Skip to content

নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।

কাআব বিন উজৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।"

«مُعَقِّبَاتٌ لَا يَخِيبُ قَائِلُهُنَّ -أَوْ فَاعِلُهُنَّ- دُبُرَ كُلِّ صَلَاةٍ مَكْتُوبَةٍ، ثَلَاثٌ وَثَلَاثُونَ تَسْبِيحَةً، وَثَلَاثٌ وَثَلَاثُونَ تَحْمِيدَةً، وَأَرْبَعٌ وَثَلَاثُونَ تَكْبِيرَةً».

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা দুআ শিকাইছে, যিটো পাঠ কৰিলে সেই ব্যক্তি বঞ্চিত নহয়। বৰং তাক ছোৱাব প্ৰদান কৰা হয়। সেই দুআটো ফৰজ নামাজৰ পিছত পাঠ কৰিব লাগে। সেয়া হৈছেঃ ছুবহানাল্লাহ ৩৩ বাৰ। অৰ্থাৎ আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা। আলহামদুলিল্লাহ ৩৩ বাৰ। ইয়াৰ অৰ্থ হৈছে, মুহাব্বত আৰু সন্মান সহকাৰে মহান আল্লাহৰ পূৰ্ণাংগ গুণাৱলী স্বীকাৰ কৰি তেওঁৰ প্ৰশংসা কৰা। আল্লাহু আকবাৰ ৩৪ বাৰ। অৰ্থাৎ আল্লাহ মহান। সকলো বস্তুতকৈ তেওঁৰ সত্ত্বা সৰ্বোৎকৃষ্ট সৰ্বোচ্চ।

শব্দাৰ্থ

...:

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত তাছবীহ, তাকবীৰ আৰু তাহমীদৰ ফজিলত বৰ্ণিত হৈছে। এইবোৰে হৈছে চিৰস্থায়ী নেক আমল।

সম্পাদক

ছহীহ মুছলিম (1/ 418) (596).

অধিক (10)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 501).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 976).

مرقاة المفاتيح شرح مشكاة المصابيح.

لعلي القاري (2/ 766).

تيسير العلام.

للبسام (ص227).

فيض القدير شرح الجامع الصغير.

لزين الدين المناوي (5/ 525).