Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 29 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলোঁ যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত থকা অৱস্থাত কি কৰিছিল? তেওঁ ক'লেঃ তেখেতে ঘৰোৱা কামত সহায় কৰিছিল, অৰ্থাৎ পৰিয়ালবৰ্গৰ কামত সহযোগ কৰিছিল। যেতিয়া নামাজৰ সময় হৈছিল তেতিয়া লগে লগে নামাজৰ বাবে ওলাই গৈছিল।
ছহীহ (বুখাৰী)
ইঝাৰ বা পৰিধেয় কাপোৰৰ যিটো অংশ ভৰিৰ সৰু গাঁঠিৰ তলত থাকিব, সেই অংশ জাহান্নামত যাব।
ছহীহ (বুখাৰী)
"যি নাৰীয়ে অলীৰ অনুমতি নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হয়, তাইৰ নিকাহ বাতিল। -এই কথা তেখেতে তিনিবাৰ কৈছে- যদি এই অৱস্থাত পুৰুষজনে সহবাস কৰে তেন্তে ইয়াৰ ফলত তাইক মোহৰ অৰ্পণ কৰিব লাগিব। কিন্তু যদি অলীসকলৰ মাজত পৰস্পৰ বিবাদ হয় তেন্তে এই ক্ষেত্ৰত যাৰ কোনো অলী নাই, তাৰ অলী হ'ব প্ৰশাসন।"
ছহীহ (আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
"তোমাৰ ভাতৃক সহায় কৰা, সি যালিম হওক বা মাজলুম। এজনে সুধিলেঃ হে আল্লাহৰ ৰাছুল! যদি সি মাজলুম তথা নিৰ্যাতিত হয় তেন্তে তাক সহায় কৰাটো মোৰ কৰ্তব্য (এইটো বুজি পালোঁ। কিন্তু যালিম বা অন্যায়কাৰীক কিদৰে সহায় কৰিম? তেখেতে ক'লেঃ "তাক অন্যায়ৰ পৰা বিৰত ৰাখিবা - অথবা তাক বাধা প্ৰদান কৰিবা। এইটোৱে হৈছে তাক সহায় কৰা।"
ছহীহ (বুখাৰী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাওঁ হাতত ৰেচম আৰু সোঁ হাতত সোণ লৈ দুয়ো হাত ওপৰলৈ উঠাই ক'লেঃ "এই দুয়োটা বস্তু মোৰ উম্মতৰ পুৰুষসকলৰ বাবে হাৰাম আৰু নাৰীসকলৰ বাবে হালাল।"
ছহীহ আবু দাঊদ, নাছায়ী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।
"নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা। কিয়নো বনী ইছৰাঈলৰ প্ৰথম ফিতনা আছিল নাৰীৰ ফিতনা।"
ছহীহ (মুছলিম)
পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।
ছহীহ (মুছলিম)
যিজন ব্যক্তিৰ দুজনী স্ত্ৰী আছে, যদি তেওঁ এজনীৰ প্ৰতি বেছি ঢাল খায়, তেন্তে কিয়ামতৰ দিনা তেওঁ এনেকুৱা অৱস্থাত উপস্থিত হ'ব যে, তেওঁৰ শৰীৰৰ এটা কাষ ঢাল খাই থাকিব।
ছহীহ আবু দাঊদ, তিৰমিজী, নাছায়ী, ইবনে মাজাহ, আৰু আহমদ বৰ্ণনা কৰিছে।