰিলেঃ অৰ্থ- (হে ৰাছুল!) তুমি সিহঁতক পৰিতাপৰ দিন সম্পৰ্কে সতৰ্ক কৰি দিয়া, যিদিনা সকলো সিদ্ধান্ত চূড়ান্ত হৈ যাব। অথচ (এতিয়া) সিহঁতে উদাসীনতাত বিভোৰ হৈ আছে। (ছুৰা মাৰয়ামঃ ৩৯) অৰ্থাৎ পৃথিৱীবাসী এতিয়া অমনোযোগী হৈ আছে, সিহঁতে ঈমান পোষণ নকৰে। (ছুৰা মাৰয়ামঃ ৩৯)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতত এনেকুৱা এটা বৃক্ষ আছে, যাৰ ছাঁত উৎকৃষ্ট, বিশেষভাৱে প্ৰতিপালিত দ্ৰুতগামী ঘোঁৰাৰ ওপৰত আৰোহণ কৰি এশ বছৰ অতিক্ৰম কৰিলেও সেই ছাঁ পাৰ কৰিব নোৱাৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})