মোৰ কাৰণে আল্লাহে মোৰ উম্মতৰ অনিচ্ছাকৃত ভুল-ত্ৰুটি ক্ষমা কৰি দিছে আৰু (বান্দাৰ) সেই কৰ্ম(কো ক্ষমা কৰিছে) যিটো সি কৰিবলৈ বাধ্য হৈছে।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোৰ কাৰণে আল্লাহে মোৰ উম্মতৰ অনিচ্ছাকৃত ভুল-ত্ৰুটি ক্ষমা কৰি দিছে আৰু (বান্দাৰ) সেই কৰ্ম(কো ক্ষমা কৰিছে) যিটো সি কৰিবলৈ বাধ্য হৈছে।"
«إنَّ اللَّهَ تَجَاوَزَ لِي عَنْ أُمَّتِي الخَطَأَ وَالنِّسْيَانَ وَمَا اسْتُكْرِهُوا عَلَيْهِ».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে এই উম্মতৰ তিনিটা অৱস্থাৰ ত্ৰুটিক ক্ষমা কৰিছে। প্ৰথমঃ অজানিতে হোৱা ভুল ত্ৰুটি। অৰ্থাৎ কোনো মুছলিমে এনেকুৱা কোনো কাম কৰি পেলাইছে, যিটো কৰিবলৈ তাৰ কোনো উদ্দেশ্য নাছিল। দ্বিতীয়ঃ পাহৰি কোনো ভুল কৰিছে। অৰ্থাৎ এনেকুৱা কোনো ভুল কাম কৰিছে, যিটো কৰাৰ সময়ত মনত নাছিল, তেনে অৱস্থাতো কোনো গুনাহ নহ'ব। তৃতীয়ঃ সামৰ্থ অনুযায়ী চেষ্টা কৰা সত্ত্বেও বলপূৰ্বকভাৱে কোনো কাম কৰিবলৈ বাধ্য হোৱা, এনেকৈ বাধ্য হৈ কোনো কাম কৰিলে তাৰ কোনো গুনাহ নহ'ব। ইয়াত লক্ষ্যণীয় বিষয়টো হৈছে এই যে, হাদীছৰ আলোচ্য বিষয় হৈছে— বান্দা আৰু তাৰ প্ৰতিপালকৰ মাজত কোনো নিষিদ্ধ কাম কৰি পেলোৱা। কিন্তু যদি কোনোবাই ভুলতে ফৰজ আমল পৰিত্যাগ কৰে, তেন্তে সেইটো মাফ নহয়। এইদৰে যদি তাৰ সেই কামৰ ফলত বেলেগ কাৰোবাৰ ক্ষতি হয়, তেন্তে সেইটোও মাফ নহয়। যেনে- যদি কোনোবাই ভুলতে কাৰোবাক হত্যা কৰে, তেন্তে তাৰ ওপৰত দিয়ত (বা ৰক্তপণ) আদায় দিয়াটো আৱশ্যক হ’ব; এইদৰে যদি কোনোবাই ভুলতে কাৰোবাৰ গাড়ীৰ ক্ষতি কৰিছে, তেন্তে সি তাৰ গাড়ীৰ ক্ষতিপূৰণ দিব লাগিব।
সৰ্বশক্তিমান আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অত্যন্ত দয়াশীল। সেয়ে তেওঁ বান্দাসকলৰ এই তিনিওটা অৱস্থাত হোৱা গুনাহ ক্ষমা কৰি দিছে।
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ উম্মতৰ প্ৰতি আল্লাহ অত্যন্ত দয়ালু।
গুনাহ ক্ষমা হোৱাৰ অৰ্থ এইটো নহয় যে, বিধান অথবা জৰিমনা উঠাই লোৱা হৈছে। উদাহৰণস্বৰূপে যদি কোনোবাই অজু কৰিবলৈ পাহৰি যায় আৰু নিজকে পৱিত্ৰ বুলি ধাৰণা কৰি নামাজ পঢ়ে তেন্তে তাৰ কোনো গুনাহ নহ'ব, কিন্তু মনত পৰাৰ পিছত অজু কৰি সেই নামাজ পুনৰ পঢ়িব লাগিব।
বলপূৰ্বকভাৱে হোৱা গুনাহ ক্ষমা হোৱাৰ ক্ষেত্ৰত চৰ্ত পূৰণ হোৱাটো অনিবাৰ্য্য। উদাহৰণস্বৰূপে বাধ্য কৰা ব্যক্তিয়ে নিজৰ দাবী ধমকি প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব লাগিব।
ছুনান ইবনে মাজাহ (3/ 200) (2045).
বাইহাকীৰ আচ-ছুনানুল কুবৰা (7/ 584) (15094).
অধিক (5)
আল-আৰবাউন আন-নাবাৱিয়্যাহ। (ص127) (ح39).
التحفة الربانية في شرح الأربعين حديثًا النووية.
لإسماعيل الأنصاري (ص89).
شرح الأربعين النووية.
لابن عثيمين (ص382).
গ্ৰন্থসমূহত উল্লেখিত
7 গ্ৰন্থসমূহঅধিক (6)
- المختصر في آداب السفر وصفة الحج والعمرة وآداب الزيارة والأدعية الجامعة مع ملحق بالفتاوى والمخالفات6- فتاوى الحج والعمرة والزيارة (للحرمين)«رُفِعَ عَنْ أُمَّتِي الخَطأُ والنِّسْيانُ وَمَا اسْتُكْرِهُوا عَلَيهِ».
- سؤال وجواب حول الإسلام«رُفِعَ عن أُمَّتي الخطأَ والنِّسيانَ وما استُكْرِهوا عليهِ»
- شرح الأربعين النووية«إنَّ اللَّهَ تَجَاوَزَ لِي عَنْ أُمَّتِي الْخَطَأَ وَالنِّسْيَانَ وَمَا اسْتُكْرِهُوا عَلَيْهِ».
- صفة الحج«إِنَّ اللهَ تَجَاوَزَ عَنْ أُمَّتِي الْخَطَأَ وَالنِّسْيَانَ وَمَا اسْتُكْرِهُوا عَلَيْهِ»[33].
- فتاوى الحج والعمرة والزيارةفتاوى الحج والعمرة والزيارة (للحرمين)«رفع عن أمتي الخطأ والنسيان وما استكرهوا عليه».
- مجموعة زاد التفسير (1)التفسير 1«إِنَّ اللَّهَ وَضَعَ عَنْ أُمَّتِى الْخَطَأَ وَالنِّسْيَانَ وَمَا اسْتُكْرِهُوا عَلَيْهِ» .