তোমালোকে ছাহৰী খোৱা, কাৰণ ছাহৰীত বৰকত আছে।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"তোমালোকে ছাহৰী খোৱা, কাৰণ ছাহৰীত বৰকত আছে।"
«تَسَحَّرُوا، فَإِنَّ فِي السَّحُورِ بَرَكَةً».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত ছাহৰী খাবলৈ উৎসাহিত কৰিছে। ৰাতিৰ শেষ ভাগত ফজৰৰ আজানৰ পূৰ্বে ৰোজা ৰাখিবলৈ খোৱা আহাৰক ছাহৰী বোলে। কিয়নো ইয়াত বৰকত আছে তথা বহুতো কল্যাণ আছে আৰু আজৰ অ ছাৱাব আছে, সেইকাৰণে তেখেতে ইয়াৰ প্ৰতি উৎসাহিত কৰিছে। লগতে ৰাতিৰ শেষ ভাগত দুআ কৰাৰ আৰু ৰোজাৰ বাবে শক্তি আহৰণ কৰাৰ, সক্ৰিয়তা লাভ কৰাৰ আৰু কষ্ট লাঘৱ কৰাৰ এইটো হৈছে এটা অন্যতম উপায়।
ছাহৰী খোৱা আৰু চৰীয়তি বিধানবোৰক আমলত পৰিণত কৰা উত্তম।
ইবনে হাজাৰে তেওঁৰ 'ফাতহুল বাৰী' গ্ৰন্থত কৈছে: ছাহৰীৰ বৰকত কেইবাটাও উপায়েৰে অৰ্জন হয়। যেনে- ইয়াৰ ফলত ছুন্নতৰ অনুসৰণ হয়, আহলে কিতাবৰ বিৰোধিতা হয়, ইবাদত কৰিবলৈ শক্তি অৰ্জন হয়, কৰ্ম চাঞ্চল্য বৃদ্ধি হয়, ভোকৰ তাড়নাত উপন্ন হোৱা বেয়া স্বভাৱ প্ৰতিৰোধ হয়, দান-খয়ৰাত কৰাৰ সুযোগ লাভ হয়, অথবা একেলগে বহি খোৱাৰ সুযোগ লাভ হয়, বৰকতময় সময়ত জিকৰ-আজকাৰ আৰু দুআ কৰাৰ সুযোগ পোৱা যায়, এইদৰে যিয়ে টোপনি যোৱাৰ আগত ৰোজাৰ নিয়্যত কৰিবলৈ পাহৰি গৈছে, ছাহৰী খাবলৈ উঠিলে নিয়্যত কৰাৰ সুযোগ লাভ হয়।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বোত্তম পদ্ধতিৰে শিকাইছিল, সেয়ে তেখেতে ইয়াত বিধান বৰ্ণনাৰ লগতে ইয়াৰ হিকমত তথা ৰহস্যও বৰ্ণনা কৰিছে। যাতে অন্তৰ প্ৰশস্ত হয় আৰু চৰীয়তৰ উচ্চ মৰ্যাদা বুজিব পৰা যায়।
ইবনে হাজাৰে কৈছেঃ খাদ্য দ্ৰৱ্য আৰু পানীয় বস্তুৰ পৰা কিছু পৰিমাণে খালেই ছাহৰী হৈ যায়।
ছহীহ বুখাৰী (3/ 29) (1923).
ছহীহ মুছলিম (2/ 770) (1095).
অধিক (4)
تيسير العلام.
لعبد الله البسام (ص317).
تنبيه الأفهام شرح عمدة الإحكام.
لابن عثيمين (3/ 416).
গ্ৰন্থসমূহত উল্লেখিত
8 গ্ৰন্থসমূহঅধিক (8)
- أسئلة وأجوبة عن شهر رمضان للصغار، ولا يستغني عنها الكبار«تَسَحَّرُوا؛ فَإِنَّ فِي السَّحُورِ بَرَكَةً»
- الصيام ومجموعة أسئلة في أحكامه«تَسَحَّرُوا فَإِنَّ فِي السَّحُورِ بَرَكَةً»[47].
- المنتقى من المتجر الرابح في ثواب العمل الصالح - المعتمدالمنتقى من المتجر الرابح في ثواب العمل الصالح“تسحروا؛ فإن في السحور بركة”.
- تطبيق القرآن والأذكارسنن الصيام (تسحروا فإن في السحور بركة)[1].
- سنن الصيام - من كتاب الفقه الميسرسنن الصيام(تسحروا فإن في السحور بركة)[1].
- مجموعة زاد الفقه (3)الفقه 3«تسحَّروا فإنَّ في السحُور بركةً»
- من أحكام الصيام«تَسَحَّرُوا؛ فَإِنَّ فِي السَّحُورِ بَرَكَةً» [16].
- نبراس طالب (3)نبراس طالب 3«تَسَحَّرُوا؛ فَإِنَّ فِي السَّحُورِ بَرَكَةً»