Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 32 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"কোনো মহিলাই তিনি দিনতকৈ বেছি সময় মৃত ব্যক্তিৰ বাবে শোক পালন (ইহদাদ) কৰিব নোৱাৰিব—কেৱল স্বামীৰ বাবেহে চাৰি মাহ দহ দিন শোক পালন কৰিব। ইয়াৰ উপৰিও (য়ামানত প্ৰস্তুতকৃত ৰঙীন কাপোৰৰ বাহিৰে বেলেগ কোনো) ৰঙীন কাপোৰ পিন্ধিব নোৱাৰিব। কাজল লগাব নোৱাৰিব, সুগন্ধি স্পৰ্শ কৰিব নোৱাৰিব। কিন্তু হায়েজৰ পৰা পবিত্ৰ হোৱাৰ পিছত অকণমান কুস্ত অথবা আজফাৰ দ্বাৰা তৈয়াৰী (এবিধ সুগন্ধি দ্ৰব্য) ব্যৱহাৰ কৰিব পাৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মূৰৰ কিছু অংশৰ চুলি মুণ্ডন কৰি আন কিছু অংশৰ চুলি ৰাখিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিষেধ কৰিছে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
বিবাহ কৰিবলৈ যাৰ সামৰ্থ আছে, তেওঁ বিবাহ কৰি লোৱা উচিত। কাৰণ বিবাহে দৃষ্টি সংযত ৰাখে আৰু লজ্জাস্থান সুৰক্ষিত ৰাখে। আনহাতে যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰা উচিত। কাৰণ ৰোজাই প্ৰবৃত্তিৰ কামনা-বাসনাক প্ৰতিৰোধ কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
ছহীহ নাছায়ীয়ে ছুনান আল-কুবাৰাত উল্লেখ কৰিছে, একেই অৰ্থৰ হাদীছ ইবনে মাজাহ আৰু আহমদে বৰ্ণনা কৰিছে।
"নিশ্চয় মহান আল্লাহে তোমালোকৰ তিনিটা বস্তুৰ প্ৰতি সন্তুষ্ট হয় তথা পছন্দ কৰে আৰু তিনিটা বস্তুক অপছন্দ কৰে। তেওঁ তোমালোকৰ পৰা পছন্দ কৰে যে, তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰিবা, আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিবা, লগতে সকলোৱে মিলি আল্লাহৰ ৰছীক মজবুতভাৱে ধাৰণ কৰিবা তথা বহুধা বিভক্ত নহ'বা। তেওঁ তোমালোকৰ পৰা অপছন্দ কৰে, অনৰ্থক কথা বতৰা, অত্যাধিক প্ৰশ্ন কৰা, আৰু সম্পদ বিনষ্ট কৰা।"
ছহীহ (মুছলিম)
"তোমালোকৰ প্ৰত্যেকেই দায়িত্বশীল। গতিকে প্ৰত্যেককে তাৰ অধীনস্থ লোকসকলৰ বিষয়ে প্ৰশ্ন কৰা হ'ব। যেনে- মানুহৰ ওপৰত শাসন চলোৱা শাসক হৈছে এজন দায়িত্বশীল ব্যক্তি, তাক তাৰ দায়িত্ব সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। পুৰুষ হৈছে পৰিয়ালৰ প্ৰতি দায়িত্বশীল, তাক নিজৰ পৰিয়ালৰ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে নাৰী হৈছে স্বামীৰ ঘৰৰ আৰু তাৰ সন্তানসকলৰ প্ৰতি দায়িত্বশীল, তাইক সেই সম্পৰ্কে সোধ-পোচ কৰা হ'ব। এইদৰে দাস হৈছে তাৰ মালিকৰ সম্পদ ৰক্ষাৰ দায়িত্বত নিয়োজিত, তাক সেই দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব। জানি থোৱা! তোমালোক প্ৰত্যেকেই দায়িত্বশীল, গতিকে তোমালোকৰ প্ৰত্যেককে নিজ নিজ দায়িত্ব সম্পৰ্কে সোধ-পোচ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
অভিভাৱক অবিহনে বিবাহ নহয়।
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"দুগ্ধপানৰ জৰিয়তেও সেইবোৰ আত্মীয়ৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন হাৰাম হৈ পৰে, যিবোৰৰ সৈতে বংশীয় কাৰণত হাৰাম।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})