Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

তেওঁ হাজাৰে আছৱাদৰ ওচৰলৈ আহি চুমা খাই কৈছিলঃ মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আনচাৰসকলৰ বিষয়ে কৈছেঃ "কেৱল মুমিনসকলেহে তেওঁলোকক ভাল পাব, আৰু কেৱল মুনাফিকসকলেহে তেওঁলোকক ঘৃণা কৰিব। গতিকে যিয়ে তেওঁলোকক ভাল পায়, আল্লাহে তাক ভাল পায়, আৰু যিয়ে তেওঁলোকক ঘৃণা কৰে, আল্লাহে তাক ঘৃণা কৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাবিত ইবনু কায়েছক তেখেতৰ বৈঠকত অনুপস্থিত পালে। তেতিয়া এজন চাহাবীয়ে ক'লেঃ হে আল্লাহৰ ৰাছুল! মই তেওঁৰ বিষয়ে জানকাৰী আনি দিব পাৰিম। ইয়াৰ পিছত সেই চাহাবীজন তেওঁৰ ঘৰলৈ আহি দেখিলে যে, ছাবিত মূৰ নত কৰি বহি আছে। তেওঁ সুধিলেঃ হে ছাবিত! কি হৈছে তোমাৰ? ছাবিতে ক'লেঃ অত্যন্ত বেয়া। দৰাচলতে ছাবিতৰ আৱাজ উচ্চ আছিল, তেওঁ কথা ক'লে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আৱাজতকৈ তেওঁৰ আৱাজ বেছি ওখ হৈছিল। সেইকাৰণে তেওঁ ভাবিছিল যে, তেওঁৰ সকলো আমল বিনষ্ট হৈ গৈছে, আৰু তেওঁ জাহান্নামীসকলৰ অন্তৰ্ভুক্ত হৈছে। তেওঁৰ এই কথা শুনি চাহাবীজনে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি জনালে যে, তেওঁ এই এই কথা কৈছে। ইয়াৰ পিছত সেই চাহাবীজনক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা মহা সুসংবাদ দি প্ৰেৰণ কৰি ক'লে যে, "তুমি গৈ তাক কোৱাগৈ যে, তুমি জাহান্নামী নহয়, বৰং তুমি হৈছা জান্নাতী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোৰ প্ৰজন্মৰ লোকসকলেই হৈছে তোমালোকৰ মাজত সৰ্বোত্তম। ইয়াৰ পিছত সেইসকল লোক, যিসকল ইয়াৰ পিছৰ প্ৰজন্মৰ। তাৰ পিছত সেইসকল লোক, যিসকল তাৰ পিছৰ প্ৰজন্মৰ।" ইমৰাণে কৈছেঃ মোৰ মনত নাই, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰজন্মৰ পিছত দুটা প্ৰজন্মৰ কথা কৈছে নে তিনিটা প্ৰজন্মৰ কথা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ পিছত এনেকুৱা লোকৰ আবিৰ্ভাৱ হ'ব, যিসকলে বিশ্বাসঘাতকতা কৰিব, আমানত ৰক্ষা নকৰিব। সাক্ষ্য দিবলৈ নামাতিলেও উপযাচি সাক্ষ্য দিব। সিহঁতে মান্নত কৰিব কিন্তু পূৰণ নকৰিব। সিহঁতৰ মাজত মেদবহুলতাৰ প্ৰকাশ ঘটিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})