Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 50 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"আল্লাহে সেই ব্যক্তিৰ প্ৰতি (ৰহমতৰ) দৃষ্টি প্ৰদান নকৰিব, যিয়ে অহংকাৰ কৰি কাপোৰ চোঁচৰাই পিন্ধি ফুৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কোনো মুছলিমৰ বাবে বৈধ নহয় তাৰ ভাইৰ লগত তিনি দিনতকৈ অধিক সময় এনেকুৱাকৈ কথা-বতৰা বন্ধ ৰখা যে, পৰস্পৰৰ সাক্ষাৎ হ'লে, এজনে ইফালে মুখ ঘূৰাই লয় আৰু আনজনে সিফালে মুখ ঘূৰাই লয়। সিহঁত দুজনৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিয়ে প্রথমে ছালাম কৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে যেতিয়া নিজৰ ভাতৃৰ সৈতে সাক্ষাৎ কৰিবা, তেতিয়া তাক ছালাম কৰিবা। ইয়াৰ পিছত উভয়ৰ মাজত যদি গছ, দেৱাল, অথবা শিল আদিৰ দ্বাৰা অন্তৰায় হয়, তাৰ পিছত পুনৰ লগ পালে আকৌ ছালাম কৰিবা।"
ছহীহ (আবু দাঊদ)
"মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! নাজাত কেনেকৈ পাব পাৰি? তেখেতে ক'লেঃ তুমি তোমাৰ জিভাক নিয়ন্ত্ৰণত ৰাখিবা, বেছিভাগ সময় নিজৰ ঘৰত থকাৰ চেষ্টা কৰিবা, লগতে নিজৰ গুনাহৰ বাবে কান্দিবা।"
ছহীহ (তিৰমিজী, আহমদ)
"মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"
ছহীহ (তিৰমিজী)
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া অজু কৰিবা তেতিয়া সি যেন নাকত পানী দি নাক চাফা কৰি লয়। এইদৰে যিয়ে ইস্তিনজাৰ বাবে ঢিলা কলুষ ব্যৱহাৰ কৰিব সি যেন বিযোৰ সংখ্যক ঢিলা কলুষ ব্যৱহাৰ কৰে। যেতিয়া তোমালোকৰ মাজৰ কোনোবাই টোপনিৰ পৰা উঠে, সি যেন হাত নোধোৱাকৈ অজুৰ পানীত হাত সোমাই নিদিয়ে। কাৰণ সি নাজানে ৰাতিত তাৰ হাতে কোন কোন ঠাইক স্পৰ্শ কৰিছে।" ছহীহ মুছলিমত আছে যে, "যেতিয়া তোমালোকে টোপনিৰ পৰা উঠিবা, তেতিয়া তোমালোকে নিজৰ হাত তিনিবাৰ ভালকৈ ধোৱাৰ পিছতহে কোনো পাত্ৰত হাত দিবা। কাৰণ সি নাজানে ৰাতিত তাৰ হাতে কোন কোন ঠাইক স্পৰ্শ কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।" কাৰণ সি অহংকাৰ কৰি তেখেতৰ নিৰ্দেশ অমান্য কৰিছিল। (বৰ্ণনাকাৰীয়ে) কৈছেঃ ইয়াৰ পিছৰ পৰা সি কেতিয়াও নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে আনিব পৰা নাছিল।
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
ছহীহ (বুখাৰী)