আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে
নাওৱাছ বিন ছামআন আনচাৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহে সঠিক সৰল তথা পোন পথৰ এটা দৃষ্টান্ত দাঙি ধৰিছে: যিটো পথক দুয়োফালে দুখন বেৰেৰে আগুৰি আছে, দুয়োখন বেৰত কেইবাখনো খোলা দুৱাৰ আছে যিবোৰ পৰ্দাৰে আবৃত। পথৰ আৰম্ভণিতে এজন আহ্বানকাৰীয়ে (লোকসকলক) আহ্বান কৰি কয়- হে লোকসকল, তোমালোক সকলোৱে পোন পথেৰে আগুৱাই যোৱা, পথৰ পৰা বিচ্যুত নহ’বা তথা বক্ৰপথ অৱলম্বন নকৰিবা। আনহাতে সেই পথৰ ওপৰতো আছে এজন আহ্বানকাৰী, যেতিয়াই কোনো ব্যক্তিয়ে সেই দুৱাৰসমূহৰ যিকোনো এখন খুলিব বিচাৰে তেতিয়াই তেওঁ সেই ব্যক্তিক সকীয়াই দি কয়: সৰ্বনাশ! ‘ধিক তোমাৰ ওপৰত! এইখন নুখুলিবা, কিয়নো খুলিলেই তাত প্ৰৱেশ কৰিবা (আৰু পথভ্ৰষ্ট হৈ যাবা)।' (ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰ ব্যাখ্যা কৰি কৈছে) পথটোৰ দ্বাৰা বুজোৱা হৈছে ইছলামক, দেৱাল দুখনৰ দ্বাৰা বুজোৱা হৈছে আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা, আৰু উন্মুক্ত দুৱাৰৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ নিষেধকৃত বস্তুবোৰক। পথৰ আৰম্ভণিত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ কিতাবক, আনহাতে পথৰ ওপৰত থকা আহ্বানকাৰীৰ দ্বাৰা বুজোৱা হৈছে প্ৰতিজন মুছলিমৰ হৃদয়ত থকা আল্লাহৰ ফালৰ পৰা নিয়োজিত উপদেষ্টাক।
«ضَرَبَ اللهُ مَثَلًا صِرَاطًا مُسْتَقِيمًا، وَعَلَى جَنْبَتَيْ الصِّرَاطِ سُورَانِ، فِيهِمَا أَبْوَابٌ مُفَتَّحَةٌ، وَعَلَى الْأَبْوَابِ سُتُورٌ مُرْخَاةٌ، وَعَلَى بَابِ الصِّرَاطِ دَاعٍ يَقُولُ: أَيُّهَا النَّاسُ، ادْخُلُوا الصِّرَاطَ جَمِيعًا، وَلَا تَتَعَرَّجُوا، وَدَاعٍ يَدْعُو مِنْ فَوْقِ الصِّرَاطِ، فَإِذَا أَرَادَ يَفْتَحُ شَيْئًا مِنْ تِلْكَ الْأَبْوَابِ، قَالَ: وَيْحَكَ لَا تَفْتَحْهُ، فَإِنَّكَ إِنْ تَفْتَحْهُ تَلِجْهُ، وَالصِّرَاطُ الْإِسْلَامُ، وَالسُّورَانِ: حُدُودُ اللهِ، وَالْأَبْوَابُ الْمُفَتَّحَةُ: مَحَارِمُ اللهِ، وَذَلِكَ الدَّاعِي عَلَى رَأْسِ الصِّرَاطِ: كِتَابُ اللهِ، وَالدَّاعِي مِنِ فَوْقَ الصِّرَاطِ: وَاعِظُ اللهِ فِي قَلْبِ كُلِّ مُسْلِمٍ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, মহান আল্লাহে পোন তথা সৰল পথৰ জৰিয়তে ইছলামৰ এটা উদাহৰণ দাঙি ধৰিছে, যি পথত কোনো বক্ৰতা নাই। যিটো পথৰ দুয়োকাষে দেৱাল আছে, যি দেৱালে দুয়ো ছাইডক আগুৰি আছে, সেই দেৱাল দুখন হৈছে আল্লাহৰ সীমাৰেখা। দুয়োখন দেৱালত কিছুমান উন্মুক্ত দুৱাৰ আছে, সেইবোৰ হৈছে আল্লাহে নিষেধ কৰা বিষয়সমূহ। সেই দুৱাৰসমূহত আঁৰি থোৱা আছে