মোৰ পূৰ্বে আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই নবীৰেই তেওঁৰ উম্মতৰ মাজৰ পৰা হাৱাৰী তথা সংগী আছিল। তেওঁলোকে তেওঁৰ ছুন্নতৰ ওপৰত আমল কৰিছিল আৰু তেওঁৰ আদেশ পালন কৰিছিল।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোৰ পূৰ্বে আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই নবীৰেই তেওঁৰ উম্মতৰ মাজৰ পৰা হাৱাৰী তথা সংগী আছিল। তেওঁলোকে তেওঁৰ ছুন্নতৰ ওপৰত আমল কৰিছিল আৰু তেওঁৰ আদেশ পালন কৰিছিল। ইয়াৰ পিছত সিহঁতৰ মাজত এনেকুৱা অপদাৰ্থ লোকৰ জন্ম হৈছিল, যিসকলে এনেকুৱা কথা কৈছিল যিবোৰ সিহঁতে নিজে কৰা নাছিল, আৰু এনেকুৱা কাম কৰিছিল যিটো সিহঁতক নিৰ্দেশ দিয়া হোৱা নাছিল। এতেকে যিয়ে সিহঁতৰ সৈতে হাতৰ দ্বাৰা জিহাদ কৰিব, তেওঁ হৈছে মুমিন। যিয়ে সিহঁতৰ সৈতে জিভাৰ দ্বাৰা জিহাদ কৰিব, তেৱোঁ হৈছে মুমিন। যিয়ে সিহঁতৰ সৈতে অন্তৰেৰে জিহাদ কৰিব, তেৱোঁ হৈছে মুমিন। ইয়াৰ বাহিৰে সৰিয়হৰ দানা পৰিমাণো ঈমানৰ কোনো স্তৰ নাই।"
«مَا مِنْ نَبِيٍّ بَعَثَهُ اللهُ فِي أُمَّةٍ قَبْلِي إِلَّا كَانَ لَهُ مِنْ أُمَّتِهِ حَوَارِيُّونَ، وَأَصْحَابٌ يَأْخُذُونَ بِسُنَّتِهِ وَيَقْتَدُونَ بِأَمْرِهِ، ثُمَّ إِنَّهَا تَخْلُفُ مِنْ بَعْدِهِمْ خُلُوفٌ يَقُولُونَ مَا لَا يَفْعَلُونَ، وَيَفْعَلُونَ مَا لَا يُؤْمَرُونَ، فَمَنْ جَاهَدَهُمْ بِيَدِهِ فَهُوَ مُؤْمِنٌ، وَمَنْ جَاهَدَهُمْ بِلِسَانِهِ فَهُوَ مُؤْمِنٌ، وَمَنْ جَاهَدَهُمْ بِقَلْبِهِ فَهُوَ مُؤْمِنٌ، وَلَيْسَ وَرَاءَ ذَلِكَ مِنَ الْإِيمَانِ حَبَّةُ خَرْدَلٍ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, তেখেতৰ পূৰ্বে অতীত হোৱা উম্মতসমূহৰ মাজত আল্লাহে যি নবীয়েই প্ৰেৰণ কৰিছে, সেই উম্মতৰ পৰা তেওঁৰ বাবে আল্লাহে সহায়ক, মুজাহিদ আৰু নিষ্ঠাৱান লোকসকলক নিৰ্বাচন কৰিছিল। সেই নবীৰ মৃত্যুৰ পিছত তেওঁলোকে খিলাফতৰ দায়িত্ব পালন কৰিছিল। তেওঁলোকে তেওঁৰ ছুন্নত মুতাবিক আমল কৰিছিল আৰু তেওঁৰ নিৰ্দেশনাৰ অনুসৰণ কৰিছিল। এই পুণ্যৱান লোকসকল অতীত হোৱাৰ পিছত সিহঁতৰ মাজত এনেকুৱা অপদাৰ্থ লোকৰ সৃষ্টি হৈছিল, যিসকলৰ মাজত কল্যাণ বোলা একো নাছিল। সিহঁতে এনেকুৱা কথা কৈছিল, যিবোৰ সিহঁতে নিজেই আমল কৰা নাছিল, আৰু এনেকুৱা কাম কৰিছিল, যিটো সিহঁতক নিৰ্দেশ দিয়া হোৱা নাছিল। গতিকে ইহঁতৰ সৈতে যিয়ে হাতৰ দ্বাৰা জিহাদ কৰিব তাক মুমিন বুলি গণ্য কৰা হ'ব। এইদৰে যিয়ে জিভাৰে ইহঁতৰ সৈতে জিহাদ কৰিব, তাকো মুমিন বুলি গণ্য কৰা হ'ব। লগতে অন্তৰৰ দ্বাৰা যিয়ে সিহঁতৰ এইবোৰ কৰ্মক ঘৃণা কৰিব আৰু পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰিব, তাকো মুমিন হিচাপে গণ্য কৰা হ'ব। ইয়াৰ বাহিৰে সৰিয়হৰ দানা পৰিমাণো ঈমানৰ অৱকাশ নাই।
حَبَّةُ خَرْدلٍ: أي زِنَة حبَّة الخردل، والخردل نبات بري يساوي وزن حبته سدس وزن حبة الشعير.
