Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 14 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এবাৰ কিছুমান আশ্বআৰী লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা বাহন বিচাৰি আহিলোঁ। তেখেতে ক'লেঃ "আল্লাহৰ শপত! মই তোমালোকক বাহন দিব নোৱাৰিম। কাৰণ, তোমালোকক বাহন হিচাপে দিবলৈ মোৰ ওচৰত একো নাই।" ইয়াৰ পিছত আল্লাহৰ ইচ্ছা অনুসৰি আমি কিছু সময় তাত অপেক্ষা কৰিলোঁ। ঠিক সেই সময়তে তেখেতৰ ওচৰলৈ কেইটামান উট অনা হ'ল। তেতিয়া তেখেতে আমাক তিনিটা উট দিবলৈ নিৰ্দেশ দিলে। আমি যেতিয়া উভতি আহিলোঁ তেতিয়া আমাৰ মাজৰ কিছুমানে পৰস্পৰে আলোচনা কৰি আছিল যে, আল্লাহে হয়তো আমাক বৰকত দান নকৰিব। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বাহন দিব নোৱাৰিব বুলি শপত খাইছিল। ইয়াৰ পিছতো তেখেতে আমাক বাহন দিলে। আবূ মূছাই কৈছেঃ আমি আকৌ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ ঘূৰি আহিলোঁ আৰু এই বিষয়টো উল্লেখ কৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই তোমালোকক বাহন দিয়া নাই; বৰং আল্লাহে তোমালোকৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে। আল্লাহৰ শপত! -ইন শ্বা আল্লাহ- মই যেতিয়া কোনো বিষয়ত শপত খাওঁ, কিন্তু যদি ইয়াৰ বিপৰীত বিষয়টোত মঙ্গল দেখা পাওঁ, তেতিয়া মই শপতৰ কাফফাৰা আদায় কৰি দিওঁ, লগতে যিটো কল্যাণকৰ সেইটোৱে বাস্তৱায়িত কৰোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোনো মুছলিমৰ ওচৰত অছিয়তযোগ্য কিবা থাকিলে, সেই অছিয়ত লিখিত ৰূপে সংৰক্ষণ নকৰাকৈ তিনি ৰাতি অতিবাহিত কৰাটো তাৰ বাবে সমীচীন নহয়।" আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই কথাষাৰ শুনাৰ পিছৰ পৰা এনেকুৱা এটাও ৰাতি মই অতিবাহিত কৰা নাই যে, যিদিনা মোৰ ওচৰত মোৰ অছিয়ত লিখিত ৰূপে সংৰক্ষণ নাছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে আবু জৰ! যেতিয়া তুমি কোনো জোল থকা আঞ্জা ৰান্ধিবা, তেতিয়া অলপ পানী বেছিকৈ দিবা, যাতে অলপ তৰকাৰি প্ৰতিৱেশীকো দিব পাৰা।"
ছহীহ (মুছলিম)
"যিয়ে এইটো পছন্দ কৰে যে, কিয়ামতৰ দিনা যেন আল্লাহে তাক কঠিন বিপদৰ পৰা ৰক্ষা কৰে, তেন্তে তেওঁ যেন ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক অৱকাশ দিয়ে, অথবা ক্ষমা কৰি দিয়ে।"
ছহীহ (মুছলিম)