Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 72 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ'ল যে, কোনটো আমলৰ কাৰণে অধিক মানুহে জান্নাতত প্রৱেশ কৰিব? তেখেতে ক'লে: “আল্লাহৰ তাক্বৱা আৰু উত্তম চৰিত্ৰৰ কাৰণে।” লগতে প্ৰশ্ন কৰা হ'ল যে, কোনটো কৰ্মৰ কাৰণে অধিক মানুহে জাহান্নামত প্ৰৱেশ কৰিব? তেখেতে ক'লে: “মুখ আৰু লজ্জাস্থানৰ কাৰণে।”
হাছান ছহীহ (তিৰমিজী, ইবনে মাজাহ, আহমদ)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আমি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত বহি আছিলোঁ, তেনেতে তেখেতে ক'লেঃ আমাক তাকাল্লুফ কৰিবলৈ অৰ্থাৎ প্ৰয়োজন নোহোৱাকৈ নিজকে কষ্ট দিবলৈ নিষেধ কৰিছে।
ছহীহ (বুখাৰী)
"যি ইল্মৰ দ্বাৰা আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব পাৰি, তেনেকুৱা ইল্ম যিয়ে দুনিয়াৱী স্বাৰ্থ অৰ্জন কৰাৰ বাবে শিকে, সেই ব্যক্তিয়ে কিয়ামতৰ দিনা জান্নাতৰ সুগন্ধিও নাপাব।"
ছহীহ (আবু দাঊদ,ইবনে মাজাহ, আহমদ)
"নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})