Skip to content

আল্লাহে যি হিদায়ত আৰু ইল্ম প্ৰদান কৰি মোক প্ৰেৰণ কৰিছে তাৰ দৃষ্টান্ত হৈছে, এনেকুৱা প্ৰবল বৰষুণৰ দৰে যিটো পৃথিৱীত বৰ্ষণ হয়।

আবু মুছা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"আল্লাহে যি হিদায়ত আৰু ইল্ম প্ৰদান কৰি মোক প্ৰেৰণ কৰিছে তাৰ দৃষ্টান্ত হৈছে, এনেকুৱা প্ৰবল বৰষুণৰ দৰে যিটো পৃথিৱীত বৰ্ষণ হয়। তাৰে কিছুমান ভূমি উৰ্বৰ, যি ভূমিয়ে পানী শুহি লৈ প্ৰচুৰ পৰিমাণে ঘাঁহ পাত, গছ-বৃক্ষ আদি উৎপাদন কৰে, আকৌ কিছুমান ভূমি থাকে কঠিন, যি ভূমিয়ে পানী সঞ্চয় কৰি ৰাখে, পিছত আল্লাহ তাআ’লাই সেই পানীৰ দ্বাৰা মানুহৰ উপকাৰ সাধন কৰে – মানুহে নিজেও পান কৰে, পশুকো পান কৰায় আৰু তাৰ দ্বাৰা খেতি-বাতি কৰে । আকৌ কিছুমান মাটি আছে, একেবাৰে মসৃণ আৰু সমতল, এনে মাটিয়ে পানী সঞ্চয় কৰিও নাৰাখে আৰু গছ বিৰিখো উৎপাদন নহয়। এয়াই হ’ল – সেই ব্যক্তিৰ উদাহৰণ যিয়ে দ্বীনৰ জ্ঞান অৰ্জন কৰে আৰু আল্লাহ তাআ’লাই মোক দি পঠোৱা বাণীৰ দ্বাৰা উপকৃত হয়, ফলস্বৰূপে তেওঁ নিজেও শিক্ষা অৰ্জন কৰে আৰু আনকো শিকায় । এনে ব্যক্তিৰো উদাহৰণ যিজনে সেইফালে মূৰ দাঙি নাচায় আৰু আল্লাহৰ ফালৰ পৰা মোক যি হিদায়ত দি প্ৰেৰণ কৰিছে সেয়া গ্ৰহণ নকৰে।"

«مَثَلُ مَا بَعَثَنِي اللَّهُ بِهِ مِنَ الهُدَى وَالعِلْمِ كَمَثَلِ الغَيْثِ الكَثِيرِ أَصَابَ أَرْضًا، فَكَانَ مِنْهَا نَقِيَّةٌ، قَبِلَتِ المَاءَ، فَأَنْبَتَتِ الكَلَأَ وَالعُشْبَ الكَثِيرَ، وَكَانَتْ مِنْهَا أَجَادِبُ، أَمْسَكَتِ المَاءَ، فَنَفَعَ اللَّهُ بِهَا النَّاسَ، فَشَرِبُوا وَسَقَوْا وَزَرَعُوا، وَأَصَابَتْ مِنْهَا طَائِفَةً أُخْرَى، إِنَّمَا هِيَ قِيعَانٌ لاَ تُمْسِكُ مَاءً وَلاَ تُنْبِتُ كَلَأً، فَذَلِكَ مَثَلُ مَنْ فَقُهَ فِي دِينِ اللَّهِ وَنَفَعَهُ مَا بَعَثَنِي اللَّهُ بِهِ، فَعَلِمَ وَعَلَّمَ، وَمَثَلُ مَنْ لَمْ يَرْفَعْ بِذَلِكَ رَأْسًا، وَلَمْ يَقْبَلْ هُدَى اللَّهِ الَّذِي أُرْسِلْتُ بِهِ».

