মানুহৰ কি হৈছে, সিহঁতে নামাজত কিয় আকাশৰ (ওপৰৰ) ফালে চাই থাকে।" তেখেতে এই কথা কঠোৰভাৱে কৈছিল। অৱশেষত তেখেতে কৈছেঃ "সিহঁতে এইটোৰ পৰা বিৰত থকা উচিত, অন্যথা সিহঁতৰ দৃষ্টি হৰণ হ'ব।
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"মানুহৰ কি হৈছে, সিহঁতে নামাজত কিয় আকাশৰ (ওপৰৰ) ফালে চাই থাকে।" তেখেতে এই কথা কঠোৰভাৱে কৈছিল। অৱশেষত তেখেতে কৈছেঃ "সিহঁতে এইটোৰ পৰা বিৰত থকা উচিত, অন্যথা সিহঁতৰ দৃষ্টি হৰণ হ'ব।"
«مَا بَالُ أَقْوَامٍ يَرْفَعُونَ أَبْصَارَهُمْ إِلَى السَّمَاءِ فِي صَلاَتِهِمْ»، فَاشْتَدَّ قَوْلُهُ فِي ذَلِكَ، حَتَّى قَالَ: «لَيَنْتَهُنَّ عَنْ ذَلِكَ أَوْ لَتُخْطَفَنَّ أَبْصَارُهُمْ».
নামাজত থকা অৱস্থাত দুআ বা কিৰাত পাঠ কৰা অৱস্থাত যিসকলে আকাশৰ ফালে চাই থাকে, সেইসকল লোকক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত সতৰ্ক কৰিছে। ইয়াৰ পিছত তেখেতে আৰু অধিক কঠোৰ সতৰ্কবাণী প্ৰদান কৰি কৈছে যে, যিয়ে এনেকুৱা কৰিব আশংকা কৰা হয় যে, সেই ব্যক্তিৰ দৃষ্টিশক্তি হৰণ হ'ব পাৰে, অৰ্থাৎ দ্ৰুতগতিত তাৰ দৃষ্টিশক্তি কাঢ়ি লোৱা হ'ব, আৰু সি গমেই নাপাব। ফলত সি দৃষ্টিশক্তিৰ নিয়ামতৰ পৰা বঞ্চিত হ'ব।
দাৱাতৰ ক্ষেত্ৰত আৰু সত্য প্ৰকাশৰ ক্ষেত্ৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো হৈছে এটা উত্তম আদৰ্শ। কিয়নো তেখেতে ইয়াত পৰিপন্থী কাম কৰা ব্যক্তিৰ নাম উল্লেখ কৰা নাই। কাৰণ তেখেতৰ উদ্দেশ্য আছিল সত্য প্ৰকাশ কৰা। লগতে ইয়াত পৰিপন্থী কাম কৰা ব্যক্তিৰ নাম উল্লেখ নকৰি তেওঁক এইটো গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে।
নামাজত আকাশৰ ফালে দৃষ্টিপাত কৰা ব্যক্তিক কঠোৰভাৱে সতৰ্ক কৰা হৈছে আৰু গুৰুত্ব সহকাৰে নিষেধ কৰা হৈছে।
আউনুল মাবুদত কৈছেঃ ইয়াৰ কাৰণ হৈছে, নামাজত যেতিয়া আকাশৰ ফালে দৃষ্টিপাত কৰা হয়, তেতিয়া কিবলাৰ পৰা ফালৰি কটা হয়, লগতে নামাজৰ অৱস্থাৰ পৰিবৰ্তন হয়।
ওপৰৰ ফালে দৃষ্টিপাত কৰাটো হৈছে নামাজৰ খুশ্বু খুজুৰ পৰিপন্থী।
নামাজৰ মহত্ব বৰ্ণিত হৈছে যে, নামাজত মুচল্লিয়ে আল্লাহৰ সন্মুখত পৰিপূৰ্ণ শিষ্টাচাৰৰ সৈতে থিয় হোৱাটো অনিবাৰ্য্য।
ছহীহ বুখাৰী (1/ 150) (750).
অধিক (8)
كشاف القناع عن متن الإقناع.
لمنصور بن يونس البهوتي (2/ 404).
توضيح الأحكام شرح بلوغ المرام.
لعبد الله البسام (2/ 101).
فتح ذي الجلال والإكرام شرح بلوغ المرام.
لابن عثيمين (1/ 587).
منار القاري شرح مختصر صحيح البخاري.
لحمزة قاسم (2/ 159).