Skip to content

তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।

মা'দান বিন আবি ত্বালহা আল-য়া'মাৰিৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ

মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আযাদকৃত দাস ছাওবানৰ সৈতে সাক্ষাৎ কৰিলোঁ। মই ক'লোঁঃ মোক এনেকুৱা এটা আমল সম্পৰ্কে জনাওক, যিটো কৰিলে আল্লাহে মোক জান্নাতত প্ৰৱেশ কৰাব। অথবা তেওঁ কৈছিল যে, মই ক'লোঁঃ আল্লাহৰ দৃষ্টিত সৰ্বাধিক উত্তম আমল কোনটো? কিন্তু তেওঁ উত্তৰ নিদিলে। মই আকৌ সুধিলোঁ, তথাপিও তেওঁ একো নক'লে। ইয়াৰ পিছত মই তৃতীয়বাৰ সুধিলোঁ, তেতিয়া তেওঁ ক'লেঃ ময়ো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিছিলোঁ, তেখেতে কৈছিলঃ "তুমি আল্লাহক বেছি বেছি ছাজদাহ কৰা, কাৰণ তুমি কৰা প্ৰতিটো ছাজদাৰ বিনিময়ত আল্লাহে তোমাৰ মৰ্যাদাৰ এটা ধাপ উন্নীত কৰিব আৰু এটাকৈ গুনাহ মাৰ্জনা কৰিব।" মা'দানে কৈছেঃ ইয়াৰ পিছত মই আবু দাৰদাৰ সৈতে সাক্ষাৎ কৰিলোঁ, তেখেতকো সেই একেই প্ৰশ্ন কৰিলোঁ, আৰু তেখেতেও সেই একেই উত্তৰ দিলে যিটো ছাওবানে দিছিল।

لَقِيتُ ثَوْبَانَ مَوْلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقُلْتُ: أَخْبِرْنِي بِعَمَلٍ أَعْمَلُهُ يُدْخِلُنِي اللهُ بِهِ الْجَنَّةَ؟ أَوْ قَالَ قُلْتُ: بِأَحَبِّ الْأَعْمَالِ إِلَى اللهِ، فَسَكَتَ. ثُمَّ سَأَلْتُهُ فَسَكَتَ. ثُمَّ سَأَلْتُهُ الثَّالِثَةَ فَقَالَ: سَأَلْتُ عَنْ ذَلِكَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «عَلَيْكَ بِكَثْرَةِ السُّجُودِ لِلَّهِ، فَإِنَّكَ لَا تَسْجُدُ لِلَّهِ سَجْدَةً، إِلَّا رَفَعَكَ اللهُ بِهَا دَرَجَةً، وَحَطَّ عَنْكَ بِهَا خَطِيئَةً» قَالَ مَعْدَانُ: ثُمَّ لَقِيتُ أَبَا الدَّرْدَاءِ فَسَأَلْتُهُ فَقَالَ لِي: مِثْلَ مَا قَالَ لِي: ثَوْبَانُ.

(মুছলিম)
ছহীহ
ব্যাখ্যা

হাদীছটোত বৰ্ণিত হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামক এনেকুৱা আমল সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল, যিটো কৰিলে জান্নাতত প্ৰৱেশ কৰিব পৰা যাব। অথবা কোনটো আমলক আল্লাহে সৰ্বাধিক ভাল পায়? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰশ্নকাৰীক কৈছিলঃ বেছি বেছি ছাজদাহ কৰা অৰ্থাৎ নামাজ পঢ়া। কাৰণ আল্লাহৰ বাবে কৰা তোমাৰ প্ৰতিটো ছাজদাৰ বিনিময়ত তোমাৰ মৰ্যাদাৰ এটাকৈ ধাপ উন্নীত হ'ব আৰু তোমাৰ এটা এটাকৈ গুনাহ ক্ষমা কৰা হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত প্ৰতিজন মুছলিমকে ফৰজ আৰু নফল নামাজৰ ক্ষেত্ৰত আগ্ৰহী হ'বলৈ উৎসাহিত কৰা হৈছে। কাৰণ যিমান নামাজ পঢ়িব সিমানে ছাজদাহ কৰিব।

হাদীছটোত চাহাবাসকলৰ বোধ আৰু জ্ঞানৰ উমান পোৱা গৈছে। কাৰণ তেওঁলোকে জানিছিল যে, আল্লাহৰ ৰহমতৰ পিছত, আমল অবিহনে জান্নাত লাভ কৰাটো সম্ভৱ নহয়।

নামাজত কৰা ছাজদাহ হৈছে মৰ্যাদা উন্নীত হোৱাৰ আৰু গুনাহ ক্ষমা হোৱাৰ অন্যতম কাৰণ।

সম্পাদক

ছহীহ মুছলিম (1/ 353) (488).

(4/ 205).

অধিক (9)

كنوز رياض الصالحين.

لمجموعة من الباحثين.

بهجة الناظرين.

لسليم الهلالي (1/ 188).

نزهة المتقين.

لمجموعة من الباحثين (1/ 137).

شرح رياض الصالحين.

لابن عثيمين (2/ 105).

شرح النووي على مسلم.