Skip to content

যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।

«مَنْ يَقُمْ لَيْلَةَ الْقَدْرِ إِيمَانًا وَاحْتِسَابًا غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ»

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহ দিনত হ'বলগীয়া লাইলাতুল কদৰৰ গুৰুত্ব উল্লেখ কৰিছে যে, যিয়ে ইয়াৰ প্ৰতি ঈমান পোষণ কৰি আৰু ইয়াৰ ফজিলতক বিশ্বাস কৰি এই ৰাতিত নামাজ পঢ়িব, দুআ কৰিব আৰু কোৰআন তিলাৱত কৰিব, লগতে জিকৰ-আজকাৰ কৰিব আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব কামনা কৰিব, যদি এইবোৰ তেওঁ নাম অৰ্জন কৰিবলৈ অথবা লোকক দেখুৱাবলৈ নকৰে তেন্তে তেওঁৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া হ'ব।

শব্দাৰ্থ

إيمانًا: تصديقًا بالله وبوعده.

احتسابًا: طلبًا للثواب والأجر من الله عز وجل.

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত কদৰৰ ৰাতিৰ ফজিলত বৰ্ণিত হৈছে আৰু সেই ৰাতি কিয়াম কৰাৰ (অৰ্থাৎ চালাত আদায় কৰাৰ) প্রতি উৎসাহ দিয়া হৈছে।

সঠিক নিয়্যত অবিহনে নেক আমল গ্ৰহণযোগ্য নহয়।

এইটো আল্লাহৰ অনুগ্ৰহ আৰু দয়া যে, যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।

সম্পাদক

ছহীহ বুখাৰী (1/ 16) (35).

ছহীহ মুছলিম (1/ 523) (760).

(2/ 846).

অধিক (10)

كنوز رياض الصالحين.

لمجموعة من الباحثين (14/ 435).

بهجة الناظرين.

لسليم الهلالي (2/ 337).

نزهة المتقين.

شرح النووي على مسلم (6/ 40).

شرح رياض الصالحين.

لابن عثيمين (5/ 220).

شرح صحيح البخاري.

لابن بطال (4/ 21).