Skip to content

তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।)

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) এইদৰে ওলোৱাৰ সময়তো যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰে। তাৰ পিছত যাতে এই দুআ পাঠ কৰেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা ৰক্ষা কৰা।)" হাকিমত আছে যে, "ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা মুক্তি দিয়া।)"

«إِذَا دَخَلَ أَحَدُكُمْ المَسْجِدَ فَلْيُسَلِّمْ عَلَى النَّبِيِّ وَلْيَقُلْ: اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ، وَإِذَا خَرَجَ فَلْيُسَلِّمْ عَلَى النَّبِيِّ وَلْيَقُلْ: اللَّهُمَّ اعْصِمْنِي مِنْ الشَّيْطَانِ الرَّجِيمِ»، وَلِلْحَاكِمِ: «وَإِذَا خَرَجَ فَلْيُسَلِّمْ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَلْيَقُلْ: اللَّهُمَّ أَجِرْنِي مِنَ الشَّيْطَانِ الرَّجِيمِ».

ইবনে মাজাহ আৰু হাকিমে বৰ্ণনা কৰিছে।
হাছান
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশনা দিছে যে, মছজিদত সোমোৱাৰ সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই বুলি দৰূদ আৰু ছালাম পাঠ কৰিব লাগেঃ আল্লাহুম্মা চাল্লি অছাল্লিম আলা মুহাম্মদ। ইয়াৰ পিছত এই দুআ পাঠ কৰিব লাগেঃ আল্লা-হুম্মাফ তাহলী আবওৱাবা ৰাহমাতিক। এইদৰে মছজিদৰ পৰা ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ ক'ব লাগেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। হাকিমৰ বৰ্ণনাত আছে যে, এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

মছজিদত প্ৰৱেশ কৰাৰ সময়ত আৰু ওলোৱাৰ সময়ত এই দুআটো পাঠ কৰা মুস্তাহাব।

এই দুআটো প্ৰত্যেক মছজিদৰ বাবে প্ৰযোজ্য, আনকি মছজিদুল হাৰামৰ বাবেও।

প্ৰৱেশৰ সময়ত আল্লাহৰ ৰহমত বিচাৰি দুআ কৰা আৰু ওলোৱাৰ সময়ত বিতাৰিত চয়তানৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত নিৰাপত্তা বিচাৰি প্ৰাৰ্থনা কৰাৰ কাৰণ হৈছে, মছজিদত প্ৰৱেশকাৰী ব্যক্তিয়ে মছজিদৰ ভিতৰত এনেকুৱা কৰ্মত ব্যস্ত থাকে যিবোৰৰ দ্বাৰা আল্লাহৰ নৈকট্য অৱলম্বন কৰিব পৰা যায় আৰু জান্নাত লাভ হয়, সেইকাৰণে এই সময়ছোৱাত ৰহমত বিচাৰি দুআ কৰাটো বেছি উপযুক্ত। পক্ষান্তৰে মছজিদৰ পৰা বাহিৰ হৈ তেওঁ পৃথিৱীৰ বিভিন্ন ব্যস্ততা আৰু বিভ্ৰান্তিৰ মাজত প্ৰৱেশ কৰে। সেইকাৰণে এই সময়ছোৱাত আল্লাহৰ ওচৰত চয়তানৰ অনিষ্টৰ পৰা নিৰাপত্তা আৰু সুৰক্ষা বিচাৰি প্ৰাৰ্থনা কৰাটো বেছি উপযুক্ত।

সম্পাদক

ছুনান ইবনে মাজাহ (1/ 494) (773).

অধিক (4)

المستدرك على الصحيحين للحاكم (1/ 325).

شرح أبي داود للعيني (2/ 374).

شرح سنن أبي داود للعباد (66/ 3).

مرشد ذوي الحجا والحاجة إلى سنن ابن ماجه والقول المكتفى على سنن المصطفى (5/ 297).