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

যিয়ে চৰীয়তৰ বিধি-বিধানৰ দ্বাৰা উপকৃত হয়, আৰু সেই পথত পৰিচালিত হয়, যিটো পথৰ সহায়ত লক্ষ্যত উপনীত হ'ব পৰা যায়, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত তেনেকুৱা লোকৰ উদাহৰণ দাঙি ধৰিছে। তেখেতে চৰীয়তি ইল্মক সেই ভূমিৰ সৈতে ৰিজাইছে, য'ত যথেষ্ট পৰিমাণে বৰষুণ হয়। তেখেতে এনেকুৱা ভূমিক তিনিটা ভাগত বিভক্ত কৰিছেঃ প্ৰথমঃ উৰ্বৰ বিশুদ্ধ মাটি, যি মাটিয়ে বৰষুণৰ পানী গ্ৰহণ কৰে। সেয়ে এনেকুৱা মাটি শুকান থাকক বা বোকা উভয় অৱস্থাতে উদ্ভিদ জন্মাব পাৰে। ফলত ইয়াৰ দ্বাৰা মানুহে উপকৃত হয়। দ্বিতীয়ঃ এনেকুৱা ভূমি যাৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা আছে, কিন্তু তাত কোনো উদ্ভিদ নগজে। ফলত ইয়াত কেৱল পানী সংৰক্ষিত থাকে, যাৰ দ্বাৰা মানুহে উপকৃত হয়। সেই পানী মানুহে নিজেও খায় আৰু চতুষ্পদ জন্তুকো খোৱায়, লগতে খেতি পথাৰতো ব্যৱহাৰ কৰে। তৃতীয়ঃ এনেকুৱা সমতল, মসৃণ ভূমি, যিয়ে পানী ধৰি ৰাখিব নোৱাৰে, তথা য'ত কোনো উদ্ভিদো নগজে। সেই ভূমি নিজেও পানীৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে আৰু মানুহকো উপকৃত কৰিব নোৱাৰে। এতেকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা ইল্ম আৰু হিদায়ত যিসকলে শ্ৰৱণ কৰে, তেওঁলোকৰ উদাহৰণো হৈছে অনুৰূপ ভূমিৰ দৰে। প্ৰথমঃ এনেকুৱা আলিম, যিজন আল্লাহৰ দ্বীন সম্পৰ্কে গভীৰ জ্ঞানৰ অধিকাৰী। যিয়ে সেই ইল্ম অনুসৰি আমল কৰে, আৰু আনকো শিক্ষা দিয়ে। তেওঁৰ উদাহৰণ হৈছে উৎকৃষ্ট ভূমিৰ দৰে, যিয়ে পানী শোষণ কৰি নিজেও উপকৃত হয় আৰু আনকো উপকৃত কৰে, য'ত ফচল আদি উৎপাদিত হয়, আৰু সেইবোৰৰ দ্বাৰা বিভিন্নজনে উপকৃত হয়। দ্বিতীয়ঃ এনেকুৱা ব্যক্তি, যিয়ে ইল্ম অৰ্জন কৰিছে কিন্তু তেওঁ ভালদৰে বুজি পোৱা নাই আৰু তেওঁ সেই ইল্মৰ দ্বাৰা মাছাইলো সমাধান কৰিব নোৱাৰে। এনেকুৱা ব্যক্তি হৈছে ইল্মৰ এজন সংগ্ৰাহক, সদায় ইল্মৰ মাজত পৰি থকাৰ পিছতো ইল্মৰ গভীৰতাত যাব পৰা নাই, তথা যি ইল্ম সংগ্ৰহ কৰিছে সেই ইল্ম বুজি পোৱা নাই। তেওঁ হৈছে বেলেগৰ বাবে এটা মাধ্যম। তেওঁৰ উদাহৰণ দিয়া হৈছে এনেকুৱা ভূমিৰ সৈতে, য'ত পানী জমা হয় আৰু সেই পানীৰ দ্বাৰা মানুহে উপকৃত হয়। তৃতীয়ঃ যিয়ে ইল্ম শুনে কিন্তু মুখস্থ নকৰে আৰু আমলো নকৰে আৰু বেলেগক শিক্ষাও নিদিয়ে। তাৰ উদাহৰণ হৈছে এনেকুৱা অনুৰ্ব্বৰ ভূমিৰ দৰে, য'ত কোনো উদ্ভিদ নগজে, যি ভূমিয়ে পানী ধৰি ৰাখিব নোৱাৰে তথা যিটো ভূমি বেলেগৰ বাবে এক প্ৰকাৰ ক্ষতিকাৰক।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

হাদীছটোত দ্বীনি জ্ঞান অৰ্জন কৰা আৰু শিক্ষা দিয়াৰ ফজীলত বৰ্ণিত হৈছে। লগতে দ্বীনি জ্ঞানৰ পৰা বিমুখ হোৱাৰ পৰা সতৰ্ক কৰা হৈছে।

মানুহক সুস্পষ্টভাৱে বুজাবলৈ উদাহৰণ দিয়া হৈছে।

কুৰতুবীয়ে কৈছেঃ যিদৰে বৰষুণে মৃত ভূমিক পুনৰজ্জীৱিত কৰে, ঠিক সেইদৰে দ্বীনি জ্ঞানেও মৃত হৃদয়ক উজ্জীৱিত কৰে। সেয়ে তেখেতে দ্বীনি জ্ঞান শ্ৰৱণ কৰা লোকসকলক বিভিন্ন ভূমিৰ সৈতে তুলনা কৰি উপমা দিছে, য'ত পানী বৰ্ষণ হয়।

দ্বীনি ইল্ম অৰ্জন কৰাৰ ক্ষেত্ৰতো মানুহৰ কেইটামান ভাগ আছে।

সম্পাদক

ছহীহ বুখাৰী (1/ 27) (79).

ছহীহ মুছলিম (4/ 1787) (2282).

অধিক (6)

بهجة الناظرين شرح رياض الصالحين.

لسليم الهلالي (2/ 464).

شرح رياض الصالحين.

لابن عثيمين (2/ 294).

نزهة المتقين شرح رياض الصالحين.

لمجموعة من الباحثين (2/ 950).