Skip to content

পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।

আবুল আব্বাছ ছাহল ইবনে ছা'দ আচ-ছা'ইদী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক’লে: হে আল্লাহৰ ৰাছুল! মোক এনেকুৱা কোনো কামৰ উপদেশ দিয়ক যিটো কৰিলে আল্লাহে মোক ভাল পাব আৰু মানুহেও মোক ভাল পাব। তেতিয়া তেখেতে ক'লেঃ

"পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।"

«ازْهَدْ فِي الدُّنْيَا يُحِبُّكَ اللَّهُ، وَازْهَدْ فِيمَا عِنْدَ النَّاسِ يُحِبُّكَ النَّاسُ».

ইবনে মাজাহ আৰু অন্যান্যসকলে হাছান ছনদৰ সৈতে বৰ্ণনা কৰিছে।
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান।
ব্যাখ্যা

হাদীছটোত বৰ্ণিত হৈছে যে, এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দিশ-নিৰ্দেশনা বিচাৰি ক'লে যে, তেখেতে তেওঁক এনেকুৱা এটা আমল সম্পৰ্কে জনাব লাগে যিটো কৰিলে আল্লাহেও ভাল পাব আৰু মানুহেও তেওঁক ভাল পাব। ইয়াৰ উত্তৰত তেখেতে তেওঁক ক'লেঃ তুমি যদি পাৰ্থিৱ জীৱনৰ সেইবোৰ বস্তু পৰিত্যাগ কৰা, যিবোৰ বস্তুৰ আখিৰাতত কোনো প্ৰয়োজন নাই, তথা অলাগতীয়াল অনৰ্থক বস্তুবোৰ পৰিত্যাগ কৰা, লগতে সেইবোৰ বস্তু পৰিত্যাগ কৰা যিবোৰ দ্বীনি ক্ষেত্ৰত ক্ষতিকৰ, তেন্তে আল্লাহে তোমাক ভাল পাব। এইদৰে মানুহে তোমাক ভাল পাব তেতিয়া, যেতিয়া তুমি সিহঁতৰ হাতত থকা ধন-সম্পদৰ প্ৰতি লোভ নাৰাখিবা। কিয়নো মানুহে স্বভাৱগতভাৱে নিজৰ সম্পদক ভাল পায়। গতিকে যিয়ে সিহঁতৰ সম্পদৰ প্ৰতি লোভ ৰাখে, তাক মানুহে ভাল নাপায়। যিয়ে ইয়াক পৰিত্যাগ কৰে তাক সিহঁতে ভাল পায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

পাৰ্থিৱ জীৱনৰ লোভ-লালসা নিয়ন্ত্ৰণ কৰাৰ গুৰুত্ব। অৰ্থাৎ এনেকুৱা সকলো বিষয় পৰিত্যাগ কৰা উচিত যিবোৰ আখিৰাতত কোনো কামত নাহিব।

(الورع)তকৈ (الزهد)ৰ মৰ্যাদা বেছি। কাৰণ (الورع) হৈছে ক্ষতিকৰ বিষয় পৰিত্যাগ কৰা। আনহাতে (الزهد) হৈছে সেইবোৰ বস্তু পৰিত্যাগ কৰা, যিবোৰ আখিৰাতত কোনো উপকাৰ নকৰিব।

ছিন্ধীয়ে কৈছেঃ মানুহৰ দৃষ্টিত পাৰ্থিৱ জীৱনৰ সকলো সম্পদ প্ৰিয়। গতিকে যিয়ে সিহঁতৰ সেই সম্পদৰ প্ৰতি লোভ পোষণ কৰে, তাক সিহঁতে সেই অনুপাতে ঘৃণা কৰে। আনহাতে যিয়ে সিহঁতৰ সম্পদৰ প্ৰতি লোভ নাৰাখে, তাক সিহঁতে সেই অনুপাতে প্ৰিয়পাত্ৰ কৰি লয়।

সম্পাদক

ছুনান ইবনে মাজাহ (5/ 225) (4102).

অধিক (7)

আল-আৰবাউন আন-নাবাৱিয়্যাহ। (ص118) (ح31).

التحفة الربانية في شرح الأربعين حديثًا النووية (ص73).

فتح القوي المتين في شرح الأربعين وتتمة الخمسين (ص111).

الفوائد المستنبطة من الأربعين النووية.

للشيخ عبد الرحمن البراك (ص87).

الأحاديث الأربعون النووية وعليها الشرح الموجز المفيد.

لعبد الله بن صالح المحسن (1/61).