Skip to content

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই দুআ পাঠ কৰিছিল, আল্লাহুম্মাগ ফিৰলি, অৰহামনী, ওৱা আফিনী, অহদিনী, অৰঝুকনী। (হে আল্লাহ! মোক ক্ষমা কৰি দিয়া, মোৰ প্রতি দয়া কৰা, মোক (বেমাৰ-আজাৰৰ পৰা) ৰক্ষা কৰা, মোক হিদায়ত দিয়া আৰু মোক জীৱিকা প্ৰদান কৰা।

كان النبي صلى الله عليه وسلم يقول بين السجدتين: «اللَّهمَّ اغْفِرْ لي، وارْحَمْنِي، وعافِني، واهْدِني، وارزقْنِي».

(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)
অন্যান্য হাদীছৰ সমৰ্থনত হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই ছাজদাৰ মাজত এই পাঁচটা বিষয়ত দুআ কৰিছিল, যিবোৰ বিষয় প্ৰতিজন মুছলিমৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই দুআৰ মাজত পৃথিৱী আৰু আখিৰাত উভয়ৰে কল্যাণক সামৰি লোৱা হৈছে। যেনে- ক্ষমা প্ৰাৰ্থনা কৰা হৈছে, গুনাহ মাৰ্জনা কৰিবলৈ তথা আওকাণ কৰিবলৈ দুআ কৰা হৈছে, ৰহমত প্ৰদান কৰিবলৈ কোৱা হৈছে, লগতে বেমাৰ-আজাৰ সন্দেহ-সংশয় আৰু প্ৰবৃত্তিৰ কামনা-বাসনা আদিৰ পৰা ৰক্ষা কৰিবলৈ কোৱা হৈছে, এইদৰে সত্যৰ ওপৰত তথা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত ৰাখিবলৈ দুআ কৰা হৈছে। এইদৰে ঈমান, ইল্ম আৰু নেক আমলৰ তাওফীক কামনা কৰা হৈছে, লগতে আল্লাহৰ ওচৰত পৱিত্ৰ জীৱিকা বিচৰা হৈছে।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

দুই ছাজদাৰ মাজৰ বৈঠকত এই দুআটো পঢ়িব লাগে।

হাদীছটোত এই দুআসমূহৰ গুৰুত্ব বুজোৱা হৈছে, কাৰণ ইয়াৰ মাজত পৃথিৱী আৰু আখিৰাত উভয়ৰে কল্যাণক সামৰি লৈ দুআ কৰা হৈছে।

সম্পাদক

ছুনান আবি দাঊদ (2/ 138) (850).

ছুনান তিৰমিজী (1/ 317) (284).

ছুনান ইবনে মাজাহ (2/ 64) (898).

মুছনাদ আহমদ (5/ 72) (2895).

অধিক (6)

مشكاة المصابيح.

للتبريزي (1/ 283).

سبل السلام شرح بلوغ المرام.

لمحمد الصنعاني (1/ 274).

توضيح الأحكام مِن بلوغ المرام.

لعبد الله البسام (2/ 240).