Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 50 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।
ছহীহ (মুছলিম)
"ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
"যেতিয়া দুজন মুছলিমে সাক্ষাৎ কৰি পৰস্পৰে মুচাফাহা কৰে, তেওঁলোক ইজনে সিজনক এৰি যোৱাৰ আগতে উভয়ৰে গুনাহ মাফ কৰি দিয়া হয়।"
সকলো তথ্যসূত্ৰ অনুযায়ী ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত এজন ব্যক্তি আছিল, যাৰ নাম আছিল আব্দুল্লাহ। মানুহে তাক হিমাৰ উপনামেৰে মাতিছিল। সেই ব্যক্তিজনে মাজে মাজে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক হঁহুৱাইছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক শ্বাৰাব (সুৰা) সেৱনৰ অপৰাধত শাস্তি বিহিছিল। এদিন তাক নিচাগ্ৰস্ত অৱস্থাত উপস্থিত কৰা হ'ল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বেত্ৰাঘাত কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে। ফলত তাক বেত্ৰাঘাত কৰা হ'ল। তেতিয়া উপস্থিত লোকসকলৰ এজনে ক'লেঃ আল্লাহে ইয়াৰ ওপৰত অভিসম্পাত কৰক, নিচাগ্ৰস্ত অৱস্থাত তাক কিমান বাৰ যে অনা হ'ল। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তাৰ ওপৰত অভিসম্পাত নকৰিবা। আল্লাহৰ শপত! মই জনামতে সি আল্লাহ আৰু তেওঁৰ ৰাছুলক অত্যন্ত ভালপায়।"
ছহীহ (বুখাৰী)
"আল্লাহে সেই ব্যক্তিক চিৰ উজ্জল কৰি ৰাখক, যিয়ে মোৰ পৰা কোনো বিষয় শুনে, আৰু সেইটো সেইদৰেই বেলেগক বৰ্ণনা কৰে যিদৰে তেওঁ শুনিছে। কিয়নো যিসকলক পৌঁচাই দিয়া হ'ব তেওঁলোকৰ মাজৰ কিছুমান লোক এনেকুৱা আছে, যিয়ে শ্ৰৱণকাৰীতকৈও অধিক ভালকৈ মুখস্থ ৰাখিব পাৰে।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
"তোমালোকে বগা কাপোৰ পৰিধান কৰা, কাৰণ তোমালোকৰ কাপোৰৰ ভিতৰত বগা কাপোৰ হৈছে সৰ্বোত্তম। লগতে বগা কাপোৰেৰেই তোমালোকে মৃত ব্যক্তিক কাফন দিয়া।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)
"প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})