Skip to content

যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।

আবূ মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:

"যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"

«مَثَلُ الَّذِي يَذْكُرُ رَبَّهُ وَالَّذِي لاَ يَذْكُرُ رَبَّهُ، مَثَلُ الحَيِّ وَالمَيِّتِ»، ولفظ مسلم: «مَثَلُ الْبَيْتِ الَّذِي يُذْكَرُ اللهُ فِيهِ، وَالْبَيْتِ الَّذِي لَا يُذْكَرُ اللهُ فِيهِ، مَثَلُ الْحَيِّ وَالْمَيِّتِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সেই ব্যক্তি দুজনৰ মাজত পাৰ্থক্য বৰ্ণনা কৰিছে, যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে। সিহঁত দুজনৰ মাজৰ পাৰ্থক্য হৈছে মৃত আৰু জীৱিত ব্যক্তিৰ দৰে। এতেকে যিয়ে আল্লাহক স্মৰণ কৰে তেওঁ হৈছে জীৱিত ব্যক্তিৰ দৰে, যাৰ বহিৰভাগ হৈছে জীৱনৰ জ্যোতিৰে সুসজ্জিত আৰু ভিতৰভাগ হৈছে জ্ঞানৰ জ্যোতিৰে আলোকিত। ইয়াত আছে তেওঁৰ বাবে উপকাৰ। পক্ষান্তৰে যিয়ে আল্লাহক স্মৰণ নকৰে, সি হৈছে মৃত ব্যক্তিৰ দৰে, যাৰ বহিৰভাগো নিষ্ক্ৰিয় আৰু ভিতৰভাগো বাতিল, যাৰ দ্বাৰা কোনো উপকাৰ নহয়। এইদৰে সেই ঘৰকো জীৱিত বুলি আখ্যা দিয়া হৈছে, যদি ঘৰখনৰ লোকসকলে আল্লাহক স্মৰণ কৰে। অন্যথা সেইখন ঘৰ হৈছে মৃত সদৃশ। কাৰণ তাত থকা অধিবাসীসকল হৈছে আল্লাহৰ স্মৰণৰ পৰা অমোনোযোগী। ঘৰক জীৱিত মৃতৰ সৈতে তুলনা কৰাৰ দ্বাৰা তাত থকা লোকৰ অৱস্থাকহে বুজোৱা হৈছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আল্লাহক স্মৰণ কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু অমনোযোগিতাৰ পৰা সতৰ্ক কৰা হৈছে।

জিকৰ হৈছে ৰূহৰ জীৱন, যিদৰে ৰূহ হৈছে শৰীৰৰ জীৱন।

উদাহৰণৰ জৰিয়তে কোনো এটা বিষয় ভালকৈ বুজাই দিয়াটো আছিল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি।

ইমাম নাৱাৱীয়ে কৈছেঃ হাদীছটোত ঘৰত জিকৰ-আজকাৰ পাঠ কৰিবলৈ দৃষ্টি আকৰ্ষণ কৰা হৈছে। সেয়ে ঘৰত নিয়মিত জিকৰ-আজকাৰ পাঠ কৰা উচিত।

ইমাম নাৱাৱীয়ে কৈছেঃ ইয়াত এই কথা বুজা যায় যে, নেকী কৰাৰ ক্ষেত্ৰত দীৰ্ঘ আয়ু হৈছে এক প্ৰকাৰ ফজীলত স্বৰূপ। যদিও মৃত ব্যক্তিৰ বাবে আখিৰাতত কল্যাণ অপেক্ষা কৰে। কিয়নো জীৱিত ব্যক্তিয়ে এই নেক আমলৰ জৰিয়তে মৃত ব্যক্তিৰ সৈতে মিলিত হ'ব পাৰে। আনকি তাৰ নেকীও বৃদ্ধি কৰিব পাৰে।

সম্পাদক

ছহীহ বুখাৰী (8/ 86) (6407).

ছহীহ মুছলিম (1/ 539) (779).

(2/ 982).

অধিক (3)

نزهة المتقين شرح رياض الصالحين.

شرح رياض الصالحين.

لابن عثيمين (5/ 516).