Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 72 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লোঁ যে, আপোনাৰ বাবে চাফিয়্যাৰ এই এই বৈশিষ্ট্যই যথেষ্ট। বৰ্ণনাকাৰীসকলৰ মাজৰ এজনে কৈছেঃ ইয়াৰ দ্বাৰা তেওঁ বুজাইছে যে, চাফিয়্যা আছিল চাপৰ। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ মই কেৱল এজন লোকে কৰা পৰিহাসমূলক ভংগীহে উপস্থাপন কৰিছোঁ। তেখেতে ক'লেঃ "মোক কোনোবাই ইমান ইমান ধন-সম্পদ দিলেও মই কাৰো বিষয়ে এনেকুৱা উপহাসমূলক ভংগী দাঙি নধৰোঁ।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা তেতিয়া উত্তমভাৱে হত্যা কৰিবা, আৰু যেতিয়া জবেহ কৰিবা তেতিয়া উত্তমভাৱে জবেহ কৰিবা। জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো তোমালোকে চোকা কৰি লবা। যাতে জবেহ কৰিবলগীয়া জন্তুৱে অধিক কষ্ট নাপায়।
ছহীহ (মুছলিম)
"নিশ্চয় মই নৈতিকতাক তথা উত্তম চৰিত্ৰক পূৰ্ণতা প্ৰদান কৰিবলৈ নবী হিচাপে আগমন কৰিছোঁ।"
হাছান বুখাৰীয়ে আল-আদাবুল মুফৰাদত বৰ্ণনা কৰিছে, লগতে আহমদ আৰু বাইহাকীয়েও বৰ্ণনা কৰিছে।
যি ব্যক্তিয়ে মানুহৰ প্রতি দয়া নকৰে, সৰ্বশক্তিমান আল্লাহেও তাৰ প্রতি দয়া নকৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কোনো সৎকৰ্মকেই তুমি তুচ্ছ জ্ঞান নকৰিবা। যদিও সেইটো তোমাৰ (মুছলিম) ভাতৃৰ সৈতে হাঁহিমুখে সাক্ষাৎ কৰাই নহওক কিয়।
ছহীহ (মুছলিম)
"যিয়ে মানুহৰ কৃতজ্ঞতা প্ৰকাশ নকৰে, সি আল্লাহৰো কৃতজ্ঞতা প্ৰকাশ নকৰে।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
কোনো এজন ব্যক্তিয়ে তাৰ ভায়েকক লজ্জা সম্পৰ্কে উপদেশ দি আছিল, (অৰ্থাৎ তাক বেছি লাজ কৰিবলৈ নিষেধ কৰি আছিল) এই কথা শুনা পাই নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “লজ্জা হৈছে ঈমানৰ অংগ।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})