Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 53 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মুছলিমৰ লুংগী বা পৰিধানকৃত কাপোৰ ভৰিৰ কলাফুললৈকে থাকিব লাগে। এইদৰে সৰুগাঁঠিলৈকে পৰিধান কৰিলেও কোনো অসুবিধা নাই বা কোনো গুনাহ নহয়। কিন্তু সৰুগাঁঠিৰ তলত পিন্ধিলে সেইটো জাহান্নামত যাব। যিয়ে অহংকাৰ কৰি নিজৰ পৰিধানকৃত কাপোৰ চোঁচৰাই পিন্ধে, তাৰ প্ৰতি আল্লাহে অকণো ভ্ৰূক্ষেপ নকৰিব।"
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।"
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে। তেখেতে আমাক নিৰ্দেশ দিছে যে, বেমাৰীৰ চোৱাচিতা কৰিবা, জানাযাৰ অনুসৰণ কৰিবা, হাঁচি কৰা ব্যক্তিৰ দুআৰ উত্তৰত য়াৰাহামুকাল্লাহ বুলি ক'বা, শপত বা শপত কৰা ব্যক্তিৰ শপত পূৰণ কৰিবা, নিৰ্যাতিত ব্যক্তিক সহায় কৰিবা, নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা আৰু ছালাম প্ৰচাৰ কৰিবা। এইদৰে তেখেতে আমাক নিষেধ কৰিছে সোণৰ আঙুঠিৰ পৰা অথবা সোণৰ আঙুঠি পৰিধান কৰাৰ পৰা। ৰূপৰ পাত্ৰত পানীয় আদি খোৱাৰ পৰা, গাদীত ৰেচম কাপোৰ ব্যৱহাৰ কৰাৰ পৰা, কিচ্ছি নামক ৰেচমৰ পৰা, এইদৰে মিহি আৰু মোটা উভয় প্ৰকাৰ ৰেচম কাপোৰ পৰিধানৰ পৰা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।"
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও সুগন্ধি প্ৰত্যাখ্যান কৰা নাছিল।
ছহীহ (বুখাৰী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মছজিদত এতিকাফ কৰাৰ সময়ত চাহাবাসকলৰ উচ্চস্বৰে তিলাৱত কৰা শুনি পৰ্দা গুচাই ক'লেঃ "শুনা! তোমালোকে প্ৰত্যেকেই নিজ প্ৰতিপালকৰ ওচৰত মুনাজাত কৰি আছা, গতিকে তোমালোকে ইজনে সিজনক অসুবিধা (কষ্ট) নিদিবা। পৰস্পৰে পস্পৰৰ ওপৰত উচ্চস্বৰে তিলাৱত নকৰিবা", অথবা তেখেতে কৈছিলঃ "নামাজত উচ্চস্বৰে পাঠ নকৰিবা।"
ছহীহ (আবু দাঊদ)
এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})