Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 32 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।" কাৰণ সি অহংকাৰ কৰি তেখেতৰ নিৰ্দেশ অমান্য কৰিছিল। (বৰ্ণনাকাৰীয়ে) কৈছেঃ ইয়াৰ পিছৰ পৰা সি কেতিয়াও নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে আনিব পৰা নাছিল।
ছহীহ (মুছলিম)
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।
ছহীহ (মুছলিম)
"প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এটা ভ্ৰমণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ। মই তেখেতৰ মোজা খুলিবলৈ হাত আগুৱাই দিলোঁ, তেতিয়া তেখেতে ক'লেঃ "ৰ'বা, মই এই দুখন অজু কৰি পিন্ধিছোঁ।" ইয়াৰ পিছত তেখেতে সেই মোজাৰ ওপৰত মছেহ কৰিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া আহাৰ কৰে তেতিয়া তেওঁ সোঁহাতেৰে খোৱা উচিত, আৰু কিবা সেৱন কৰিলে সোঁহাতেৰে সেৱন কৰা উচিত। কাৰণ চয়তানে নিজৰ বাওঁ হাতেৰে খায় আৰু সেৱন কৰে।"
ছহীহ (মুছলিম)
"যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})