Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 18 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়। আনহাতে গুৰুত্বপূৰ্ণ আৱশ্যক বিষয় দুটা হৈছে, এনেকুৱা ব্যক্তি যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে, সেই ব্যক্তিয়ে জান্নাতত প্ৰৱেশ কৰিব। পক্ষান্তৰে যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰিছে সি জাহান্নামত প্ৰৱেশ কৰিব। আনহাতে কৰ্ম অনুপাতে ছোৱাব লাভ কৰাৰ বিষয়টো হৈছে, যেতিয়া কোনো ব্যক্তিয়ে নেক কাম কৰিবলৈ ইচ্ছা কৰে আনকি সংকল্প কৰে, তেতিয়া আল্লাহে বিষয়টো গমি চাই ইয়াৰ বিনিময়ত এটা ছোৱাব প্ৰদান কৰে, এইদৰে যিয়ে গুনাহ কৰে তাৰ আমলনামাতো এটা গুনাহ লিখা হয়, পক্ষান্তৰে যিয়ে কোনো এটা নেক আমল কৰে, তাৰ বিনিময়ত সেই ব্যক্তিক দহগুণ ছোৱাব প্ৰদান কৰা হয়। এইদৰে আল্লাহৰ পথত যিয়ে চাদাক্বাহ কৰে, সেই নেক আমলক সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়।আনহাতে পাৰ্থিৱ জীৱনত প্ৰশস্তময় জীৱন-যাপন কৰা ব্যক্তিয়ে আখিৰাতত সংকটময় জীৱন-যাপন কৰিব, পক্ষান্তৰে পাৰ্থিৱ জীৱনত সংকটময় জীৱন-যাপন কৰাজনে আখিৰাতত প্ৰশস্ত জীৱন লাভ কৰিব। এইদৰে আন কিছুমান লোক আছে যিসকলে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সংকটময় জীৱন পাৰ কৰিব আৰু কিছুমানে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে প্ৰশস্ত জীৱন লাভ কৰিব।
হাছান (আহমদ)
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত সৰু বৰ প্ৰত্যেকৰে ফালৰ পৰা, স্বাধীন হওক বা পৰাধীন ফিতৰা হিচাপে এক ছা পৰিমাণ খাদ্য দ্ৰৱ্য, এক ছা পনীৰ অথবা এক ছা যৱ, নাইবা এক ছা খেজুৰ অথবা এক ছা কিছমিছ আদায় কৰিছিলোঁ। এনেকৈয়ে আমি ফিতৰা আদায় কৰি আছিলোঁ। যেতিয়া মুআৱিয়া বিন আবি ছুফিয়ান ৰাদ্বিয়াল্লাহু আনহু হজ্জ অথবা ওমৰাৰ উদ্দেশ্যে আমাৰ ইয়ালৈ আহিল, আৰু তেখেতে মানুহৰ সন্মুখত ভাষণ দি ক'লেঃ মোৰ মতে ছিৰিয়াৰ দুই মুদ্দ ৰঙা ঘেঁহু হৈছে এক ছা খেজুৰৰ সমান। ইয়াৰ পিছত মানুহে তেওঁৰ এই অভিমতটোকে মানি ল'লে। আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ (মই প্ৰতিজ্ঞা লৈছিলোঁ যে,) মই যিমান দিনলৈ জীৱিত থাকিম, তেতিয়ালৈকে আগৰ নিয়ম মতেই দি যাম, যেনেকৈ ইতিপূৰ্বে দি আহিছিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মহান আল্লাহে কৈছেঃ "হে আদম সন্তান! ব্যয় কৰা, তেতিয়াহে তোমাৰ ওপৰত ব্যয় কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মোৰ ওচৰলৈ এজনী মহিলা দুটি কন্যা শিশু কোলাতলৈ আহি কিবা খোৱা বস্তু বিচাৰিলে। মোৰ ওচৰত এটা খেজুৰ বাদে একো নাছিল। মই সেইটোৱে তাইক দি দিলোঁ। মহিলাজনীয়ে খেজুৰটো ফালি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইয়াৰ পিছতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে। মই সেই ঘটনাটো বিৱৰি ক'লোঁ। তেখেতে ক'লেঃ "যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
চাদাক্বাই কেতিয়াও সম্পদ হ্ৰাস নকৰে আৰু যি ব্যক্তিয়ে ক্ষমা কৰে, আল্লাহে তাৰ সন্মান বৃদ্ধি কৰি দিয়ে। এইদৰে যি ব্যক্তিয়ে আল্লাহৰ (সন্তুষ্টি অৰ্জনৰ) বাবে বিনয়ী হ’ব, আল্লাহে তাক উচ্চ মর্যাদালৈ উন্নীত কৰিব।
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক যেতিয়া য়ামানলৈ প্ৰেৰণ কৰিছিল তেতিয়া তেখেতে তেওঁক নিৰ্দেশ দিছিল যে, তেওঁ যেন প্ৰত্যেক ত্ৰিছটা গৰুৰ বিপৰীতে একোটাকৈ এবছৰীয়া গো-পোৱালী মাইকী হওক বা মতা (যাকাত হিচাপে) সংগ্ৰহ কৰে। আনহাতে প্ৰত্যেক চল্লিশটাৰ বিপৰীতে যেনে এটাকৈ দুবছৰীয়া পোৱালী লয়। এইদৰে প্ৰত্যেক প্ৰাপ্ত বয়স্ক লোকৰ বিপৰীতে এক দীনাৰ অথবা সেই মূল্যৰ মুআফিৰী কাপোৰ লয়। এইটো হৈছে য়ামানত প্ৰস্তুত হোৱা এবিধ কাপোৰ।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।