চৰীয়ত বিৰোধী লোকসকলৰ সৈতে কথা আৰু কৰ্মৰ জৰিয়তে সংগ্ৰাম কৰিবলৈ উৎসাহিত কৰা হৈছে।
অসৎকৰ্মক অন্তৰেৰে ঘৃণা নকৰাটো হৈছে ঈমানৰ দুৰ্বলতা অথবা ঈমান নথকাৰ পৰিচয়।
নবীসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ দায়িত্বভাৰ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আল্লাহে তেওঁলোকক এই সুবিধা প্ৰদান কৰিছে।
মুক্তি কামনা কৰা প্ৰতিজন ব্যক্তিয়ে নবীসকলে দেখুৱাই দিয়া পথ অনুসৰণ কৰা উচিত। কাৰণ তেওঁলোকৰ পথৰ বাহিৰে বাকী সকলো পথ হৈছে ধ্বংস তথা ভ্ৰান্ত।
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবাসকলৰ পিছত যিমান দিন অতীত হৈছে সিমানেই মানুহে ছুন্নতসমূহ ত্যাগ কৰিছে আৰু প্ৰবৃত্তিৰ অনুসৰণ কৰিছে, তথা বিদআত সৃষ্টি কৰিছে।
হাদীছটোত জিহাদৰ পৰ্যায় উল্লেখ হৈছে। যদি হাতৰ দ্বাৰা সংশোধন কৰাৰ ক্ষমতা আছে তেন্তে হাতৰ দ্বাৰা কৰিব লাগিব, যেনে- প্ৰশাসন, ৰজা, বাদশ্বাহ আদিয়ে। কথাৰ দ্বাৰা জিহাদ হৈছে, সত্য প্ৰচাৰ কৰা আৰু সত্যৰ পিনে আহ্বান কৰা। অন্তৰৰ দ্বাৰা জিহাদ হৈছে, সেই অসৎকৰ্মটোৰ বিৰোধিতা কৰা, সেইটোক পছন্দ নকৰা আৰু তাৰ প্ৰতি সন্তুষ্ট নোহোৱা।
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা অনিবাৰ্য্য।
ছহীহ মুছলিম (1/ 69) (50).
অধিক (8)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 276).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص148).
كنوز رياض الصالحين.
لمجموعة من الباحثين (4/ 16).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 209).
গ্ৰন্থসমূহত উল্লেখিত
3 গ্ৰন্থসমূহঅধিক (3)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 2«مَا مِنْ نَبيٍّ بَعَثَهُ اللهُ فِي أمَّةٍ قَـبْـلي إلَّا كـان لَـه مِـن أُمَّتِهِ حَوارِيُّون وَأصْحابٌ يَأَخُذُون بِسُنَّتِهِ ويَقْتَدُون بِأمْرِهِ، ثُمَّ إنها تخْلُفُ مِنْ بَعْدِهِمْ خُلُوفٌ يَقُولُون مَا لاَ يَفْعَلُونَ، وَيَفْعَلُون مَ
- فهم السلف الصالح للنصوص الشرعية والرد على الشبهات حولهثم إنه تخلف من بعدهم خلوف يقولون ما لا يفعلون، ويفعلون ما لا يؤمرون"[21].
- متن اصول الإيمانمتن أصول الإيمان{ما من نبي بعثه اللَّه في أمته قبلي إلا كان له من أمته حوارِيون وأصحاب يأخذون بسنتِهِ، ويقتدون بأمْرِه، ثم إنها تخلف من بعدهم خلوفٌ يقولون ما لا يفعلون، ويفعلون ما لا يؤْمرون، فمن جاهدهم بيده فهو مؤمن، ومن جاهدهم بلسانهِ فهو مؤمن، ومن جاهده