Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 41 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।"
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যোৱাৰ সময়ত এই দুআ পাঠ কৰিছিলঃ (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ) আল্লাহুম্মা ইন্নী আউজুবিকা মিনাল খুবছি অল-খাবাইছ। অৰ্থাৎ "হে আল্লাহ! মই দুষ্ট পুৰুষ জিন আৰু অনিষ্টকাৰী নাৰী জিনৰ পৰা তোমাৰ আশ্ৰয় বিচাৰিছোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ যিয়ে জুমুআত উপস্থিত হ'ব, তেওঁ যেন গোছল কৰি লয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
প্ৰাক-বীৰ্যপাত তৰল পদাৰ্থ সঘনাই নিৰ্গত হোৱা বেমাৰত মই আক্ৰান্ত আছিলোঁ। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জোঁৱাই হোৱাৰ কাৰণে বিষয়টো সম্পৰ্কে তেখেতক সুধিবলৈ লাজ কৰিছিলোঁ। সেয়ে মই মিক্বদাদ ইবনুল আছৱাদক এই বিষয়ে সুধিবলৈ ক'লোঁ, তেওঁ সোধাত তেখেতে ক'লেঃ "এনেকুৱা ব্যক্তিয়ে নিজৰ লজ্জাস্থান ধুই লব আৰু অজু কৰিব লাগিব।" বুখাৰীত এনেকৈ আছে যে, "অজু কৰা আৰু লজ্জাস্থান ধুই লবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
ছহীহ (মুছলিম)
"তোমালোকৰ পাত্ৰৰ পৰা যদি কুকুৰে সেৱন কৰে তেন্তে সেই পাত্ৰটো সাতবাৰ ধুই ল'বা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া অজু কৰিবা তেতিয়া সি যেন নাকত পানী দি নাক চাফা কৰি লয়। এইদৰে যিয়ে ইস্তিনজাৰ বাবে ঢিলা কলুষ ব্যৱহাৰ কৰিব সি যেন বিযোৰ সংখ্যক ঢিলা কলুষ ব্যৱহাৰ কৰে। যেতিয়া তোমালোকৰ মাজৰ কোনোবাই টোপনিৰ পৰা উঠে, সি যেন হাত নোধোৱাকৈ অজুৰ পানীত হাত সোমাই নিদিয়ে। কাৰণ সি নাজানে ৰাতিত তাৰ হাতে কোন কোন ঠাইক স্পৰ্শ কৰিছে।" ছহীহ মুছলিমত আছে যে, "যেতিয়া তোমালোকে টোপনিৰ পৰা উঠিবা, তেতিয়া তোমালোকে নিজৰ হাত তিনিবাৰ ভালকৈ ধোৱাৰ পিছতহে কোনো পাত্ৰত হাত দিবা। কাৰণ সি নাজানে ৰাতিত তাৰ হাতে কোন কোন ঠাইক স্পৰ্শ কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এক ছা পানীৰ দ্বাৰা ফৰজ গোছল কৰিছিল, আৰু এক মুদ পানীৰে অজু সম্পন্ন কৰিছিল।
ছহীহ (মুছলিম)