Skip to content

তোমালোকে জানানে অভাৱী কোন?

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"তোমালোকে জানানে অভাৱী কোন?" চাহাবাসকলে ক'লেঃ আমাৰ দৃষ্টিত অভাৱী হৈছে সেই ব্যক্তি, যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো বয়-বস্তুও নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি যাক কিয়ামতৰ দিনা নামাজ, ৰোজা, জাকাত আদিৰ সৈতে উপস্থিত কৰা হ'ব, কিন্তু সি (পৃথিৱীত) কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, অন্যায়ভাৱে কাৰোবাক হত্যা কৰিছিল, কাৰোবাক আক্ৰমণ কৰিছিল, ফলত তাৰ নেকীবোৰ লৈ সিহঁতৰ মাজত বিতৰণ কৰি দিয়া হ'ব, যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও তাৰ অপৰাধৰ সংখ্যা শেষ নহ'ব, তেতিয়া সিহঁতৰ গুনাহসমূহ তাৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব।

«أَتَدْرُونَ مَا الْمُفْلِسُ؟» قَالُوا: الْمُفْلِسُ فِينَا مَنْ لَا دِرْهَمَ لَهُ وَلَا مَتَاعَ، فَقَالَ: «إِنَّ الْمُفْلِسَ مِنْ أُمَّتِي يَأْتِي يَوْمَ الْقِيَامَةِ بِصَلَاةٍ وَصِيَامٍ وَزَكَاةٍ، وَيَأْتِي قَدْ شَتَمَ هَذَا، وَقَذَفَ هَذَا، وَأَكَلَ مَالَ هَذَا، وَسَفَكَ دَمَ هَذَا، وَضَرَبَ هَذَا، فَيُعْطَى هَذَا مِنْ حَسَنَاتِهِ، وَهَذَا مِنْ حَسَنَاتِهِ، فَإِنْ فَنِيَتْ حَسَنَاتُهُ قَبْلَ أَنْ يُقْضَى مَا عَلَيْهِ أُخِذَ مِنْ خَطَايَاهُمْ فَطُرِحَتْ عَلَيْهِ، ثُمَّ طُرِحَ فِي النَّارِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলক সুধিলে যে, তোমালোকে জানানে অভাৱী কোন? তেওঁলোকে ক'লে যে, আমাৰ দৃষ্টিত অভাৱী হৈছে যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো সা-সামগ্ৰী নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি, যিয়ে কিয়ামতৰ দিনা বহুতো নেক আমল লৈ উপস্থিত হ'ব, যেনে- নামাজ, ৰোজা, জাকাত আদি, কিন্তু সি পৃথিৱীত কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ সন্মানহানী কৰি অপবাদ জাপি দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, কাৰোবাৰ তেজ প্ৰবাহিত কৰিছিল তথা অত্যাচাৰ কৰিছিল, কাৰোবাক অপমান কৰিছিল তথা আক্ৰমণ কৰিছিল। সেয়ে তাৰ নেকীসমূহৰ পৰা নিৰ্যাতিত ব্যক্তিক বিনিময় হিচাপে প্ৰদান কৰা হ'ব। এতেকে যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও মানুহৰ প্ৰাপ্য আদায় নহ'ব, তেতিয়া নিৰ্যাতিত ব্যক্তিৰ গুনাহ লৈ তাৰ ওপৰত নিক্ষেপ কৰা হ'ব। ইয়াৰ পিছত তাক এনেকুৱা অৱস্থাত জাহান্নামত পেলাই দিয়া হ'ব যে, তাৰ ওচৰত কোনো নেকী নাথাকিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোৰ দ্বাৰা হাৰামত পতিত হোৱাৰ পৰা সতৰ্ক কৰা হৈছে। বিশেষকৈ বান্দাৰ বস্তুগত আৰু নৈতিক অধিকাৰ সম্পৰ্কীয় বিষয়ত।

বান্দাৰ অধিকাৰ পৰস্পৰ বাদ-বিবাদ তথা মনোমালিন্যৰ ওপৰত নিৰ্ভৰ কৰে, আনহাতে সৃষ্টিকৰ্তাৰ অধিকাৰ শ্বিৰ্ক বাদে ক্ষমাৰ ওপৰত নিৰ্ভৰ কৰে।

শিক্ষা আৰু দিশ-নিৰ্দেশনাৰ ক্ষেত্ৰত আকৰ্ষণীয় বাৰ্তালাপ পদ্ধতি ব্যৱহাৰ কৰা উচিত, যাতে শ্ৰোতাৰ দৃষ্টি আকৰ্ষণ হয় আৰু তাৰ আগ্ৰহ জগাই তোলে।

হাদীছটোত প্ৰকৃত অভাৱীৰ বৰ্ণনা দিয়া হৈছে। ইয়াৰ দ্বাৰা সেই ব্যক্তিক বুজোৱা হৈছে, কিয়ামতৰ দিনা যাৰ নেক আমলসমূহ প্ৰাপ্যকসকলে লৈ ল'ব।

আখিৰাতত তাৰ সকলো নেকীৰ দ্বাৰা ধাৰ পৰিশোধ কৰা হ'ব পাৰে। অৱশেষত তাৰ কোনো নেকী নাথাকিব।

সৃষ্টিৰ সৈতে আল্লাহৰ আচৰণ সদায় ন্যায় আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত।

সম্পাদক

ছহীহ মুছলিম (4/ 1997) (2581).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 312).

نزهة المتقين شرح رياض الصالحين.

مجموعة من الباحثين (1/ 241).

شرح رياض الصالحين.

لابن عثيمين (2/ 527).