Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 53 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ ছয়টা হক (অধিকাৰ) আছে।" প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! সেইবোৰ কি কি? তেখেতে ক'লেঃ "সাক্ষাৎ হ'লে ছালাম কৰিবা, যদি তোমাক নিমন্ত্ৰণ জনায় তেন্তে গ্ৰহণ কৰিবা, যদি তোমাৰ পৰা পৰামৰ্শ বিচাৰে তেন্তে সৎপৰামৰ্শ দিবা, এইদৰে যদি হাঁচি কৰি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰ দিবা, বেমাৰত পৰিলে খা-খবৰ ল'বা, আৰু যদি মৃত্যুবৰণ কৰে তেন্তে জানাযাৰ অনুসৰণ কৰিবা।"
ছহীহ (মুছলিম)
এবাৰ তেওঁলোকে ক'লে যে, হে আল্লাহৰ ৰাছুল! আমি খাওঁ কিন্তু আমাৰ পেট নভৰে তথা আমি পৰিতৃপ্ত হ'ব নোৱাৰোঁ। তেখেতে ক'লেঃ "সম্ভৱতঃ তোমালোকে একেলগে বহি নোখোৱা?" তেওঁলোকে ক'লেঃ হয়। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে একেলগে বহি আহাৰ কৰা, আৰু আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম স্মৰণ কৰিবা, তেতিয়াহে তোমালোকৰ খাদ্যত বৰকত হ'ব।"
হাছান (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে যেতিয়া নিজৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবা, তেতিয়া তাক ছালাম কৰিবা। ইয়াৰ পিছত উভয়ৰ মাজত যদি গছ, দেৱাল, অথবা শিল আদিৰ দ্বাৰা অন্তৰায় হয়, তাৰ পিছত পুনৰ লগ পালে আকৌ ছালাম কৰিবা।"
ছহীহ (আবু দাঊদ)
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"
ছহীহ (তিৰমিজী)
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"
হাছান আবু দাঊদ, তিৰমিজী, আহমদ, আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।