পৰ্দা, যাৰ ফলত অহা যোৱা কৰা লোকসকলে গম নাপায় ভিতৰত কি আছে। পথৰ আৰম্ভণিতে আছে এজন আহ্বায়ক, যিয়ে মানুহক সতৰ্ক কৰে আৰু সিহঁতক সঠিক পথৰ দিশনিৰ্দেশনা দিয়ে আৰু সিহঁতক কয়ঃ এই পোন পথেৰে যোৱা, সোঁৱে বাওঁৱে যোৱাৰ চেষ্টা নকৰিবা। এই আহ্বায়কৰ দ্বাৰা বুজোৱা হৈছে আল্লাহৰ কিতাবক। সেই পথৰ ওপৰতো আছে এজন আহ্বায়ক, যেতিয়াই কোনো ব্যক্তিয়ে সেই দুৱাৰসমূহৰ পৰ্দা গুচাই চাব বিচাৰে তেতিয়াই তেওঁ তাক ভৰ্ৎসনা কৰি কয়ঃ সৰ্বনাশ, ধিক তোমাৰ প্ৰতি, সেইটো নুখুলিবা, খুলিলেই তাত সোমাই যাবা, নিজকে ৰক্ষা কৰিব নোৱাৰিবা। এই আহ্বায়কৰ দ্বাৰা বুজোৱা হৈছে প্ৰতিজন মুমিনৰ অন্তৰত থকা সেই চেতনাক, যি চেতনাই তাক পাপকৰ্মৰ পৰা বিৰত ৰখাৰ উপদেশ দিয়ে।
...:
ইছলামেই হৈছে সত্য ধৰ্ম, আৰু সেইটোৱে হৈছে সৰল পথ, যি পথে আমাক জান্নাতলৈ লৈ যায়।
আল্লাহে হালাল হাৰামৰ জৰিয়তে যি সীমাৰেখা নিৰ্ধাৰণ কৰিছে সেইটোক মজবুতভাৱে পালন কৰা অনিবাৰ্য, এইক্ষেত্ৰত অৱহেলা কৰিলেই ধ্বংস।
হাদীছটোত পৱিত্ৰ কোৰআনৰ গুৰুত্ব বৰ্ণিত হৈছে, আৰু সেইমতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে। কাৰণ ইয়াৰ ভিতৰত আছে, হিদায়ত, নূৰ আৰু সফলতা।
বান্দাসকলৰ প্ৰতি আল্লাহ অতি দয়ালু, সেইকাৰণেই তেওঁ মুমিন বান্দাসকলৰ অন্তৰত এনেকুৱা এটা চেতনা দিয়ে, যি চেতনাই তেওঁলোকক ধ্বংসাত্মক কৰ্মৰ পৰা তথা পাপকৰ্মত লিপ্ত হোৱাৰ পৰা সতৰ্ক কৰে।
বান্দাসকলে যাতে পাপকৰ্মত অনায়েসে লিপ্ত নহয় তাৰ বাবে তেওঁ কিছুমান ব্যৱধান সৃষ্টি কৰিছে, যিবোৰে সিহঁতক বাধা দিয়ে। বান্দাসকলৰ প্ৰতি আল্লাহৰ এইটো এটা দয়া।
কোনো বিষয় স্পষ্টৰূপে বুজাবলৈ উদাহৰণ দিয়াটো হৈছে শিক্ষাৰ এটা উপায়।
ছুনান তিৰমিজী (4/ 539) (2859).
মুছনাদ আহমদ (29/ 181.
183) (17634).
অধিক (4)
جامع العلوم والحكم (2/161).
فيض القدير (4/253).
التنوير شرح الجامع الصغير (7/100).
الفتح الرباني لترتيب مسند الإمام أحمد بن حنبل الشيباني (1/ 83).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- قاموس الكبائر موسوعة الكبائر - المجموعة الأولى«ضَرَبَ اللَّهُ مَثَلًا صِرَاطًا مُسْتَقِيمًا، وَعَلَى جَنَبَتَيِ الصِّرَاطِ سُورَانِ، فِيهِمَا أَبْوَابٌ مُفَتَّحَةٌ، وَعَلَى الأَبْوَابِ سُتُورٌ مُرْخَاةٌ، وَعَلَى بَابِ الصِّرَاطِ دَاعٍ يَقُولُ: أَيُّهَا النَّاسُ، ادْخُلُوا الصِّرَاطَ جَ
- قاموس الكبائر«ضَرَبَ اللَّهُ مَثَلًا صِرَاطًا مُسْتَقِيمًا، وَعَلَى جَنَبَتَيِ الصِّرَاطِ سُورَانِ، فِيهِمَا أَبْوَابٌ مُفَتَّحَةٌ، وَعَلَى الأَبْوَابِ سُتُورٌ مُرْخَاةٌ، وَعَلَى بَابِ الصِّرَاطِ دَاعٍ يَقُولُ: أَيُّهَا النَّاسُ، ادْخُلُوا الصِّرَاطَ جَ