Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে আগতে প্ৰথম শাৰী পূৰ কৰিবা, তাৰ পিছত পৰৱৰ্তী শাৰী পূৰ কৰিবা। যদি কোনো শাৰী অসম্পূৰ্ণ থাকে তেন্তে সেইটো যাতে শেষৰ শাৰী হয়।"
ছহীহ আবু দাঊদ, নাছায়ীয়ে বৰ্ণনা কৰিছে।
"তোমালোকৰ সন্তানসকলৰ বয়স সাত বছৰ হ'লে সিহঁতক নামাজৰ শিক্ষা দিয়া, আৰু দহ বছৰ বয়সতো নামাজ নপঢ়িলে সিহঁতক প্ৰহাৰ কৰা। লগতে বিছনা পৃথক কৰি দিয়া।"
হাছান (আবু দাঊদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এদিনাখন আমাক ফজৰৰ নামাজ পঢ়োৱাৰ পিছত সুধিলেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। তেখেতে আকৌ ক'লেঃ "অমুক ব্যক্তিজন উপস্থিত আছেনে?" তেওঁলোকে ক'লেঃ নাই। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই দুটা নামাজ মুনাফিকসকলৰ বাবে খুবেই কঠিন। যদি সিহঁতে জানিলেহেঁতেন যে ইয়াত কিমান ছোৱাব আছে তেন্তে সিহঁত নিশ্চয় আহিলহেঁতেন, আনকি আঁঠু আৰু হাতৰ ওপৰত ভৰ কৰি চোঁচৰি আহিব লগা হ'লেও আহিলহেঁতেন। শুনা! প্ৰথম শাৰী হৈছে ফিৰিস্তাসকলৰ শাৰীৰ দৰে। যদি তোমালোকে ইয়াৰ ফজিলত সম্পৰ্কে গম পালাহেঁতেন তেন্তে নিশ্চয় ইয়াৰ বাবে খৰখেদা কৰিলাহেঁতেন। এজন পুৰুষ আন এজন পুৰুষৰ সৈতে আদায় কৰা নামাজ অকলশৰীয়া নামাজতকৈ উত্তম। এজন পুৰুষৰ লগত পঢ়া নামাজতকৈ দুজনৰ সৈতে পঢ়া নামাজ উত্তম। নামাজত মানুহ যিমান বেছি হ'ব, আল্লাহৰ ওচৰত সেই নামাজ সিমানেই প্ৰিয় হ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু আহমদে বৰ্ণনা কৰিছে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক জামাআতৰ শাৰীৰ পিছফালে অকলশৰীয়াকৈ থিয় হৈ নামাজ পঢ়া দেখি, তাক পুনৰ নামাজ পঢ়িবলৈ নিৰ্দেশ দিলে।
হাছান (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"হে বিলাল! নামাজৰ ইক্বামত দিয়া, আৰু ইয়াৰ দ্বাৰা আমাক আৰাম প্ৰদান কৰা।"
ছহীহ (আবু দাঊদ)
"তোমালোকে আল্লাহৰ বান্দীসকলক আল্লাহৰ ঘৰ মছজিদৰ পৰা বাধা প্ৰদান নকৰিবা। কিন্তু সিহঁতে ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত যাতে সুগন্ধি ব্যৱহাৰ নকৰে।"
হাছান (আবু দাঊদ)
"মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
তিনি প্ৰকাৰ লোকৰ পৰা কলম উঠাই লোৱা হৈছেঃ ১) টোপনিত থকা ব্যক্তি, যেতিয়ালৈকে সাৰ নাপায়। ২) শিশু, যেতিয়ালৈকে সি প্ৰাপ্তবয়স্কত উপনীত নহয়। ৩) উন্মাদ ব্যক্তি, যেতিয়ালৈকে বোধশক্তি ঘূৰাই নাপায়।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)