Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 97 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (49)
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"
ছহীহ (মুছলিম)
"বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"
ছহীহ (মুছলিম)
হে আল্লাহ! মোৰ কবৰক তুমি মূৰ্তিত পৰিণত নকৰিবা। আল্লাহে সেই সম্প্ৰদায়ৰ প্ৰতি অভিশাপ কৰিছে, যিসকলে সিহঁতৰ নবীসকলৰ কবৰসমূহক মছজিদ বনাই লৈছে।
ছহীহ (আহমদ)
"এজন ব্যক্তিয়ে ৰাছুলুল্লাহ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)ক সুধিলে: আপুনি এই বিষয়ে কি কয়, যদি মই ফৰজ ছালাত আদায় কৰোঁ, ৰমজান মাহৰ চওম পালন কৰোঁ, হালালক হালাল বুলি আৰু হাৰামক হাৰাম বুলি গণ্য কৰোঁ, আৰু ইয়াতকৈ বেছি একো নকৰোঁ, তেনেহ’লে মই জান্নাতত প্ৰৱেশ কৰিব পাৰিমনে? তেখেতে ক’লে: হয়।"
ছহীহ (মুছলিম)
"আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় ঠাই হৈছে মছজিদ, আৰু আটাইতকৈ ঘৃণনীয় ঠাই হৈছে বজাৰ।"
ছহীহ (মুছলিম)
এদিনাখন আমি ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মছজিদত বহি আছিলোঁ, এনেতে এজন বেদুঈন মানুহ আহি মছজিদতে প্ৰস্ৰাৱ কৰিবলৈ ধৰিলে। চাহাবীসকলে তাক বাধা প্ৰদান কৰি ক'লে, "বন্ধ কৰা, বন্ধ কৰা!"। তেতিয়া ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লে, "তাক বাধা নিদিবা, এৰি দিয়া।" চাহাবীসকলে তাক এৰি দিলে আৰু সি প্ৰস্ৰাৱ কৰিলে। ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে তাক মাতি নি ক'লে, "এই মছজিদবোৰ প্ৰস্ৰাৱ বা কোনো অপবিত্ৰ কামৰ বাবে উপযুক্ত নহয়। এইবোৰ হৈছে কেৱল আল্লাহৰ জিকৰ-আজকাৰ, নামাজ আৰু কোৰআন তিলাৱত কৰাৰ বাবেহে নিৰ্দিষ্ট।" অথবা ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ কৈছিল (আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে) তেনেকৈয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছত তেখেতে এজন লোকক পানীৰ এটা বাল্টি আনিবলৈ ক'লে আৰু সেই ঠাইত পানী ঢালি দিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নামাজত থকা ব্যক্তিৰ সন্মুখেৰে পাৰ হোৱা ব্যক্তিয়ে যদি জানিলেহেঁতেন যে, এইটো কিমান ডাঙৰ অপৰাধ, তেন্তে সি মুচল্লীৰ সন্মুখেৰে পাৰ হোৱাতকৈ ৪০ (দিন, মাহ বা বছৰ) ৰখি থকাটোকে উত্তম বুলি গণ্য কৰিলেহেঁতেন।" আবুন নজৰে কৈছেঃ মই নাজানো তেওঁ ৪০ দিন কৈছিল নে ৪০ মাহ, নে ৪০ বছৰ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})