Skip to content

“তোমালোকে (পাৰ্থিৱ বিষয়ত) তোমালোকতকৈ নিম্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰিবা, তোমালোকতকৈ উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফালে নহয়। এইটো কৰিলে বেছি উপযুক্ত যে, আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰ তোমালোকৰ দৃষ্টিত নগণ্য বুলি গণ্য নহ'ব।”

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

“তোমালোকে (পাৰ্থিৱ বিষয়ত) তোমালোকতকৈ নিম্ন শ্ৰেণীৰ ব্যক্তিৰ প্ৰতি দৃষ্টিপাত কৰিবা, তোমালোকতকৈ উচ্চ শ্ৰেণীৰ ব্যক্তিৰ ফালে নহয়। এইটো কৰিলে বেছি উপযুক্ত যে, আল্লাহে তোমালোকক যি নিয়ামত প্ৰদান কৰিছে, সেইবোৰ তোমালোকৰ দৃষ্টিত নগণ্য বুলি গণ্য নহ'ব।”

«انْظُرُوا إِلَى مَنْ أَسْفَلَ مِنْكُمْ، وَلَا تَنْظُرُوا إِلَى مَنْ هُوَ فَوْقَكُمْ، فَهُوَ أَجْدَرُ أَلَّا تَزْدَرُوا نِعْمَةَ اللهِ عَلَيْكُمْ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিৰ্দেশ দিছে যে, মুছলিম ব্যক্তিয়ে দুনিয়াৱী ক্ষেত্ৰত, ধন-সম্পদ, পদ-মৰ্যাদা আদিৰ ক্ষেত্ৰত নিজতকৈ নিম্ন শ্ৰেণীৰ লোকৰ ফালে চোৱা উচিত। এইবোৰ ক্ষেত্ৰত নিজতকৈ উচ্চ শ্ৰেণীৰ লোকৰ প্ৰতি মনোযোগ দিয়া উচিত নহয়। কাৰণ নিজতকৈ নিম্ন শ্ৰেণীৰ লোকৰ ফালে দৃষ্টিপাত কৰিলে আল্লাহে যি নিয়ামত প্ৰদান কৰিছে তাৰ গুৰুত্ব বুজা যাব, তথা সেইবোৰ নিয়ামতক তুচ্ছ জ্ঞান কৰাৰ পৰা বিৰত থাকিব পৰা যাব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

নিজৰ যিখিনি আছে সেইখিনিতে সন্তুষ্টি লাভ কৰাটো হৈছে মুমিনৰ অন্যতম এটা সুউচ্চ চৰিত্ৰ। লগতে এইটো হৈছে আল্লাহে নিৰ্ধাৰণ কৰা তাক্বদীৰৰ প্ৰতি সন্তুষ্টি প্ৰকাশৰ অন্যতম এটা প্ৰতীক।

ইবনু জাৰীৰ ৰাহিমাহুল্লাহে কৈছেঃ এই হাদীছটো হৈছে বিভিন্ন কল্যাণমূলক এটা জামে হাদীছ। কাৰণ মানুহে যেতিয়া আনৰ ওচৰত থকা পাৰ্থিৱ জীৱনৰ সা-সম্পত্তিৰ উভৈনদী পৰিৱেশ দেখা পায়, তেতিয়া সেইবোৰ নিজৰ বাবেও কামনা কৰে, আৰু নিজৰ ওপৰত থকা আল্লাহৰ নিয়ামতবোৰক তুচ্ছ বুলি জ্ঞান কৰে। সি তেতিয়া অধিক পাবলৈ পৰিশ্ৰমৰ ওপৰত পৰিশ্ৰম কৰে, অথবা তাৰ সমান হ'বলৈ আপ্ৰাণ চেষ্টা কৰে। এইটোৱে হৈছে অধিকাংশ মানুহৰ অৱস্থা। আনহাতে যদি সি নিজতকৈ নিম্ন পৰ্যায়ৰ লোকৰ প্ৰতি দৃষ্টিপাত কৰে, তেন্তে নিশ্চয় তেওঁৰ ওচৰত এইটো স্পষ্ট হৈ পৰিব যে, আল্লাহে তাক যি নিয়ামত প্ৰদান কৰিছে সেইটো বহুতৰে নাই। ফলত সি আল্লাহৰ চুকৰিয়া আদায় কৰিব আৰু বিনীত হ'ব, আৰু কল্যাণৰ কামত মনোযোগ দিব।

সম্পাদক

ছহীহ বুখাৰী (8/ 102) (6490).

ছহীহ মুছলিম (4/ 2275) (2963).

অধিক (10)

كنوز رياض الصالحين.

لمجموعة من الباحثين (7/ 261).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 534).

تطريز رياض الصالحين.

لفيصل آل مبارك (ص316).

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 287).

منحة العلام شرح بلوغ المرام.

لعبد الله الفوزان (10/ 17).