তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।
আব্দুৰ ৰহমান ইবনু আবি লাইলাৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে, তেওঁলোক এবাৰ হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰত আছিল, সেই সময়ত হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে পানী বিচৰাত এজন অগ্নিপূজকে তেখেতক (ৰূপেৰে নিৰ্মিত পিয়লাত) পানী আনি দিলে, সেই অগ্নিপূজকে যেতিয়া পিয়লাটো আনি তেখেতৰ হাতত দিলে, তেখেতে সেইটোক লগে লগে দলিয়াই দিলে, আৰু ক'লেঃ মই যদি এওঁক এবাৰ বা দুবাৰতকৈ অধিকবাৰ নিষেধ নকৰিলোঁহেঁতেন তথাপিও বিষয়টো বেলেগ আছিল, অৰ্থাৎ তেখেতে যেনিবা এইটো ক'ব বিচাৰিছে যে, তেন্তে মই এইটো নকৰিলোঁহেঁতেন। কিন্তু মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ, তেখেতে কৈছেঃ
"তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।
«لاَ تَلْبَسُوا الحَرِيرَ وَلاَ الدِّيبَاجَ، وَلاَ تَشْرَبُوا فِي آنِيَةِ الذَّهَبِ وَالفِضَّةِ، وَلاَ تَأْكُلُوا فِي صِحَافِهَا، فَإِنَّهَا لَهُمْ فِي الدُّنْيَا وَلَنَا فِي الآخِرَةِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক সকলো প্ৰকাৰৰ ৰেচমী কাপোৰ পৰিধান কৰিবলৈ নিষেধ কৰিছে। আনহাতে নাৰী-পুৰুষ উভয়কে সোণ-ৰূপেৰে নিৰ্মিত পানপাত্ৰ অথবা বাচন-বৰ্তনত পানাহাৰ কৰিবলৈ নিষেধ কৰিছে। তেখেতে এই কথাও জনাইছে যে, কিয়ামতৰ দিনা এইটো মুমিনসকলৰ বাবে নিৰ্দিষ্ট থাকিব, কাৰণ পৃথিৱীত তেওঁলোকে আল্লাহৰ আনুগত্যৰ কাৰণে ইয়াৰ পৰা বিৰত আছিল। পক্ষান্তৰে আখিৰাতত কাফিৰসকলক ইয়াৰ ব্যৱহাৰৰ অনুমতি দিয়া নহ'ব। কিয়নো সিহঁতে পৃথিৱীত নিজৰ জীৱনকালতেই ইয়াক ব্যৱহাৰ কৰি আহিছে আৰু সিহঁতে আল্লাহৰ আদেশ উলংঘা কৰিছিল।
পুৰুষসকলৰ বাবে সকলো প্ৰকাৰ (মিহি হওক বা মোটা) ৰেচমী কাপোৰ পৰিধান কৰা হাৰাম। তথাপিও যিসকলে ইয়াক ব্যৱহাৰ কৰিব, সিহঁতক কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে।
নাৰীসকলৰ বাবে মোটা হওক বা মিহি সকলো প্ৰকাৰ ৰেচমী কাপোৰ পৰিধান কৰা বৈধ।
নাৰী-পুৰুষ উভয়ৰে বাবে সোণ-ৰূপেৰে নিৰ্মিত বাচন-বৰ্তন তথা এইবোৰেৰে নিৰ্মিত যিকোনো পাত্ৰত পানাহাৰ কৰা হাৰাম।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কঠোৰভাৱে প্ৰত্যাখ্যান কৰাৰ কাৰণ আছিল, তেখেতে তাক সোণ-ৰূপেৰে নিৰ্মিত পাত্ৰ ব্যৱহাৰ কৰিবলৈ একাধিকবাৰ নিষেধ কৰিছিল, কিন্তু তথাপিও সি ইয়াৰ পৰা বিৰত নাছিল। (সেইকাৰণে তেওঁ পাত্ৰটো দলিয়াই পেলাইছিল)
ছহীহ বুখাৰী (7/ 77) (5426).
ছহীহ মুছলিম (3/ 1638) (2067).
অধিক (2)
تيسير العلام شرح عمدة الأحكام.
عبد الله البسام (ص729).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- اللآلئ المضيئةعَنْ عَبْدِ الرَّحْمَنِ بْنِ أَبِي لَيْلَى: أَنَّهُمْ كَانُوا عِنْدَ حُذَيْفَةَ، فَاسْتَسْقَى فَسَقَاهُ مَجُوسِيٌّ، فَلَمَّا وَضَعَ القَدَحَ فِي يَدِهِ رَمَاهُ بِهِ، وَقَالَ: لَوْلاَ أَنِّي نَهَيْتُهُ غَيْرَ مَرَّةٍ وَلاَ مَرَّتَيْنِ، كَأَن
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 8«لا تَلْبِسُوا الحَرِيرَ وَلا الدِّيبَاجَ، وَلاَ تَشْرَبُوا في آنِيَةِ الذَّهَبِ وَالْفِضَّةِ، وَلا تَأْكُلُوا في صِحَافِهَا».