Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 74 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

উম্মু ছালামাহ ৰাদ্বিয়াল্লাহু আনহাই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি হাবাশ্বাত দেখা ‘মাৰিয়া’ নামক এটা গীর্জাৰ কথা বৰ্ণনা কৰিলে আৰু তাত তেওঁ যিবোৰ ছবি দেখা পাইছিল সেইবোৰৰ কথাও উল্লেখ কৰিলে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, “সিহঁত হৈছে এনেকুৱা এটা জাতি, সিহঁতৰ মাজৰ কোনোবা এজন পূণ্যৱান বান্দা অথবা পূণ্যৱান ব্যক্তি মৃত্যুবৰণ কৰিলে সিহঁতে তেওঁৰ কবৰৰ ওপৰত মছজিদ (ইবাদতৰ স্থান) নির্মাণ কৰিছিল আৰু তাত এনেকুৱা চিত্ৰ অংকন কৰিছিল। আল্লাহৰ দৃষ্টিত সিহঁতেই হৈছে নিকৃষ্টতম সৃষ্টি”।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছুৰা নচৰ {إِذَا جَاءَ نَصْرُ اللَّهِ وَالفَتْحُ} অৱতীৰ্ণ হোৱাৰ পিছত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতিটো নামাজতে এই দুআ পাঠ কৰিছিলঃ ছুবহানাকা ৰাব্বানা অবিহামদিকা আল্লাহুম্মাগ ফিৰলী।" (অৰ্থঃ হে আমাৰ প্ৰতিপালক! তুমি পৱিত্ৰ, প্ৰশংসা কেৱল তোমাৰেই। হে আল্লাহ! মোক ক্ষমা কৰি দিয়া।)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এবাৰ ৰাতিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিছনাত নাপালোঁ। মই তেখেতক বিচাৰিবলৈ ধৰিলোঁ, হঠাৎ মোৰ হাতে তেখেতৰ দুয়ো ভৰিৰ তালুত স্পৰ্শ কৰিলে। তেখেত ছাজদাহ অৱস্থাত আছিল আৰু তেখেতৰ দুয়ো ভৰিৰ পতা থিয় কৰোৱা আছিল। লগতে তেখেতে এই দুআ পাঠ কৰি আছিলঃ "আল্লাহুম্মা আউজু বিৰিজাকা মিন ছাখাতিক। অবিমুআ-ফাতিকা মিন উকুবাতিক। ওৱা আউজু বিকা মিনকা লা উহচী ছানা-আন আলাইকা, আনতা কামা আছনাইতা আলা নাফছিক।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ অসন্তুষ্টিৰ পৰা তোমাৰ সন্তুষ্টিৰ আশ্ৰয় বিচাৰোঁ। তোমাৰ শাস্তিৰ পৰা তোমাৰ শান্তি আৰু স্বস্তিৰ আশ্ৰয় বিচাৰোঁ। মই তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। তোমাৰ প্ৰশংসা হিচাপ কৰাটো মোৰ পক্ষে সম্ভৱ নহয়। তুমি সেইদৰেই প্ৰশংসাৰ যোগ্য যিদৰে তুমি তোমাৰ নিজৰ প্ৰশংসা কৰিছা।
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেলেগ কোনো নফল চালাতকেই ফজৰৰ দুই ৰাকাত চালাততকৈ অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাকবীৰৰ জৰীয়তে নামাজ আৰম্ভ কৰিছিল আৰু আলহাম্দুলিল্লাহি ৰাব্বিল আলামীনৰ দ্বাৰা কিৰাআত আৰম্ভ কৰিছিল। তেখেতে যেতিয়া ৰুকু কৰিছিল, তেতিয়া মূৰ বেছি ওপৰলৈ তুলিও নাৰাখিছিল আৰু বেছি নিম্নগামী কৰিও নাৰাখিছিল, বৰং পিঠি আৰু মূৰ সমতল কৰি ৰাখিছিল। তেখেতে যেতিয়া ৰুকুৰ পৰা মূৰ তুলিছিল, তেতিয়া তেখেতে পোন হৈ থিয় নোহোৱা পৰ্যন্ত ছাজদাহ কৰা নাছিল। তেখেতে (প্ৰথম) ছাজদাৰ পৰা উঠি স্থিৰভাৱে পোন হৈ নবহালৈকে পুনৰ (দ্বিতীয়) ছাজদাহ কৰা নাছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ অন্তত আত্তাহিয়্যাতু পাঠ কৰিছিল। তেখেতে বহাৰ সময়ত বাওঁ ভৰি পাৰি ৰাখিছিল আৰু সোঁ ভৰি থিয় কৰাই ৰাখিছিল। তেখেতে চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। এইদৰে তেখেতে পুৰুষসকলক হিংস্ৰ জন্তুৰ দৰে দুই হাত প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ মাধ্যমত নামাজ শেষ কৰিছিল।
ছহীহ (মুছলিম)
"ফৰজ নামাজৰ ইকামত হোৱাৰ পিছত, সেই ফৰজ নামাজৰ বাহিৰে বেলেগ আন কোনো নামাজ নহয়।"
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক ফৰজ নামাজৰ পিছতে এই দুআ পঢ়িছিলঃ "লা ইলা-হা ইল্লাল্লাহ, অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হাম্দ, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আল্লাহুম্মা লা মা-নিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা, অলা য়ানফাউ যাল জাদ্দি মিনকাল জাদ্দ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে (কেঁচা) নহৰু অথবা (কেঁচা) পিঁয়াজ খাইছে, সি যেন আমাৰ পৰা আঁতৰি থাকে, - অথবা তেখেতে কৈছিলঃ আমাৰ মছজিদৰ পৰা যেন আঁতৰি থাকে আৰু নিজৰ ঘৰতে যেন অৱস্থান কৰে।" নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ শাক-পাচলিৰে ভৰা এটা পাত্ৰ অনা হ'ল, তেখেতে তাত কিবা গোন্ধ অনুভৱ কৰিলে আৰু সেই বিষয়ে প্ৰশ্ন কৰিলে, ফলত তাত থকা শাক-পাচলি সম্পৰ্কে তেখেতক জনোৱা হ'ল। তেতিয়া তেখেতে তেখেতৰ সৈতে অৱস্থান কৰা কোনো এজন চাহাবীক সেইখিনি দিবলৈ ক'লে, সেই চাহাবীজনে যেতিয়া দেখিলে, তেতিয়া তেৱোঁ সেইটো খাবলৈ অপছন্দ কৰিলে। তেতিয়া তেখেতে ক'লেঃ "তুমি খোৱা, কাৰণ মই যাৰ সৈতে কথা পাতোঁ তুমি তাৰ সৈতে কথা নোকোৱা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})