তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ মাজৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ জান্নাতীৰ মৰ্যাদা এনেকুৱা হ'ব যে, আল্লাহে তাক ক'বঃ তোমাৰ কি কি বিচাৰিবলগীয়া আছে বিচৰা, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ আশা-আকাংক্ষা ব্যক্ত কৰিব। তেতিয়া আল্লাহে তাক ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়। তেতিয়া আল্লাহে তাক ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।"
«إِنَّ أَدْنَى مَقْعَدِ أَحَدِكُمْ مِنَ الْجَنَّةِ أَنْ يَقُولَ لَهُ: تَمَنَّ فَيَتَمَنَّى، وَيَتَمَنَّى، فَيَقُولُ لَهُ: هَلْ تَمَنَّيْتَ؟ فَيَقُولُ: نَعَمْ، فَيَقُولُ لَهُ: فَإِنَّ لَكَ مَا تَمَنَّيْتَ وَمِثْلَهُ مَعَهُ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতত যিজন ব্যক্তি সৰ্ব নিম্ন পৰ্যায়ত থাকিব তাৰ মৰ্যাদা ইমান হ'ব যে, তাক কোৱা হ'ব, তোমাৰ যি যি ইচ্ছা আছে বিচৰা। তেতিয়া তেওঁ যি যি লাগে সেই সকলো আশা ব্যক্ত কৰিব, এইটো বিচাৰিব সেইটো বিচাৰিব। অৱশেষত তাৰ সকলো আশা আকাংক্ষা ব্যক্ত কৰা শেষ হ'ব। তেতিয়া আল্লাহে ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়, মোৰ যি যি লগা আছিল, মই সকলো বিচাৰিছোঁ। তেতিয়া আল্লাহে ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তোমাক দিয়া হ'ব, লগতে এই পৰিমাণ অতিৰিক্ত প্ৰদান কৰা হ'ব।
জান্নাতীসকলৰ মৰ্যাদা আৰু পৰ্যায় বেলেগ বেলেগ হ'ব।
হাদীছটোত আল্লাহৰ মহানতা আৰু তেওঁৰ উদাৰতা বৰ্ণিত হৈছে।
জান্নাতৰ নিয়ামতসমূহ বিশেষ কোনো বস্তুৰ মাজতে সীমিত নহয়, বৰং ইয়াত মুমিনে যিটো আশা তথা কামনা কৰিব সেইটোৱে উপস্থিত পাব। আল্লাহৰ অনুগ্ৰহ, দয়া আৰু তেওঁৰ কৃপাত সেই সকলো তেওঁলোকক প্ৰদান কৰা হ'ব।
ছহীহ মুছলিম (1/ 167) (182).
অধিক (8)
مرقاة المفاتيح شرح مشكاة المصابيح.
لعلي القاري (9/ 3585).
تطريز رياض الصالحين.
لفيصل آل مبارك (ص1090).
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (3/ 348).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 1292).