নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।
হিশ্বাম ইবনে হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ চিৰিয়াৰ কিছুমান অনাৰব খ্ৰীষ্টান লোকৰ ওচৰেদি যাওঁতে দেখিলে যে, সিহঁতক ৰ’দত থিয় কৰি ৰখা হৈছে। তেওঁ সুধিলে, “ইহঁতৰ কি হৈছে?” উত্তৰত কোৱা হ’ল, “জিজিয়া কৰ নিদিয়াৰ কাৰণে সিহঁতক আটক কৰা হৈছে।” তেতিয়া হিশ্বামে ক’লে, “মই সাক্ষ্য দিওঁ যে, নিশ্চিতভাৱে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।"
«إِنَّ اللهَ يُعَذِّبُ الَّذِينَ يُعَذِّبُونَ النَّاسَ فِي الدُّنْيَا».
হিশ্বাম ইবনু হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুমা চিৰিয়াৰ কেইজনমান অনাৰবীয়ান কৃষকৰ ওচৰেৰে গৈ আছিল, যিসকলক প্ৰচণ্ড ৰ'দত থিয় কৰি থোৱা হৈছিল। তেওঁ সিহঁতৰ অৱস্থা সম্পৰ্কে সুধিলে। তেতিয়া তেওঁক জনোৱা হ'ল যে, ইহঁতে সক্ষম হোৱা সত্ত্বেও জিজিয়া কৰ আদায় নিদিয়াৰ কাৰণে ইহঁতক এই শাস্তি বিহা হৈছে। এই কথা শুনি হিশ্বাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই সাক্ষ্য দিওঁ যে, নিশ্চয় মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছোঁ, তেখেতে কৈছেঃ নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি প্ৰদান কৰিব, যিসকলে পৃথিৱীত মানুহক অন্যায়ভাৱে শাস্তি দিয়ে।
জিজিয়া হৈছে এনে এক প্ৰকাৰ কৰ, যিটো কিতাবীসকলৰ (ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ) মাজৰ প্ৰাপ্তবয়স্ক, সামর্থ্যবান পুৰুষসকলৰ পৰা লোৱা হয়, ইছলামী ৰাষ্ট্ৰত সিহঁতৰ সুৰক্ষা আৰু বসবাসৰ বিপৰীতে এই কৰ লোৱা হয়।
বৈধ কোনো কাৰণ অবিহনে কোনো মানুহক শাস্তি বিহা হাৰাম, আনকি কাফিৰ অমুছলিমকো নহয়।
অত্যাচাৰকাৰীক অন্যায়-অত্যাচাৰৰ পৰা বিৰত ৰাখিব লাগে।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবীসকলে সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল আৰু ইয়াৰ ওপৰত অবিচল আছিল।
ইমাম নাৱাৱীয়ে কৈছে: এই হাদীছটো হৈছে অন্যায়ভাৱে শাস্তি দিয়া সংক্ৰান্তীয় হাদীছ। ইয়াৰ ভিতৰত ন্যায়সংগত শাস্তি অন্তৰ্ভুক্ত নহয়। যেনে: কিচাচ (প্ৰতিশোধমূলক শাস্তি), হদ্দ (ইছলামী আইনত নিৰ্ধাৰিত শাস্তি), তা'জীৰ (শাসনমূলক শাস্তি) ইত্যাদি।
ছহীহ মুছলিম (4/ 2018) (2613).
অধিক (10)
نزهة المتقين.
لمجموعة من الباحثين (2/ 1103).
كنوز رياض الصالحين.
لمجموعة من الباحثين (19/ 108).
بهجة الناظرين.
لسليم الهلالي (3/ 117).
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (6/ 2301).
شرح رياض الصالحين.
لابن عثيمين (6/ 295).