Skip to content

ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।

كَانَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا دَخَلَ الْعَشْرُ أَحْيَا اللَّيْلَ، وَأَيْقَظَ أَهْلَهُ، وَجَدَّ وَشَدَّ الْمِئْزَرَ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

ৰমাজান মাহৰ শেষ দশক আৰম্ভ হোৱাৰ লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে গোটেই ৰাতি বিভিন্ন ধৰণৰ ইবাদত কৰি পাৰ কৰিছিল। আনকি নামাজৰ বাবে তেখেতৰ পৰিয়ালবৰ্গকো সজাগ কৰিছিল। সাধাৰণতে কৰা ইবাদতকৈ আৰু অধিক ইবাদত কৰিবলৈ তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল। স্ত্ৰীসকলৰ পৰা দূৰত্ব অৱলম্বন কৰি ইবাদতৰ বাবে অধিক সময় উলিয়াইছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

ফজীলতপূৰ্ণ সময়খিনিক নেক আমলৰ জৰিয়তে সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।

ইমাম নাৱাৱীয়ে কৈছেঃ এই হাদীছটোৰ দ্বাৰা প্ৰমাণিত হয় যে, ৰমাজান মাহৰ শেষ দশকত বেছি বেছি ইবাদত কৰাটো মুস্তাহাব। লগতে ইবাদত কৰি ৰাতি জাগৰণ কৰাটো পছন্দনীয়।

বান্দাই নিজৰ পৰিয়ালবৰ্গকো ইবাদতৰ নিৰ্দেশ দিয়াৰ ক্ষেত্ৰত আগ্ৰহী হোৱা উচিত। লগতে এই ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰা উচিত।

কল্যাণকৰ কামৰ বাবে দৃঢ় সংকল্প আৰু ধৈৰ্য্যৰ প্ৰয়োজন।

ইমাম নাৱাৱীয়ে কৈছেঃ (شدّ المِئزر) হাদীছৰ এই শব্দটোৰ অৰ্থৰ ক্ষেত্ৰত উলামাসকলৰ মাজত মতানৈক্য আছে। কিছুমানে কৈছেঃ ইয়াৰ অৰ্থ হৈছে ইবাদতৰ ক্ষেত্ৰত অধিক পৰিশ্ৰম কৰা, অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সাধাৰণতে কৰা পৰিশ্ৰমতকৈ অধিক পৰিশ্ৰম কৰিছিল। ইয়াৰ আন এটা অৰ্থ হৈছে, ইবাদতৰ বাবে কঁকাল বান্ধি লোৱা আৰু সম্পূৰ্ণৰূপে ইবাদতত মনোযোগ দিয়া। যেনে- কোৱা হয় যে, মই এইটো কামত কঁকাল বান্ধি নামিছোঁ। এইদৰে কিছুমানে কৈছে যে, এইটো হৈছে এটা ৰূপক শব্দ, যাৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্ত্ৰীসকলৰ পৰা দূৰত্ব অৱলম্বন কৰি ইবাদতত মচগুল হোৱাৰ প্ৰতি ইংগিত কৰিছে।

সম্পাদক

ছহীহ বুখাৰী (3/ 47) (2024).

ছহীহ মুছলিম (2/ 832) (1174).

অধিক (4)

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (1/ 132).

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (1/ 181).