যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
মিক্বদাদ বিন মাদি কাৰিব ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছেঃ
যেতিয়া কোনো ব্যক্তিয়ে তাৰ কোনো ভাতৃক ভালপায়, তেতিয়া সি তাক বিষয়টো জনাই দিয়া উচিত যে, সি তাক ভাল পায়।
«إِذَا أَحَبَّ الرَّجُلُ أَخَاهُ فَلْيُخْبِرْهُ أَنَّهُ يُحِبُّهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা উপায় বৰ্ণনা কৰিছে যিটোৰ দ্বাৰা মুমিনসকলৰ মাজৰ সম্পৰ্ক শক্তিশালী হয় আৰু তেওঁলোকৰ মাজত মুহাব্বত প্ৰসাৰিত হয়। সেই উপায়টো হৈছে, যদি কোনো ব্যক্তিয়ে কাৰোবাক ভালপায় তেন্তে তেওঁ সেই কথাটো তাক জনাই দিয়া উচিত যে, তেওঁ তাক ভালপায়।
নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে মুহাব্বত কৰা উচিত, পাৰ্থিৱ কোনো স্বাৰ্থ অৰ্জনৰ উদ্দেশ্যে মুহাব্বত কৰা উচিত নহয়।
মাহবুবক আল্লাহৰ উদ্দেশ্যে কৰা মুহাব্বতৰ কথা জনাই দিয়াটো মুস্তাহাব, যাতে মুহাব্বত তথা আন্তৰিকতা আৰু অধিক বৃদ্ধি পায়।
মুমিনসকলৰ মাজত মুহাব্বত প্ৰসাৰিত হ'লে ঈমানী ভাতৃত্ববোধ শক্তিশালী হয়, লগতে অনৈক্য আৰু বিভাজনৰ পৰা সমাজ সুৰক্ষিত থাকে।
ছুনান আবি দাঊদ (7/ 444) (5124).
ছুনান তিৰমিজী (4/ 199) (2392).
ছুনান আল-কুবৰা লিন নাছায়ী (9/ 87) (9963).
মুছনাদ আহমদ (28/ 408) (17171).
অধিক (12)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 450).
تطريز رياض الصالحين.
لفيصل المبارك (ص258).
رياض الصالحين للنووي.
(ص138) (383).
سلسلة الأحاديث الصحيحة وشيء من فقهها وفوائدها.
للألباني (1/ 777).
فيض القدير شرح الجامع الصغير.
للمناوي (1/ 247).
كنوز رياض الصالحين.
لمجموعة من الباحثين (6/ 279).